--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিন্ন গ্ৰহৰ প্ৰাণীৰ উপস্থিতিকলৈ নানান ধৰণৰ আলোচনা চলি থকাৰ মাজতে শেহতীয়াকৈ সাগৰৰ ঢৌত ভাঁহি অহা এক বিশেষ প্ৰাণীয়ে কৌতূহলৰ সৃষ্টি কৰিছে৷প্ৰাণী বিধ প্ৰত্যক্ষ কৰাৰ পিছতে বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে সাগৰৰ গভীৰতাত কোনো দৈত্য লুকাই আছে নেকি? 

বহুতে কৈছে যে কেৱল শিল্পীৰ তুলিকা আৰু লেখকসকলৰ কল্পনাতহে এনে প্ৰাণীৰ কথা পোৱা যায় । কিন্তু কল্পনাৰ প্ৰাণীয়েই এতিয়া মানুহৰ মাজত আহি ওলাইছে!ঘটনাটো ঘটিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাগৰৰ পাৰত ৷সাগৰৰ পাৰত পৰি ৰোৱা জোঙাল দাঁতৰ প্ৰাণী বিধৰ ছবি ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷

ছ'চিয়েল মিডিয়াত এজন নেটিজেনে সাগৰৰ পাৰত ওপঙি থকা প্ৰাণী বিধৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। ছবিবোৰত প্ৰাণীটো শিলৰ মাজত পৰি থকা দেখা গৈছে।   নেটিজেনৰ বহুতে  প্ৰাণীবিধৰ  নাম জানিবলৈ উদগ্ৰীৱ হৈ পৰাও দেখা গৈছে৷

প্ৰাণীবিধৰ তীক্ষ্ণ দাঁত  আৰু ডাঙৰ মুখখন দেখি বহু লোক হতবাক হৈ পৰিছে। মাছটোৰ চেহেৰাৰ প্ৰাণী বিধ ইয়াৰ আগতে কোনেও নেদেখা বুলি মন্তব্য কৰিছে৷

বহু নেটিজেনে দাবী কৰিছে যে এয়া ওল্ফ ইল হ’ব পাৰে৷ কিন্তু বহুতে সেই দাবী ইস্বীকাৰ কৰি কৈছে যে ওল্ফ ইলৰ দাঁত ইমান তীক্ষ্ণ নহয়। প্ৰথমে বিস্মিত হৈ পৰা  প্ৰাণী বিশেষজ্ঞসকলে কৈছে যে এয়া সম্ভৱতঃ ইলেই হ’ব। 

মাঙ্কিফেচ প্ৰেকোকালচাৰ প্ৰজাতিৰ এনে ইল সাধাৰণতে উত্তৰ আমেৰিকাৰ সাগৰত পোৱা যায় বুলি তেওঁলোকে কৈছে যদিও সেয়াই শুদ্ধ বুলি নিশ্চিত ভাবে তেওঁলোকে দাবী কৰিব পৰা নাই৷

 দৰাচলতে, সাগৰৰ তলিত বাস কৰা জন্তুবোৰৰ বিষয়ে কৌতূহল আজিৰ নহয়।  অতীততো, সমুদ্ৰ তীৰত ওপঙি থকা বহু অদ্ভুত জন্তুকলৈ হুলস্থূল হৈছিল। সেই তালিকাত নতুনকৈ সংযোজন হৈছে এই অদ্ভুত প্ৰাণী বিধ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?