--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিজেপিৰ নিলম্বিত নেত্ৰী নূপুৰ শৰ্মাই হজৰত মহম্মদ সম্পৰ্কত কৰা আপত্তিজনক মন্তব্যই দেশজুৰি সৃষ্টি কৰা চাঞ্চল্য আজিও মাৰ যোৱা নাই৷ আনকি, নূপুৰ শৰ্মাৰ মন্তব্যই বেকফুটলৈ ঠেলি দিছিল শাসকীয় বিজেপি দল আৰু চৰকাৰকো৷ যাৰ বাবেই তাৎক্ষণিকভাৱে বিজেপিৰ পৰা নিলম্বিত হৈছিল নূপুৰ শৰ্মা৷

শেহতীয়াকৈ নূপুৰ শৰ্মাৰ মন্তব্যক সমৰ্থন কৰি ফেচবুকত পোষ্ট দিয়া বাবেই ৰাজস্থানৰ উদয়পুৰত এগৰাকী দৰ্জী হত্যাৰ বলি হোৱা ঘটনাই দেশত নতুন বিতৰ্কৰ অৱতাৰণা কৰিছে৷ আৰু উদয়পুৰৰ ঘটনাৰ পাছতেই প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুক৷

বিজেপি নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাক উচ্চতম ন্যায়ালয়ে তীব্ৰ ভৰ্ৎসনা কৰাৰ এদিন পাছতে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে তেওঁ এই বিষয়টো উপযুক্ত মঞ্চত আলোচনা কৰিব। হায়দৰাবাদত চলি থকা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত অংশ লবলৈ যাওঁতে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰে হোৱা বাৰ্তালাপত ৰিজিজুৱে কয়, প্ৰথমতে আইন মন্ত্ৰী হিচাপে ৰায়ৰ লগতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কৰা পৰ্যবেক্ষণৰ ওপৰত মন্তব্য দিয়াটো মোৰ বাবে উচিত নহয়।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, যদিও মই বিচাৰটো ভাল নাপাওঁ বা পৰ্যবেক্ষণবোৰ কেনেদৰে কৰা হয় তাক লৈ মোৰ গুৰুতৰ আপত্তি থাকিলেও, মই কোনো মন্তব্য দিব নিবিচাৰো।

উল্লেখযোগ্য যে, যোৱা সপ্তাহত, উচ্চতম ন্যায়ালয়ে টেলিভিছনত হোৱা বিতৰ্কৰ ওপৰত নূপুৰ শৰ্মাৰ মন্তব্যৰ ওপৰত তীব্ৰ মৌখিক পৰ্যবেক্ষণ কৰিছিল আৰু তেওঁক দেশত হিংসাত্মক অৱস্থাৰ বাবে দায়ী কৰিছিল। বিষয়টো সন্দৰ্ভত মুখ খুলি কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে লগতে কয়, মই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বহুতো প্ৰতিনিধিত্বমূলক মঞ্চ পাইছোঁ৷ কিন্তু আমি উপযুক্ত মঞ্চতহে বিষয়টো আলোচনা কৰিম।

ৰিজিজুৱে উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ ওপৰত পোনপটীয়া মন্তব্য বা প্ৰসংগ দিব নিবিচাৰে বুলি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ৰ ৰায়টো এটা মৌখিক পৰ্যবেক্ষণ আৰু এটা বিচাৰৰ অংশ নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে