--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিজেপিৰ নিলম্বিত নেত্ৰী নূপুৰ শৰ্মাই হজৰত মহম্মদ সম্পৰ্কত কৰা আপত্তিজনক মন্তব্যই দেশজুৰি সৃষ্টি কৰা চাঞ্চল্য আজিও মাৰ যোৱা নাই৷ আনকি, নূপুৰ শৰ্মাৰ মন্তব্যই বেকফুটলৈ ঠেলি দিছিল শাসকীয় বিজেপি দল আৰু চৰকাৰকো৷ যাৰ বাবেই তাৎক্ষণিকভাৱে বিজেপিৰ পৰা নিলম্বিত হৈছিল নূপুৰ শৰ্মা৷

শেহতীয়াকৈ নূপুৰ শৰ্মাৰ মন্তব্যক সমৰ্থন কৰি ফেচবুকত পোষ্ট দিয়া বাবেই ৰাজস্থানৰ উদয়পুৰত এগৰাকী দৰ্জী হত্যাৰ বলি হোৱা ঘটনাই দেশত নতুন বিতৰ্কৰ অৱতাৰণা কৰিছে৷ আৰু উদয়পুৰৰ ঘটনাৰ পাছতেই প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুক৷

বিজেপি নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাক উচ্চতম ন্যায়ালয়ে তীব্ৰ ভৰ্ৎসনা কৰাৰ এদিন পাছতে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে তেওঁ এই বিষয়টো উপযুক্ত মঞ্চত আলোচনা কৰিব। হায়দৰাবাদত চলি থকা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত অংশ লবলৈ যাওঁতে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰে হোৱা বাৰ্তালাপত ৰিজিজুৱে কয়, প্ৰথমতে আইন মন্ত্ৰী হিচাপে ৰায়ৰ লগতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কৰা পৰ্যবেক্ষণৰ ওপৰত মন্তব্য দিয়াটো মোৰ বাবে উচিত নহয়।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, যদিও মই বিচাৰটো ভাল নাপাওঁ বা পৰ্যবেক্ষণবোৰ কেনেদৰে কৰা হয় তাক লৈ মোৰ গুৰুতৰ আপত্তি থাকিলেও, মই কোনো মন্তব্য দিব নিবিচাৰো।

উল্লেখযোগ্য যে, যোৱা সপ্তাহত, উচ্চতম ন্যায়ালয়ে টেলিভিছনত হোৱা বিতৰ্কৰ ওপৰত নূপুৰ শৰ্মাৰ মন্তব্যৰ ওপৰত তীব্ৰ মৌখিক পৰ্যবেক্ষণ কৰিছিল আৰু তেওঁক দেশত হিংসাত্মক অৱস্থাৰ বাবে দায়ী কৰিছিল। বিষয়টো সন্দৰ্ভত মুখ খুলি কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে লগতে কয়, মই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বহুতো প্ৰতিনিধিত্বমূলক মঞ্চ পাইছোঁ৷ কিন্তু আমি উপযুক্ত মঞ্চতহে বিষয়টো আলোচনা কৰিম।

ৰিজিজুৱে উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ ওপৰত পোনপটীয়া মন্তব্য বা প্ৰসংগ দিব নিবিচাৰে বুলি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ৰ ৰায়টো এটা মৌখিক পৰ্যবেক্ষণ আৰু এটা বিচাৰৰ অংশ নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ