--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাবৰ আজমক অধিনায়ক নিযুক্তি দিয়া হোৱা নাই। তেওঁ জাতীয় দলৰ সতীৰ্থ মহম্মদ ৰিজৱানৰ নেতৃত্বত খেলিব লাগিব। পাকিস্তানৰ উইকেটকীপাৰ-বেটছমেনগৰাকীয়ে ভেংকুৱাৰ নাইটছক কানাডাৰ জিটি-টি-২০ লীগ ফ্ৰেঞ্চাইজিৰ অধিনায়ক হিচাপে নেতৃত্ব দিব৷

ৰিজৱানে কেতিয়াও পাকিস্তানৰ জাতীয় দলৰ নেতৃত্ব দিয়া নাই। কিন্তু তেওঁ পাকিস্তান ছুপাৰ লীগত মুলতান চুলতানক আগুৱাই লৈ সফলতা লাভ কৰিছিল। বাবৰৰ দৰে অভিজ্ঞ অধিনায়ক আছে দলটোৰ। অৱশ্যে কানাডাৰ ফ্ৰেঞ্চাইজিয়ে ৰিজৱানক আগন্তুক ছিজনৰ বাবে নেতৃত্বৰ ভূমিকা প্ৰদান কৰে। 

ভেংকুৱাৰ নাইটছ কৰ্তৃপক্ষই কয় যে, ‘ভেংকুভাৰ নাইটছে জিটি-২০ৰ চতুৰ্থ ছিজনৰ বাবে মহম্মদ ৰিজৱানক অধিনায়ক হিচাপে নিৰ্বাচিত কৰিছে। ৰিজৱানে নিজৰ উৎকৃষ্ট বেটিং আৰু উইকেট ৰক্ষাৰ দক্ষতাৰে আমাক জয়ৰ দিশে লৈ যাব।''

পাকিস্তান ক্ৰিকেটত বাবৰৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে টি-২০ বিশ্বকাপত ব্যৰ্থ হোৱাৰ পিছত। এইবাৰ কানাডাৰ ফ্ৰেঞ্চাইজিয়ে তেওঁক বিশ্বাস কৰা নাছিল। ৰিজৱান আৰু বাবৰৰ বাহিৰেও দলটোত আছে আৰু দুজন পাকিস্তানী ক্ৰিকেটাৰ। তেওঁলোক হ’ল মহম্মদ আমিৰ আৰু আছিফ আলী। প্ৰতিযোগিতাখনত ভেংকুৱাৰ নাইটছৰ প্ৰথমখন খেল হ’ব ২১ জুলাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ