--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯ টাকৈ বিৰোধী দলৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ত নতুন দিল্লীত নতুন সংসদ ভৱন উদ্বোধন কৰিব।  এনে সময়তে চৰ্চা হৈছে চেঙ্গোলৰ বিষয়ে। চেঙ্গোল হৈছে তামিলনাডুৰ সৈতে জড়িত এটা শব্দ। এই শব্দৰ সৈতে জড়িত হৈ আছে পৰম্পৰাৰ কথা। 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰা মতে  নতুন সংসদ ভৱন ২৮ মে'ত উদ্বোধন কৰা হ'ব আৰু অধ্যক্ষৰ আসনৰ ওচৰতত 'চেঙ্গোল' ৰখা হ’ব। দৰাচলতে চেঙ্গোল হৈছে ভাৰতৰ স্বাধীনতাৰ সৈতে জড়িত  এক ঐতিহাসিক প্ৰতীক।  ব্ৰিটিছে ভাৰতৰ স্বাধীনতা ঘোষণা কৰাৰ সময়ত  চেঙ্গোলক ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল । লৰ্ড মাউণ্টবেটেনে ভাৰতক কিদৰে  ক্ষমতা হস্তান্তৰ  কৰিব সেই বিষয়ে কোনো দৃঢ় ধাৰণা নাছিল । 

সেয়ে তেওঁ  জৱাহৰ লাল নেহৰুৰ পৰা  ক্ষমতা হস্তান্তৰ কৰিবলৈ কি পৰম্পৰা বা ৰীতি-নীতি পালন কৰিব লাগিব সেই বিষয়ে জানিব বিচাৰিছিল। নেহৰুৱে দেশৰ অন্তিম গভৰ্ণৰ জেনেৰেল চি ৰাজা গোপালচাৰীৰ সৈতে বিষয়টো আলোচনা কৰি চেঙ্গোলৰ বিষয়ে অৱগত হৈছিল। আচলতে চেঙ্গোল এক তামিল পৰম্পৰা ,য'ত এগৰাকী পুৰোহিতে নতুনকৈ মুকুট পিন্ধা ৰজাক ইয়াক  প্ৰদান কৰে। ইয়াৰ পিছতে  তামিলনাডুৰ পৰা এটা চেঙ্গোল আনি সেই চেঙ্গোলৰ জড়িয়তেই ব্ৰিটিছে ভাৰতক  ক্ষমতা হস্তান্তৰকৰিছিল । 

তাৰ পিছত চেন্নাইৰ (পূৰ্বে মাদ্ৰাজ নামেৰে পৰিচিত )  অলংকাৰ বিশেষজ্ঞ  ভুম্মিদি বাঙ্গু চেট্টিয়ে চেঙ্গোল তৈয়াৰ কৰিছিল। সেই ৰাজদণ্ডৰ দৈৰ্ঘ্য প্ৰায় পাঁচ ফুট আৰু শীৰ্ষত এটা 'নন্দী' ষাঁড় আছে, যি ন্যায় আৰু নিৰপেক্ষতাৰ ধাৰণাটোক প্ৰতিনিধিত্ব কৰে। সম্প্ৰতি   চেঙ্গোল এলাহাবাদৰ এটা সংগ্ৰহালয়ত ৰখা হৈছে আৰু শীঘ্ৰে সেয়া  নতুন সংসদ ভৱনলৈ লৈ নিয়া হ'ব। উল্লেখ্য  ১৯৪৭ চনৰ ১৪ আগষ্টত ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক দিয়া হৈছিল।মোদীৰ চৰকাৰে সেই স্মৃতি পুনৰ জাগ্ৰত কৰিব বিচাৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস