--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ২৮ বছৰীয়া যুৱতীয়ে শ্বেয়াৰ কৰিছে নিজৰ প্ৰেম কাহিনী। ৪২ বছৰ ডাঙৰ এজন ব্যক্তিক তেওঁ কেনেকৈ নিজৰ হৃদয়খন সঁপি দিলে সেই কথা তেওঁ ক’লে। কিছুদিন লগ পোৱাৰ পাছত দুয়োজনেই ডেটত যাবলৈ ধৰিলে। তাৰপাছত ৭০ বছৰীয়া ব্যক্তিজনৰ সৈতে বিয়া পাতিলে ২৮ বছৰীয়া যুৱতীগৰাকীয়ে। কিন্তু এই সম্পৰ্কৰ বাবেই ছোৱালীজনী ট্ৰ’লৰ বলি হ’ল। মানুহে কৈছিল যে তাই টকাৰ লোভত ৭০ বছৰীয়া এজন ব্যক্তিক বিয়া কৰাইছিল। কিন্তু তেওঁলোকে কয় যে তেওঁলোকৰ প্ৰেম সঁচা আৰু তেওঁলোক জীৱনত বহুত সুখী।

২৮ বছৰীয়া জেকী আৰু ৭০ বছৰীয়া ডেভিদৰ কাহিনী এতিয়া চৰ্চিত হৈ পৰিছে। ২০১৬ চনত দুয়োজনে ডেটিং চাইটত লগ পাইছিল। ইয়াৰ পৰাই তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল আৰু তাৰপিছত লগ পোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। লগ পোৱাৰ পিছত বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ল।

ডেটিং চাইটত কথা-বতৰাৰ পাছত তিনিমাহৰ ভিতৰতে ডেভিদে জেকিক লগ কৰিবলৈ আমেৰিকাৰ পৰা ফিলিপাইনছ পালেগৈ। ইয়াত দুয়োজনে বহু দিন একেলগে কটালে। তেওঁলোকৰ মাজত ঘনিষ্ঠতা বাঢ়ি আহিছিল। প্ৰতি দুমাহৰ মূৰে মূৰে ডেভিদে জেকিক চাবলৈ ফিলিপাইনছলৈ আহিছিল। অৱশেষত ২০১৮ চনত তেওঁলোকৰ বিবাহ হয় আৰু জেকী কেলিফৰ্ণিয়াৰ অকলেণ্ডলৈ স্থানান্তৰিত হয়।

কোভিড লকডাউনৰ সময়ত জেকিয়ে নিজাকৈ টিকটক একাউণ্ট তৈয়াৰ কৰিছিল আৰু তাত নিজৰ জীৱনৰ লগত জড়িত কথাবোৰ শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ একাউণ্টত ৫০ হাজাৰৰো অধিক ফ’ল’ৱাৰ আছে। নেটিজেনসকলে তেওঁলোকৰ পোষ্টত বিভিন্ন ধৰণৰ মন্তব্য কৰে। কোনোৱে জেকিক লোভী আৰু কোনোৱে ছুগাৰ গাৰ্ল বুলি কয়। আনকি কিছুমানে কৈছিল যে জেকিক আমেৰিকাত বসতি স্থাপন কৰিবলৈ গ্ৰীণ কাৰ্ডৰ প্ৰয়োজন, সেয়েহে তেওঁ ডেভিদক বিয়া কৰাইছিল।

অৱশ্যে এনে নেতিবাচক মন্তব্যক তেওঁলোকে আওকাণ কৰে। ডেভিদে কয়- ''যদি দুজন মানুহে ইজনে সিজনক ভাল পায় আৰু তেওঁলোকে একেলগে জীৱনটো কটাব বিচাৰে, তেন্তে বয়স মাথোঁ এটা সংখ্যাহে। মানুহে সমালোচনা কৰা উচিত নহয়। আমি দুয়ো সুখী।'' জেকিয়ে ডেভিদৰ বিষয়ে কৈছিল যে ''তেওঁ এজন অতি সহজ আৰু ভাল স্বভাৱৰ মানুহ। মোক বহুত বেছি সন্মান কৰে আৰু ভাল পায়। তেওঁক বিয়া কৰাই মোৰ কোনো আক্ষেপ নাই।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ