--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী সলনি হোৱাৰ পাছতো ছবিখন সলনি হোৱা নাই। শ্ৰীলংকাৰ পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে, গেছ দোকানত হোৱা প্ৰতিবাদৰ মোকাবিলা কৰিবলৈ সেনাক মাতিব লগা হৈছে। শ্ৰীলংকাৰ ৰাজধানী কলম্বোত শনিবাৰে এই ঘটনা সংঘটিত হৈছিল। উল্লেখ্য যে, বহুদিন ধৰি দেশত ইন্ধনজাত সামগ্ৰীৰ নাটনিয়ে দেখা দিছিল। ৰন্ধন গেছৰ পৰা পেট্ৰ'ল আৰু ডিজেললৈকে দেশখনত একোৱেই উপলব্ধ নহয়, আনকি খাবলৈকে মানুহে হাহাকাৰ কৰিব লগা হৈছিল। দিন বাগৰাৰ  লগে লগে, পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে। 

শনিবাৰে, ৰন্ধন গেছ ভৰ্তি চিলিণ্ডাৰ গাড়ীৰ পৰা গেছ কিনিবলৈ অহা মানুহৰ দ্বাৰা ইমাননেই এটা অনিয়ন্ত্ৰিত পৰিৱেশৰ সৃষ্টি হৈছিল যে তাক নিয়ন্ত্ৰণ কৰিবলৈ সামৰিক বাহিনীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হৈছিল। অৱশ্যে, যোগানৰ অভাৱৰ বাবে, গেছ যোগানকৰ্তাসকলে প্ৰয়োজন অনুসৰি চিলিণ্ডাৰ গ্ৰাহকক দিব নোৱাৰিলে। ফলস্বৰূপে, গ্ৰাহকসকলে প্ৰতিবাদত উচ্ছ্বসিত হৈ পৰে। প্ৰতিবাদ আৰু আক্ৰমণ আৰম্ভ হৈছিল।

ঘটনাস্থলীত উপস্থিত থকা এগৰাকী মহিলা উপভোক্তাই সংবাদ মাধ্যমক কয়, "মই ঘৰৰ কাম এৰি সেই ৰাতিপুৱাৰ পৰা গেছৰ বাবে লাইনত থিয় হৈ আছিলো তথাপিও আমি চিলিণ্ডাৰ নাপালো। 

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, আজি পুৱাৰ ভাগত কলম্বোৰ গেছ দোকানৰ সন্মুখত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘৰৰ সৰু ল'ৰা-ছোৱালীৰ পৰা বৃদ্ধলৈকে, আৰু বহুসংখ্যক গৃহিনীয়ে ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল। তেওঁলোকে "দিয়ক দিয়ক, গেছ দিয়ক" বুলি প্ৰতিবাদমুখৰ হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে