--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ বৰ্ণবাদী আক্ৰমণৰ বলি হৈছে আমেৰিকাৰ কৃষ্ণাংগ লোক। বন্দুকধাৰী শ্বেতাংগ লোকৰ আক্ৰমণত ১০জনলৈ লোকৰ মৃত্যু হোৱাৰ খবৰে বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এজন বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লৈ অহা লোকে ‘বৰ্ণবাদী মানসিকতা’ৰে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল। ১৮ বছৰীয়া শ্বেতাংগ বন্দুকধাৰীজনে শনিবাৰে নিউয়ৰ্কৰ এটা গ্ৰোচাৰী দোকানত এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে।

বাফেল’ৰ আৰক্ষী আয়ুক্ত জোচেফ গ্ৰামাগ্লিয়াই সংবাদমেলতএই ঘটনাৰ সবিশেষ বৰ্ণনা কৰি কয় যে, হেলমেট আৰু ‘টেকটিকেল গিয়াৰ’ পিন্ধি থকা বন্দুকধাৰীজনক এই হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয়।
গ্ৰামাগ্লিয়াই ১০ জন নিহত হোৱা আৰু আন তিনিজন আহত হোৱাৰ তথ্য সদৰি কৰিছে। আৰক্ষীয়ে সদৰি কৰা অনুসৰি ভুক্তভোগীসকলৰ সৰহসংখ্যকেই আছিল কৃষ্ণাংগ লোক। 

গ্ৰামাগ্লিয়াই এই ভয়ংকৰ কাৰ্যৰ বিষয়ে সদৰি কৰি কয়, বন্দুকধাৰীজনে প্ৰথমে টপছ ছুপাৰমাৰ্কেটৰ গাড়ীৰখোৱা স্থানত প্ৰথমে চাৰিজন লোকক গুলীয়াইছিল, তাৰে তিনিজন নিহত হয়। তাৰ পাছত তেওঁ ছুপাৰ মাৰ্কেটখনৰ ভিতৰলৈ গৈ গুলীবৰ্ষণ অব্যাহত ৰাখিছিল। দোকানৰ ভিতৰত নিহতসকলৰ ভিতৰত এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াও আছিল। ছুপাৰ মাৰ্কেটখনত তেওঁ এজন সশস্ত্ৰ নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত হৈ আছিল।

নিৰাপত্তাৰক্ষীজনে ‘সন্দেহজনক লোকজনক’ দেখাৰ লগে লগে কাবু কৰিবলৈ যত্ন কৰিছিল যদিও অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত লোকজনে কেইবাৰো গুলীচালনা কৰি তেওঁক হত্যা কৰে। এই ঘটনাৰ বিষয়ে জানিব পৰাৰ পাছতে আৰক্ষীৰ লোক তাত উপস্থিত হয় আৰু তাৰ পাছতে বন্দুকধাৰী লোকজন আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে। এফবিআইৰ বাফেল’ ফিল্ড অফিচৰ দায়িত্বত থকা বিশেষ এজেণ্ট ষ্টিফেন বেলোনিয়াই সংবাদ সন্মিলনত কয় যে, এই গুলীচালনাক বিদ্বেষমূলক অপৰাধ হিচাপে গণ্য কৰি তদন্ত কৰা হৈছে।

‘আমি এই ঘটনাটো ঘৃণামূলক অপৰাধ আৰু জাতিগতভাৱে প্ৰেৰিত হিংসাত্মক উগ্ৰবাদৰ ঘটনা হিচাপে তদন্ত কৰি আছোঁ," বেলোনিয়াই কয়। ইৰি কাউণ্টি শ্বেৰিফ জন গাৰ্চিয়াই আক্ৰমণৰ ঘটনাক ‘অতি নৃশংস’ বুলি বৰ্ণনা কৰিছে। তেওঁ কয়, ‘এইটো পোনপটীয়াকৈ আমাৰ সম্প্ৰদায়ৰ বাহিৰৰ কাৰোবাক জাতিগতভাৱে প্ৰেৰিত ঘৃণামূলক অপৰাধ।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?