--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত সৰ্বাধিক চৰ্চাত থকা এটা নাম.. নূপুৰ শৰ্মা। নুপূৰ শৰ্মাই কৰা এটা মন্তব্যত জ্বলিছে দেশ। যি জুই বিয়পি পৰিছে বিদেশতো। হজৰত মহম্মদকলৈ বিতৰ্কিত মন্তব্য কৰি দলৰ পৰা নিলম্বিত হ’ল বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মা।নূপুৰ শৰ্মাই এটা টেলিভিছন ট'ক শ্ব'ত হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছতে কানপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। এই হিংসাত্মক ঘটনাৰ জুই ক্ৰমে দেশে-বিদেশে বিয়পি পৰে। 

নূপুৰ শৰ্মাৰ কথিত বিতৰ্কিত বক্তব্যৰ ডেৰ মাহৰ পাছতো এই বিতৰ্ক বন্ধ হোৱাৰ নাম লোৱা নাই। শেহতীয়াকৈ বিহাৰৰ সীতামাৰী জিলাৰ নানপুৰ থানা এলেকাৰ অন্তৰ্গত বাহেৰা জাহিদপুৰত সংঘটিত হৈছে এক অঘটন। অংকিত ঝা নামৰ এজন যুৱকে মোবাইলত নূপুৰ শৰ্মাৰ প'ষ্ট চাই থকাৰ বাবেই অন্য কেইজনমান যুৱকে তেওঁক চুৰীৰে আঘাত কৰে। বৰ্তমান অংকিত ঝাই দৰভঙাৰ এখন ব্যক্তিগত চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে। আহত যুৱকজনৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰাত ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

আহত যুৱক অংকিতে চিকিৎসালয়ত সংবাদ মাধ্যমক জনোৱা মতে, শনিবাৰে তেওঁ গাঁৱৰ পৰা আঁতৰত থকা নানপুৰৰ এখন পান দোকানত থিয় হৈ মোবাইলত নুপুৰ শৰ্মাৰ প'ষ্ট চাই থকাৰ সময়তে ওচৰতে থিয় হৈ থকা তিনিজন যুৱকে চিগাৰেট সেৱন আছিল। যুৱক তিনিজনে অংকিতক মোবাইল চোৱাত বাধা দিয়ে আৰু আপুনি নূপুৰ শৰ্মাৰ সমৰ্থক নেকি বুলি প্ৰশ্ন কৰে। অংকিতে তেতিয়া যুৱককেইজনক ক’লে যে ''মই সমৰ্থক হওঁ বা নহওঁ তোমালোকৰ তাত কি লেনা-দেনা।'' এই উত্তৰ শুনি যুৱক তিনিজনে অংকিতৰ মুখত চিগাৰেটৰ ধোঁৱা মাৰি মাৰপিট কৰিবলৈ ধৰে। ইয়াৰ পাছতেই এজন যুৱকে এখন চুৰী উলিয়াই অংকিতৰ দেহত ৫-৬বাৰকৈ ঘাপ মাৰে, যাৰবাবে অংকিত গুৰুতৰভাৱে আহত হয়।

আহত অংকিতৰ পিতৃ মনোজ ঝাই ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে। তেওঁলোকে নিজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ ওচৰত আবেদন জনাইছে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক