--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিন্ন গ্ৰহৰ প্ৰাণীৰ উপস্থিতিকলৈ নানান ধৰণৰ আলোচনা চলি থকাৰ মাজতে শেহতীয়াকৈ সাগৰৰ ঢৌত ভাঁহি অহা এক বিশেষ প্ৰাণীয়ে কৌতূহলৰ সৃষ্টি কৰিছে৷প্ৰাণী বিধ প্ৰত্যক্ষ কৰাৰ পিছতে বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে সাগৰৰ গভীৰতাত কোনো দৈত্য লুকাই আছে নেকি? 

বহুতে কৈছে যে কেৱল শিল্পীৰ তুলিকা আৰু লেখকসকলৰ কল্পনাতহে এনে প্ৰাণীৰ কথা পোৱা যায় । কিন্তু কল্পনাৰ প্ৰাণীয়েই এতিয়া মানুহৰ মাজত আহি ওলাইছে!ঘটনাটো ঘটিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাগৰৰ পাৰত ৷সাগৰৰ পাৰত পৰি ৰোৱা জোঙাল দাঁতৰ প্ৰাণী বিধৰ ছবি ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷

ছ'চিয়েল মিডিয়াত এজন নেটিজেনে সাগৰৰ পাৰত ওপঙি থকা প্ৰাণী বিধৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। ছবিবোৰত প্ৰাণীটো শিলৰ মাজত পৰি থকা দেখা গৈছে।   নেটিজেনৰ বহুতে  প্ৰাণীবিধৰ  নাম জানিবলৈ উদগ্ৰীৱ হৈ পৰাও দেখা গৈছে৷

প্ৰাণীবিধৰ তীক্ষ্ণ দাঁত  আৰু ডাঙৰ মুখখন দেখি বহু লোক হতবাক হৈ পৰিছে। মাছটোৰ চেহেৰাৰ প্ৰাণী বিধ ইয়াৰ আগতে কোনেও নেদেখা বুলি মন্তব্য কৰিছে৷

বহু নেটিজেনে দাবী কৰিছে যে এয়া ওল্ফ ইল হ’ব পাৰে৷ কিন্তু বহুতে সেই দাবী ইস্বীকাৰ কৰি কৈছে যে ওল্ফ ইলৰ দাঁত ইমান তীক্ষ্ণ নহয়। প্ৰথমে বিস্মিত হৈ পৰা  প্ৰাণী বিশেষজ্ঞসকলে কৈছে যে এয়া সম্ভৱতঃ ইলেই হ’ব। 

মাঙ্কিফেচ প্ৰেকোকালচাৰ প্ৰজাতিৰ এনে ইল সাধাৰণতে উত্তৰ আমেৰিকাৰ সাগৰত পোৱা যায় বুলি তেওঁলোকে কৈছে যদিও সেয়াই শুদ্ধ বুলি নিশ্চিত ভাবে তেওঁলোকে দাবী কৰিব পৰা নাই৷

 দৰাচলতে, সাগৰৰ তলিত বাস কৰা জন্তুবোৰৰ বিষয়ে কৌতূহল আজিৰ নহয়।  অতীততো, সমুদ্ৰ তীৰত ওপঙি থকা বহু অদ্ভুত জন্তুকলৈ হুলস্থূল হৈছিল। সেই তালিকাত নতুনকৈ সংযোজন হৈছে এই অদ্ভুত প্ৰাণী বিধ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা