--°C
Loading...
Listen to Article
2 min read
80%
ভাৰতীয় টকাই মঙলবাৰে প্ৰথমবাৰৰ বাবে প্ৰতি ডলাৰৰ বিপৰীতে ৮০ টকাৰ সীমা অতিক্ৰম কৰিলে। যোৱা এবছৰত ভাৰতীয় টকাৰ মূল্য প্ৰায় সাত শতাংশ হ্ৰাস পাইছে। 

ভাৰতীয় মুদ্ৰা মঙলবাৰে মুকলি বজাৰত প্ৰতি ডলাৰত ৮০.০১৭৫ টকাত মঙলবাৰে ইয়াৰ আগৰ ব্যৱসায়িক দিনৰ বিপৰীতে ৭৯.৯৭৭৫ টকাৰ পৰা হ্ৰাস পাইছিল। বজাৰ বিশেষজ্ঞসকলৰ মতে, ভাৰতীয় টকাৰ ব্যৱসায় মঙলবাৰে 79.85 ৰ পৰা 80.15 ৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এদিন আগতে সোমবাৰে কৈছিল যে ২০১৪ চনৰ ডিচেম্বৰৰ পৰা আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ২৫ শতাংশলৈকে হ্ৰাস পাইছে। 

বিত্ত মন্ত্ৰীয়ে লগতে কৈছিল যে শেহতীয়াকৈ টকাৰ হ্ৰাস আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বাবে হৈছিল বাবে হৈছিল। 

তাৰ মাজতে, আজিৰে পৰা পুনৰ দামবৃদ্ধিৰ বোজা সহিবলৈ সাজু হওক আপুনি৷ জিএছটি পৰিষদৰ বৈঠকৰ পাছত আজিৰ পৰা বৃদ্ধি হ’ব কেইবাবিধো সামগ্ৰীৰ দাম৷ বৃদ্ধি পাব চাউলৰ মূল্য৷ আনকি, চিকিৎসালয়ৰ কোঠাবোৰো হৈ পৰিব ব্যয়বহুল৷

জিএছটি বৃদ্ধি পোৱাৰ ফলত দাম বৃদ্ধি পাব দৈ, লাচী, চিকিৎসালয় আৰু হোটেলৰ কোঠাৰ৷ আনকি অত্যাৱশ্যকীয় সামগ্ৰীৰ মাজত চাউলো হৈ পৰিব ব্যয়বহুল৷

জিএছটি বোৰ্ডৰ ৪৭সংখ্যক বৈঠকত একাধিক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জিএছটিৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ফলস্বৰূপে, আজিৰ পৰা ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ অধিক বোজা সহিবলৈ সাজু হ’ব লাগিব জনতা।

একেদৰে শিক্ষাৰ দৰে এটা গুৰুত্বপূৰ্ণ শাখাতো জিএছটি হাতোৰাৰ পৰা বাছি নগল, কাঠ পেঞ্চিল, ৰবৰ, ছাৰ্পনাৰ দৰে সামগ্ৰীৰো দাম বৃদ্ধি পালে। একেদৰে ঠিকাদাৰৰ বিলৰ ওপৰতো অতিৰিক্ত ১৮ শতাংশ জিএছটি আৰোপ কৰিলে, যত এজন ঠিকাদাৰে সময়মতে চৰকাৰৰ পৰা এখন বিল আদায় কৰিব নোৱাৰে, তেনেস্থলত ১৮ শতাংশ জিএছটি আৰোপে আৰু অধিক সমস্যত যে পেলাব সেইয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ