--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত সৰ্বাধিক চৰ্চাত থকা এটা নাম.. নূপুৰ শৰ্মা। নুপূৰ শৰ্মাই কৰা এটা মন্তব্যত জ্বলিছে দেশ। যি জুই বিয়পি পৰিছে বিদেশতো। হজৰত মহম্মদকলৈ বিতৰ্কিত মন্তব্য কৰি দলৰ পৰা নিলম্বিত হ’ল বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মা।নূপুৰ শৰ্মাই এটা টেলিভিছন ট'ক শ্ব'ত হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছতে কানপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। এই হিংসাত্মক ঘটনাৰ জুই ক্ৰমে দেশে-বিদেশে বিয়পি পৰে। 

নূপুৰ শৰ্মাৰ কথিত বিতৰ্কিত বক্তব্যৰ ডেৰ মাহৰ পাছতো এই বিতৰ্ক বন্ধ হোৱাৰ নাম লোৱা নাই। শেহতীয়াকৈ বিহাৰৰ সীতামাৰী জিলাৰ নানপুৰ থানা এলেকাৰ অন্তৰ্গত বাহেৰা জাহিদপুৰত সংঘটিত হৈছে এক অঘটন। অংকিত ঝা নামৰ এজন যুৱকে মোবাইলত নূপুৰ শৰ্মাৰ প'ষ্ট চাই থকাৰ বাবেই অন্য কেইজনমান যুৱকে তেওঁক চুৰীৰে আঘাত কৰে। বৰ্তমান অংকিত ঝাই দৰভঙাৰ এখন ব্যক্তিগত চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে। আহত যুৱকজনৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰাত ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

আহত যুৱক অংকিতে চিকিৎসালয়ত সংবাদ মাধ্যমক জনোৱা মতে, শনিবাৰে তেওঁ গাঁৱৰ পৰা আঁতৰত থকা নানপুৰৰ এখন পান দোকানত থিয় হৈ মোবাইলত নুপুৰ শৰ্মাৰ প'ষ্ট চাই থকাৰ সময়তে ওচৰতে থিয় হৈ থকা তিনিজন যুৱকে চিগাৰেট সেৱন আছিল। যুৱক তিনিজনে অংকিতক মোবাইল চোৱাত বাধা দিয়ে আৰু আপুনি নূপুৰ শৰ্মাৰ সমৰ্থক নেকি বুলি প্ৰশ্ন কৰে। অংকিতে তেতিয়া যুৱককেইজনক ক’লে যে ''মই সমৰ্থক হওঁ বা নহওঁ তোমালোকৰ তাত কি লেনা-দেনা।'' এই উত্তৰ শুনি যুৱক তিনিজনে অংকিতৰ মুখত চিগাৰেটৰ ধোঁৱা মাৰি মাৰপিট কৰিবলৈ ধৰে। ইয়াৰ পাছতেই এজন যুৱকে এখন চুৰী উলিয়াই অংকিতৰ দেহত ৫-৬বাৰকৈ ঘাপ মাৰে, যাৰবাবে অংকিত গুৰুতৰভাৱে আহত হয়।

আহত অংকিতৰ পিতৃ মনোজ ঝাই ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে। তেওঁলোকে নিজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ ওচৰত আবেদন জনাইছে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ