--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে  নূপুৰ শৰ্মা বিষয়ত উচ্চতম ন্যায়ালয়ৰ শেহতীয়া বক্তব্য একেবাৰে ভাল পোৱা নাই। অৱশ্যে, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বিষয়ত ৰাজহুৱাভাৱে মন্তব্য দিবলৈ অস্বীকাৰ কৰে। তেওঁ কয় যে বিষয়টো তেওঁলোকৰ দৃষ্টিলৈ আহিছিল। বিষয়টো দলৰ মাজত বিতংকৈ আলোচনা কৰা হব। 

ইয়াৰ পূৰ্বে, নূপুৰ শৰ্মাৰ  সমৰ্থকসকলে টুইটাৰ আৰু অন্যান্য সামাজিক মাধ্যমত উচ্চতম ন্যায়ালয়ৰ বক্তব্যৰ বিৰুদ্ধে ওলাই আহিছিল। সমৰ্থকসকলৰ বিৰুদ্ধে প্ৰশ্নও উত্থাপিত হৈছিল যে কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে বিষয়টোত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল। কিৰেন ৰিজিজুৱে শনিবাৰে একেটা প্ৰশ্নৰ উত্তৰ দিছিল বুলি বিশ্বাস কৰা হয়।

উচ্চতম ন্যায়ালয়ৰ  খণ্ড বিচাৰপীঠে উদয়পুৰৰ দৰ্জী কানহাইয়া লাল তেলীৰ সৈতে সংঘটিত ঘটনাক লৈ নিলম্বিত বিজেপি মুখপাত্ৰ নূপুৰ শৰ্মাক দোষাৰোপ কৰিছিল। সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালা নামৰ দুজন ন্যায়াধীশে নূপুৰক তীব্ৰ সমালোচনা কৰিছিল। শনিবাৰে হায়দৰাবাদত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে সাংবাদিকৰ মুখামুখি হওতে কিৰেন ৰিজিজুৰ দেশৰ এই সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মাত মাতিছিল।

কিৰেন ৰিজিজুৱে কয় যে আইন মন্ত্ৰী হিচাপে তেওঁ উচ্চতম ন্যায়ালয়ৰ বক্তব্যৰ বিৰোধিতা কৰিব নোৱাৰে। তেওঁ এইদৰে কৈছিল: "প্ৰথমতে, মই আইন মন্ত্ৰী। গতিকে উচ্চতম ন্যায়ালয়ৰ কোনো ৰায় বা বিবৃতিৰ ওপৰত মন্তব্য দিয়াটো মোৰ বাবে সম্ভৱ নহয়। ৰিজিজুৱে লগতে কয় যে তেওঁ ৰায়টো পছন্দ নকৰিলেও ন্যায়াধীশসকলৰ প্ৰতি সন্মান আছে, "যদিও মই এটা ৰায় ব্যক্তিগতভাৱে ভাল নাপালেও ইয়াক আপত্তি কৰিব নোৱাৰো। মই এই সন্দৰ্ভত ৰাজহুৱাভাৱে মন্তব্য নকৰো।"

নবী  সন্দৰ্ভত কৰা মন্তব্যৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নূপুৰ শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। নুপুৰে উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ কাষ চাপিছিল আৰু সেই গোচৰ দিল্লীলৈ স্থানান্তৰ কৰিবলৈ বিচাৰিছিল। তেতিয়াই ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাই তেওঁক কঠোৰ ভাষাত সমালোচনা কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ