--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী সলনি হোৱাৰ পাছতো ছবিখন সলনি হোৱা নাই। শ্ৰীলংকাৰ পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে, গেছ দোকানত হোৱা প্ৰতিবাদৰ মোকাবিলা কৰিবলৈ সেনাক মাতিব লগা হৈছে। শ্ৰীলংকাৰ ৰাজধানী কলম্বোত শনিবাৰে এই ঘটনা সংঘটিত হৈছিল। উল্লেখ্য যে, বহুদিন ধৰি দেশত ইন্ধনজাত সামগ্ৰীৰ নাটনিয়ে দেখা দিছিল। ৰন্ধন গেছৰ পৰা পেট্ৰ'ল আৰু ডিজেললৈকে দেশখনত একোৱেই উপলব্ধ নহয়, আনকি খাবলৈকে মানুহে হাহাকাৰ কৰিব লগা হৈছিল। দিন বাগৰাৰ  লগে লগে, পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে। 

শনিবাৰে, ৰন্ধন গেছ ভৰ্তি চিলিণ্ডাৰ গাড়ীৰ পৰা গেছ কিনিবলৈ অহা মানুহৰ দ্বাৰা ইমাননেই এটা অনিয়ন্ত্ৰিত পৰিৱেশৰ সৃষ্টি হৈছিল যে তাক নিয়ন্ত্ৰণ কৰিবলৈ সামৰিক বাহিনীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হৈছিল। অৱশ্যে, যোগানৰ অভাৱৰ বাবে, গেছ যোগানকৰ্তাসকলে প্ৰয়োজন অনুসৰি চিলিণ্ডাৰ গ্ৰাহকক দিব নোৱাৰিলে। ফলস্বৰূপে, গ্ৰাহকসকলে প্ৰতিবাদত উচ্ছ্বসিত হৈ পৰে। প্ৰতিবাদ আৰু আক্ৰমণ আৰম্ভ হৈছিল।

ঘটনাস্থলীত উপস্থিত থকা এগৰাকী মহিলা উপভোক্তাই সংবাদ মাধ্যমক কয়, "মই ঘৰৰ কাম এৰি সেই ৰাতিপুৱাৰ পৰা গেছৰ বাবে লাইনত থিয় হৈ আছিলো তথাপিও আমি চিলিণ্ডাৰ নাপালো। 

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, আজি পুৱাৰ ভাগত কলম্বোৰ গেছ দোকানৰ সন্মুখত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘৰৰ সৰু ল'ৰা-ছোৱালীৰ পৰা বৃদ্ধলৈকে, আৰু বহুসংখ্যক গৃহিনীয়ে ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল। তেওঁলোকে "দিয়ক দিয়ক, গেছ দিয়ক" বুলি প্ৰতিবাদমুখৰ হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?