--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হাৰিয়ানাৰ মেৱাটত শেহতীয়াকৈ সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষকলৈ অপপ্ৰচাৰ চলোৱা  "আহচান মেৱাতি পাকিস্তানী" নামৰ এটা পাকিস্তানী ইউটিউব চেনেল গুগলে বন্ধ কৰি দিছে। গুগলে এই পদক্ষেপটো ভাৰতীয় কৰ্তৃপক্ষৰ পৰা অভিযোগ পোৱাৰ পিছতে গ্ৰহণ কৰে।ভাৰতত অবিশ্বাসৰ পৰিবেশ  সৃষ্টি কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা চেনেলটোকলৈ পূৰ্বেও নানান অভিযোগ উঠিছিল। 

২৭৩ টা ভিডিঅ' আৰু ৮০,০০০ অনুসৰণকাৰীৰ থকা পাকিস্তানৰ ইউটিউব চেনেলটোৱে শেহতীয়াকৈ হাৰিয়ানাৰ সাম্প্ৰদায়িক অস্থিৰতাৰ সময়ত ভুল তথ্য প্ৰচাৰ আৰু হিংসাক উচটনি দিছিল। চেনেলটোৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ তথ্যই  প্ৰকাশ কৰিছে  যে জিছান মুস্তাক ওৰফে আহছান মেৱাতি একাউণ্টটোৰ আঁৰৰ ব্যক্তি। পাকিস্তানৰ শিক্ষা আৰু গৱেষণা নেটৱৰ্কৰ (পিইআৰএন) এটা আইপি ঠিকনা ব্যৱহাৰ কৰা ইউটিউব চেনেলটো পাকিস্তানৰ ইছলামাবাদত অৱস্থিত।

 চেনেলটো   পাকিস্তান চৰকাৰৰ আইটি একচন প্লেন ২০০২-ৰ এক অবিচ্ছেদ্য অংশ বুলি প্ৰমাণ হৈছে। পিইআৰএন-এ পাকিস্তানৰ শিক্ষানুষ্ঠানসমূহক এক কেন্দ্ৰীভূত ইণ্টাৰনেট নেটৱৰ্ক প্ৰদান কৰে। অনুসন্ধানত প্ৰকাশ পাইছে যে আহচানে দুটা মোবাইল ফোন, এটা অপ্পো আৰু এটা চেমচাং ডিভাইচৰ জড়িয়তে কাম কৰিছিল । 

তেওঁ অপ্পো ম'বাইলৰ পৰা সাতটা আৰু চেমচাং ডিভাইচৰ পৰা চাৰিটা ইমেইল ঠিকনা ব্যৱহাৰ কৰিছিল, তাৰে তিনিটা ওপ্পো ফোনত লগ ইন কৰা হৈছিল। ইয়াৰ উপৰি  আহচানে ইউটিউব, ফেচবুকত তিনিটা ছ'চিয়েল মিডিয়া একাউণ্ট পৰিচালনা কৰি আহিছে। ইয়াৰ পূৰ্বেও পাকিস্তানৰ  ইউটিউব চেনেলৰ বিৰুদ্ধে ভাৰতীয় সেনা, জম্মু-কাশ্মীৰৰ পৰিস্থিতি আৰু ভাৰতৰ বৈদেশিক সম্পৰ্কৰ বিষয়ে ভুৱা খবৰ  প্ৰচাৰ কৰা হৈছিল। 



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস