--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন চৰিত্ৰত দীনেশ কাৰ্তিক। ৩৮ দিনত তিনিবাৰকৈ নতুন ভূমিকাত অৱতীৰ্ণ হৈছে তেওঁ। ২৪ মে’ত তেওঁ আই পি এলৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত এই উইকেটকীপাৰ বেটছমেনক টি-২০ বিশ্বকাপত কমেণ্টেটৰ হিচাপে দেখা গ’ল। এইবাৰ তেওঁক প্ৰশিক্ষক হিচাপে দেখা যাব। আই পি এলত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু দলৰ বেটিং প্ৰশিক্ষক আৰু গুৰু।

আৰ চি বিয়ে তেওঁক বেটিং প্ৰশিক্ষকৰ লগতে দলীয় গুৰু হিচাপে গঢ়ি তুলিছে। যোৱা আই পি এলত আৰ চি বিৰ হৈ খেলি অৱসৰ লয়। কেইমাহমানৰ ভিতৰতে কাৰ্তিকক বেংগালুৰু কৰ্তৃপক্ষই নতুন কৰ্তব্য লৈ ঘূৰাই লৈ গ’ল। সোমবাৰে ছচিয়েল মিডিয়াত এই খবৰ ঘোষণা কৰে আৰ চি বিয়ে।

আৰ চি বি কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াত লিখিছে, ‘আমাৰ উইকেটকীপাৰ দীনেশ কাৰ্তিকক নতুনকৈ আদৰণি জনাইছো। নতুন অৱতাৰত পুনৰ আহি আছে আৰ চি বিলৈ। কাৰ্তিকে আৰচিবিৰ পুৰুষ দলৰ বেটিং প্ৰশিক্ষক আৰু গুৰু হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ডি কে কেক ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখিব পাৰি কিন্তু ক্ৰিকেটক তেওঁৰ পৰা আঁতৰাই ৰাখিব নোৱাৰি। আমাৰ শুভেচ্ছা আৰু মৰম।''

কাৰ্তিকে বিভিন্ন ফ্ৰেঞ্চাইজিৰ হৈ আই পি এলত মুঠ ২৫৭খন খেল খেলিছে। তেওঁ ২৬.৩২ গড়ে ৪৮৪২ ৰান সংগ্ৰহ কৰে। বেংগালুৰুৰ উপৰিও কলকাতাই কিংছ একাদশ পঞ্জাৱ, দিল্লী ডেয়াৰডেভিলছ, মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল। ৩৯ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দেশৰ হৈ ২৬খন টেষ্ট, ৯৪খন এদিনীয়া আৰু ৬০খন টি-২০ মেচ খেলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ