--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯ টাকৈ বিৰোধী দলৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ত নতুন দিল্লীত নতুন সংসদ ভৱন উদ্বোধন কৰিব।  এনে সময়তে চৰ্চা হৈছে চেঙ্গোলৰ বিষয়ে। চেঙ্গোল হৈছে তামিলনাডুৰ সৈতে জড়িত এটা শব্দ। এই শব্দৰ সৈতে জড়িত হৈ আছে পৰম্পৰাৰ কথা। 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰা মতে  নতুন সংসদ ভৱন ২৮ মে'ত উদ্বোধন কৰা হ'ব আৰু অধ্যক্ষৰ আসনৰ ওচৰতত 'চেঙ্গোল' ৰখা হ’ব। দৰাচলতে চেঙ্গোল হৈছে ভাৰতৰ স্বাধীনতাৰ সৈতে জড়িত  এক ঐতিহাসিক প্ৰতীক।  ব্ৰিটিছে ভাৰতৰ স্বাধীনতা ঘোষণা কৰাৰ সময়ত  চেঙ্গোলক ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল । লৰ্ড মাউণ্টবেটেনে ভাৰতক কিদৰে  ক্ষমতা হস্তান্তৰ  কৰিব সেই বিষয়ে কোনো দৃঢ় ধাৰণা নাছিল । 

সেয়ে তেওঁ  জৱাহৰ লাল নেহৰুৰ পৰা  ক্ষমতা হস্তান্তৰ কৰিবলৈ কি পৰম্পৰা বা ৰীতি-নীতি পালন কৰিব লাগিব সেই বিষয়ে জানিব বিচাৰিছিল। নেহৰুৱে দেশৰ অন্তিম গভৰ্ণৰ জেনেৰেল চি ৰাজা গোপালচাৰীৰ সৈতে বিষয়টো আলোচনা কৰি চেঙ্গোলৰ বিষয়ে অৱগত হৈছিল। আচলতে চেঙ্গোল এক তামিল পৰম্পৰা ,য'ত এগৰাকী পুৰোহিতে নতুনকৈ মুকুট পিন্ধা ৰজাক ইয়াক  প্ৰদান কৰে। ইয়াৰ পিছতে  তামিলনাডুৰ পৰা এটা চেঙ্গোল আনি সেই চেঙ্গোলৰ জড়িয়তেই ব্ৰিটিছে ভাৰতক  ক্ষমতা হস্তান্তৰকৰিছিল । 

তাৰ পিছত চেন্নাইৰ (পূৰ্বে মাদ্ৰাজ নামেৰে পৰিচিত )  অলংকাৰ বিশেষজ্ঞ  ভুম্মিদি বাঙ্গু চেট্টিয়ে চেঙ্গোল তৈয়াৰ কৰিছিল। সেই ৰাজদণ্ডৰ দৈৰ্ঘ্য প্ৰায় পাঁচ ফুট আৰু শীৰ্ষত এটা 'নন্দী' ষাঁড় আছে, যি ন্যায় আৰু নিৰপেক্ষতাৰ ধাৰণাটোক প্ৰতিনিধিত্ব কৰে। সম্প্ৰতি   চেঙ্গোল এলাহাবাদৰ এটা সংগ্ৰহালয়ত ৰখা হৈছে আৰু শীঘ্ৰে সেয়া  নতুন সংসদ ভৱনলৈ লৈ নিয়া হ'ব। উল্লেখ্য  ১৯৪৭ চনৰ ১৪ আগষ্টত ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক দিয়া হৈছিল।মোদীৰ চৰকাৰে সেই স্মৃতি পুনৰ জাগ্ৰত কৰিব বিচাৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ