--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে দেওবাৰে পুৱা নতুন দিল্লীত  ঐতিহাসিক চেঙ্গোল স্থাপনৰ জড়িয়তে  নতুন সংসদ ভৱনটো উদ্বোধন কৰে । পৰম্পৰাগত পোছাক পৰিধান কৰি মোদীয়ে নতুন সংসদ ভৱনৰ  ১ নং গেটৰ পৰা সংসদ ভৱন চৌহদলৈ যায়। 

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁক আদৰণি জনাই নতুন সংসদ ভৱনৰ ভিতৰলৈ লৈ যায়। কৰ্ণাটকৰ শ্ৰীংগেৰী মঠৰ পুৰোহিতসকলৰ বৈদিক শ্লোগানৰ মাজতে প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱনটো উদ্বোধন কৰে। মোদীয়ে সাষ্টংগে প্ৰণিপাত জনাই ভগৱানক প্ৰাৰ্থনা কৰে আৰু  "গণপতি হোমাম"কাৰ্যসূচীত ভাগ লয়। প্ৰধানমন্ত্ৰীয়ে চেঙ্গোলৰ সন্মুখত প্ৰণাম কৰে আৰু তামিলনাডুৰ  পুৰোহিতসকলৰ পৰা আশীৰ্বাদ বিচাৰে। 

মোদীয়ে  "নাদেশ্বৰম"ৰ ধ্ববনিৰ  মাজত চেঙ্গোল  শোভাযাত্ৰা কৰি  লৈ গৈছিল আৰু নতুন সংসদ ভৱনত বৈদিক মন্ত্ৰ উচ্চাৰণ কৰি লোকসভা কক্ষত অধ্যক্ষৰ চকীৰ সোঁফালে এটা বিশেষ বেষ্টনীত সেয়া স্থাপন কৰে। অনুষ্ঠানটোত ৰাজনাথ সিং, অমিত শ্বাহ, এছ জয়শংকৰ, অশ্বিনী বৈষ্ণৱ, মনসুখ মাণ্ডৱিয়া,জিতেন্দ্ৰ সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয়  সভাপতি জে পি নাড্ডাকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে।

 প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা  একাংশ  শ্ৰমিকক শ্বল আৰু স্ৰশ্তিস্মাৰকেৰে  সম্বৰ্ধনা জনায়। নতুন সংসদ ভৱন উদ্বোধনী উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনাও অনুষ্ঠিত কৰা হয় । প্ৰধানমন্ত্ৰীয়ে অধ্যক্ষ আৰু আন কিছুসংখ্যক  গণ্যমান্য ব্যক্তিৰ সৈতে পিছত পুৰণি সংসদ ভৱনলৈ যায়। উল্লেখ্য কেইবাটাও বিৰোধী দলৰ বৰ্জনৰ মাজতে অনুষ্ঠানটো সুকলমে অনুষ্ঠিত কৰা হয়।  বিৰোধীয়ে  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন সংসদ ভৱন উদ্বোধন কৰিব লাগে বুলি দাবী জনাইছিল।  বিৰোধীয়ে লগতে এইবুলিও কৈছিল যে দেশ খনৰ  মুৰব্বী হিচাপে  ৰাষ্ট্ৰপতিক উদ্বোধন কৰিবলৈ আমন্ত্ৰণ কৰি সন্মান প্ৰদান কৰিব লাগিছিল। 

টাটা প্ৰজেক্টছ লিমিটেডৰ দ্বাৰা নিৰ্মাণ কৰা নতুন সংসদ ভৱনটোত ভাৰতৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে এক বিশাল সংবিধান গৃহ, সাংসদসকলৰ বাবে এটা লাউঞ্জ, এটা পুথিভঁৰাল, একাধিক সমিতিৰ কোঠা, ডাইনিং হল আৰু পৰ্যাপ্ত পাৰ্কিঙৰ স্থান ৰকা হৈছে। ত্ৰিভুজাকৃতিৰ চাৰিমহলীয়া অট্টালিকাটো ত এলেকা ৬৪,৫০০ বৰ্গ মিটাৰ এলেকাত নিৰ্মাণ কৰা হৈছে। ভৱনটোৰ তিনিখন  মুখ্য দুৱাৰ আছে - জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্মা দুৱাৰ । ভিআইপি, সাংসদ আৰু দৰ্শনাৰ্থীৰ বাবে পৃথক প্ৰৱেশদ্বাৰ ৰখা হৈছে। নতুন ভৱনটোৰ বাবে ব্যৱহৃত সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহৰণ কৰা হৈছে। ভৱনটোত ব্যৱহৃত চেগুনকাঠ মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা অনা  হৈছে।  আনহাতে   ৰাজস্থানৰ শৰ্মাথুৰাৰ পৰা ৰঙা তথা বগা শিল সংগ্ৰহ কৰা হৈছিল। ৰাষ্ট্ৰীয় ৰাজধানী খনত  লালকিল্লা আৰু হুমায়ুনৰ সমাধি নিৰ্মাণৰ বাবে বা  ৰাজস্থানৰ শৰ্মাথুৰাৰ পৰা তেনে শিল অনা হৈছিল। 

 কেশৰিয়া সেউজীয়া শিল  উদয়পুৰৰ পৰা অনা হৈছে, আজমেৰৰ ওচৰৰ লাখাৰ পৰা ৰঙা গ্ৰেনাইট আৰু বগা মাৰ্বল ৰাজস্থানৰ অম্বাজীৰ পৰা সংগ্ৰহ কৰা হৈছে। এজন বিষয়াই এই প্ৰসংগত কয়, "এক প্ৰকাৰে সমগ্ৰ দেশে একত্ৰিত হৈ গণতন্ত্ৰৰ মন্দিৰ নিৰ্মাণ কৰিছে , ইয়াত  এক শ্ৰেষ্ঠ ভাৰতৰ প্ৰকৃত আত্মা প্ৰতিফলিত হৈছে।" লোকসভা আৰু ৰাজ্যসভাৰ কক্ষসমূহত লগোৱা ফলছ  চিলিঙৰ বাবে  প্ৰয়োজন হোৱা ষ্টীলৰ গাঁথনি কেন্দ্ৰীয় শাসিত অঞ্চল দমন আৰু দিউৰ পৰা অনা  হৈছে, আনহাতে নতুন ভৱনটোৰ আচবাব মুম্বাইত তৈয়াৰ কৰা হৈছে। অশোক স্তম্ভৰ    প্ৰতীকৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ আৰু ৰাজস্থানৰ জয়পুৰৰ পৰা সংগ্ৰহ কৰা হৈছে। নতুন সংসদ ভৱনটো  নিৰ্মাণ কৰিবলৈ  হাৰিয়ানাৰ চাৰ্খি দাদৰীৰ পৰা  এম চেণ্ড নামৰ বিশেষ বালি অনা হৈছে। এম-চেণ্ডক পৰিৱেশ অনুকূল বুলি গণ্য কৰা হয়। কাৰণ ই   ডাঙৰ কঠিন শিল বা গ্ৰেনাইট গুৰি কৰি প্ৰস্তুত কৰা হয়, নদীৰ পৰা তোলা বালিৰ দৰে নহয়।

 নিৰ্মাণত ব্যৱহৃত ই ইটা হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা আহৰণ কৰা হৈছে, আনহাতে পিতল আৰু প্ৰি-কাষ্ট ট্ৰেঞ্চ গুজৰাটৰ আহমেদাবাদৰ পৰা অনা হৈছে। এউল্লেখ্য  প্ৰধানমন্ত্ৰীয়ে ২০২০ চনৰ ১০ ডিচেম্বৰত উচ্চাভিলাষী কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পৰ এক গুৰুত্বপূৰ্ণ অংশ নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল। নিৰ্মাণ কাৰ্য ২০২১ চনৰ আৰম্ভণিতে আৰম্ভ হৈছিল আৰু সম্পূৰ্ণ হ'বলৈ দুবছৰতকৈ অলপ বেছি সময় লাগিছিল। বৰ্তমানৰ সংসদ ভৱনটো ১৯২৭  চনত সম্পূৰ্ণ হৈছিল, আৰু এতিয়া ৯৬  বছৰ সম্পূৰ্ণ কৰিছে। 

সেয়ে লোকসভা আৰু ৰাজ্যসভাই চৰকাৰক সংসদৰ বাবে এটা নতুন ভৱন নিৰ্মাণ কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গৃহীত কৰিছিল। নতুন সংসদ ভৱনটো  স্বাধীন ভাৰতৰ প্ৰথমটো  সংসদ ভৱন হিচাবে পৰিগণিত হৈছে। স্বাধীনতাৰ পূৰ্বে পুৰণি সংসদ ভৱনটো কাউন্সিল হাউচ বুলি কোৱা হৈছিল, ভৱনটোত ইম্পেৰিয়েল বিধান পৰিষদ আছিল। সংসদ ভৱনটোত ১৯৫৬ চনত অধিক স্থানৰ উলিয়াবলৈ  দুটা মহলা নিৰ্মাণ কৰা হৈছিল।

 ২০০৬  চনত ভাৰতৰ ২, ৫০০ বছৰৰ সমৃদ্ধ গণতান্ত্ৰিক ঐতিহ্য প্ৰদৰ্শন কৰিবলৈ তাত এটা সংসদ সংগ্ৰহালয় নিৰ্মাণ  কৰা হৈছিল। পুৰণি সংসদ ভৱনৰ চেণ্ট্ৰেল হলত কেৱল ৪৪০ জন লোকৰ বাবে বহাৰ সুবিধা আছে। সেয়ে  দুয়োখন সদনৰ যুটীয়া বৈঠকৰ সময়ত অধিক স্থানৰ প্ৰয়োজনীয়তা তীব্ৰভাৱে অনুভৱ কৰা হৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
জোঁৱাইক ২৫ ছেকেণ্ডত ৩৫ টাতকৈ অধিক ঘোচা  মাৰিলে শহুৰৰ পৰিয়ালে! চিচিটিভিত বন্দী নৃশংসতা
অমিতা খাওক, আঁতৰত থাকিব মুখৰ বলিৰেখা
হাল বাবলৈ যোৱা মেইটেই কৃষকক বাধা কুকি দলৰ
খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে আজি ভংগ কৰিব পাৰে ২০ বছৰৰ অভিলেখ
ইজৰাইলক গৰিহণাৰ এছ চি অ'ৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিল ভাৰত
নিশাৰ ভাগত বহিঃৰাজ্যৰ গাহৰি আমদানিত নিষেধাজ্ঞা
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?