--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হাৰিয়ানাৰ মেৱাটত শেহতীয়াকৈ সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষকলৈ অপপ্ৰচাৰ চলোৱা  "আহচান মেৱাতি পাকিস্তানী" নামৰ এটা পাকিস্তানী ইউটিউব চেনেল গুগলে বন্ধ কৰি দিছে। গুগলে এই পদক্ষেপটো ভাৰতীয় কৰ্তৃপক্ষৰ পৰা অভিযোগ পোৱাৰ পিছতে গ্ৰহণ কৰে।ভাৰতত অবিশ্বাসৰ পৰিবেশ  সৃষ্টি কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা চেনেলটোকলৈ পূৰ্বেও নানান অভিযোগ উঠিছিল। 

২৭৩ টা ভিডিঅ' আৰু ৮০,০০০ অনুসৰণকাৰীৰ থকা পাকিস্তানৰ ইউটিউব চেনেলটোৱে শেহতীয়াকৈ হাৰিয়ানাৰ সাম্প্ৰদায়িক অস্থিৰতাৰ সময়ত ভুল তথ্য প্ৰচাৰ আৰু হিংসাক উচটনি দিছিল। চেনেলটোৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ তথ্যই  প্ৰকাশ কৰিছে  যে জিছান মুস্তাক ওৰফে আহছান মেৱাতি একাউণ্টটোৰ আঁৰৰ ব্যক্তি। পাকিস্তানৰ শিক্ষা আৰু গৱেষণা নেটৱৰ্কৰ (পিইআৰএন) এটা আইপি ঠিকনা ব্যৱহাৰ কৰা ইউটিউব চেনেলটো পাকিস্তানৰ ইছলামাবাদত অৱস্থিত।

 চেনেলটো   পাকিস্তান চৰকাৰৰ আইটি একচন প্লেন ২০০২-ৰ এক অবিচ্ছেদ্য অংশ বুলি প্ৰমাণ হৈছে। পিইআৰএন-এ পাকিস্তানৰ শিক্ষানুষ্ঠানসমূহক এক কেন্দ্ৰীভূত ইণ্টাৰনেট নেটৱৰ্ক প্ৰদান কৰে। অনুসন্ধানত প্ৰকাশ পাইছে যে আহচানে দুটা মোবাইল ফোন, এটা অপ্পো আৰু এটা চেমচাং ডিভাইচৰ জড়িয়তে কাম কৰিছিল । 

তেওঁ অপ্পো ম'বাইলৰ পৰা সাতটা আৰু চেমচাং ডিভাইচৰ পৰা চাৰিটা ইমেইল ঠিকনা ব্যৱহাৰ কৰিছিল, তাৰে তিনিটা ওপ্পো ফোনত লগ ইন কৰা হৈছিল। ইয়াৰ উপৰি  আহচানে ইউটিউব, ফেচবুকত তিনিটা ছ'চিয়েল মিডিয়া একাউণ্ট পৰিচালনা কৰি আহিছে। ইয়াৰ পূৰ্বেও পাকিস্তানৰ  ইউটিউব চেনেলৰ বিৰুদ্ধে ভাৰতীয় সেনা, জম্মু-কাশ্মীৰৰ পৰিস্থিতি আৰু ভাৰতৰ বৈদেশিক সম্পৰ্কৰ বিষয়ে ভুৱা খবৰ  প্ৰচাৰ কৰা হৈছিল। 



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়