--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ২৮ বছৰীয়া যুৱতীয়ে শ্বেয়াৰ কৰিছে নিজৰ প্ৰেম কাহিনী। ৪২ বছৰ ডাঙৰ এজন ব্যক্তিক তেওঁ কেনেকৈ নিজৰ হৃদয়খন সঁপি দিলে সেই কথা তেওঁ ক’লে। কিছুদিন লগ পোৱাৰ পাছত দুয়োজনেই ডেটত যাবলৈ ধৰিলে। তাৰপাছত ৭০ বছৰীয়া ব্যক্তিজনৰ সৈতে বিয়া পাতিলে ২৮ বছৰীয়া যুৱতীগৰাকীয়ে। কিন্তু এই সম্পৰ্কৰ বাবেই ছোৱালীজনী ট্ৰ’লৰ বলি হ’ল। মানুহে কৈছিল যে তাই টকাৰ লোভত ৭০ বছৰীয়া এজন ব্যক্তিক বিয়া কৰাইছিল। কিন্তু তেওঁলোকে কয় যে তেওঁলোকৰ প্ৰেম সঁচা আৰু তেওঁলোক জীৱনত বহুত সুখী।

২৮ বছৰীয়া জেকী আৰু ৭০ বছৰীয়া ডেভিদৰ কাহিনী এতিয়া চৰ্চিত হৈ পৰিছে। ২০১৬ চনত দুয়োজনে ডেটিং চাইটত লগ পাইছিল। ইয়াৰ পৰাই তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল আৰু তাৰপিছত লগ পোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। লগ পোৱাৰ পিছত বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ল।

ডেটিং চাইটত কথা-বতৰাৰ পাছত তিনিমাহৰ ভিতৰতে ডেভিদে জেকিক লগ কৰিবলৈ আমেৰিকাৰ পৰা ফিলিপাইনছ পালেগৈ। ইয়াত দুয়োজনে বহু দিন একেলগে কটালে। তেওঁলোকৰ মাজত ঘনিষ্ঠতা বাঢ়ি আহিছিল। প্ৰতি দুমাহৰ মূৰে মূৰে ডেভিদে জেকিক চাবলৈ ফিলিপাইনছলৈ আহিছিল। অৱশেষত ২০১৮ চনত তেওঁলোকৰ বিবাহ হয় আৰু জেকী কেলিফৰ্ণিয়াৰ অকলেণ্ডলৈ স্থানান্তৰিত হয়।

কোভিড লকডাউনৰ সময়ত জেকিয়ে নিজাকৈ টিকটক একাউণ্ট তৈয়াৰ কৰিছিল আৰু তাত নিজৰ জীৱনৰ লগত জড়িত কথাবোৰ শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ একাউণ্টত ৫০ হাজাৰৰো অধিক ফ’ল’ৱাৰ আছে। নেটিজেনসকলে তেওঁলোকৰ পোষ্টত বিভিন্ন ধৰণৰ মন্তব্য কৰে। কোনোৱে জেকিক লোভী আৰু কোনোৱে ছুগাৰ গাৰ্ল বুলি কয়। আনকি কিছুমানে কৈছিল যে জেকিক আমেৰিকাত বসতি স্থাপন কৰিবলৈ গ্ৰীণ কাৰ্ডৰ প্ৰয়োজন, সেয়েহে তেওঁ ডেভিদক বিয়া কৰাইছিল।

অৱশ্যে এনে নেতিবাচক মন্তব্যক তেওঁলোকে আওকাণ কৰে। ডেভিদে কয়- ''যদি দুজন মানুহে ইজনে সিজনক ভাল পায় আৰু তেওঁলোকে একেলগে জীৱনটো কটাব বিচাৰে, তেন্তে বয়স মাথোঁ এটা সংখ্যাহে। মানুহে সমালোচনা কৰা উচিত নহয়। আমি দুয়ো সুখী।'' জেকিয়ে ডেভিদৰ বিষয়ে কৈছিল যে ''তেওঁ এজন অতি সহজ আৰু ভাল স্বভাৱৰ মানুহ। মোক বহুত বেছি সন্মান কৰে আৰু ভাল পায়। তেওঁক বিয়া কৰাই মোৰ কোনো আক্ষেপ নাই।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস