--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন চৰিত্ৰত দীনেশ কাৰ্তিক। ৩৮ দিনত তিনিবাৰকৈ নতুন ভূমিকাত অৱতীৰ্ণ হৈছে তেওঁ। ২৪ মে’ত তেওঁ আই পি এলৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত এই উইকেটকীপাৰ বেটছমেনক টি-২০ বিশ্বকাপত কমেণ্টেটৰ হিচাপে দেখা গ’ল। এইবাৰ তেওঁক প্ৰশিক্ষক হিচাপে দেখা যাব। আই পি এলত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু দলৰ বেটিং প্ৰশিক্ষক আৰু গুৰু।

আৰ চি বিয়ে তেওঁক বেটিং প্ৰশিক্ষকৰ লগতে দলীয় গুৰু হিচাপে গঢ়ি তুলিছে। যোৱা আই পি এলত আৰ চি বিৰ হৈ খেলি অৱসৰ লয়। কেইমাহমানৰ ভিতৰতে কাৰ্তিকক বেংগালুৰু কৰ্তৃপক্ষই নতুন কৰ্তব্য লৈ ঘূৰাই লৈ গ’ল। সোমবাৰে ছচিয়েল মিডিয়াত এই খবৰ ঘোষণা কৰে আৰ চি বিয়ে।

আৰ চি বি কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াত লিখিছে, ‘আমাৰ উইকেটকীপাৰ দীনেশ কাৰ্তিকক নতুনকৈ আদৰণি জনাইছো। নতুন অৱতাৰত পুনৰ আহি আছে আৰ চি বিলৈ। কাৰ্তিকে আৰচিবিৰ পুৰুষ দলৰ বেটিং প্ৰশিক্ষক আৰু গুৰু হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ডি কে কেক ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখিব পাৰি কিন্তু ক্ৰিকেটক তেওঁৰ পৰা আঁতৰাই ৰাখিব নোৱাৰি। আমাৰ শুভেচ্ছা আৰু মৰম।''

কাৰ্তিকে বিভিন্ন ফ্ৰেঞ্চাইজিৰ হৈ আই পি এলত মুঠ ২৫৭খন খেল খেলিছে। তেওঁ ২৬.৩২ গড়ে ৪৮৪২ ৰান সংগ্ৰহ কৰে। বেংগালুৰুৰ উপৰিও কলকাতাই কিংছ একাদশ পঞ্জাৱ, দিল্লী ডেয়াৰডেভিলছ, মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল। ৩৯ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দেশৰ হৈ ২৬খন টেষ্ট, ৯৪খন এদিনীয়া আৰু ৬০খন টি-২০ মেচ খেলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু