--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ বৰ্ণবাদী আক্ৰমণৰ বলি হৈছে আমেৰিকাৰ কৃষ্ণাংগ লোক। বন্দুকধাৰী শ্বেতাংগ লোকৰ আক্ৰমণত ১০জনলৈ লোকৰ মৃত্যু হোৱাৰ খবৰে বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এজন বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লৈ অহা লোকে ‘বৰ্ণবাদী মানসিকতা’ৰে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল। ১৮ বছৰীয়া শ্বেতাংগ বন্দুকধাৰীজনে শনিবাৰে নিউয়ৰ্কৰ এটা গ্ৰোচাৰী দোকানত এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে।

বাফেল’ৰ আৰক্ষী আয়ুক্ত জোচেফ গ্ৰামাগ্লিয়াই সংবাদমেলতএই ঘটনাৰ সবিশেষ বৰ্ণনা কৰি কয় যে, হেলমেট আৰু ‘টেকটিকেল গিয়াৰ’ পিন্ধি থকা বন্দুকধাৰীজনক এই হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয়।
গ্ৰামাগ্লিয়াই ১০ জন নিহত হোৱা আৰু আন তিনিজন আহত হোৱাৰ তথ্য সদৰি কৰিছে। আৰক্ষীয়ে সদৰি কৰা অনুসৰি ভুক্তভোগীসকলৰ সৰহসংখ্যকেই আছিল কৃষ্ণাংগ লোক। 

গ্ৰামাগ্লিয়াই এই ভয়ংকৰ কাৰ্যৰ বিষয়ে সদৰি কৰি কয়, বন্দুকধাৰীজনে প্ৰথমে টপছ ছুপাৰমাৰ্কেটৰ গাড়ীৰখোৱা স্থানত প্ৰথমে চাৰিজন লোকক গুলীয়াইছিল, তাৰে তিনিজন নিহত হয়। তাৰ পাছত তেওঁ ছুপাৰ মাৰ্কেটখনৰ ভিতৰলৈ গৈ গুলীবৰ্ষণ অব্যাহত ৰাখিছিল। দোকানৰ ভিতৰত নিহতসকলৰ ভিতৰত এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াও আছিল। ছুপাৰ মাৰ্কেটখনত তেওঁ এজন সশস্ত্ৰ নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত হৈ আছিল।

নিৰাপত্তাৰক্ষীজনে ‘সন্দেহজনক লোকজনক’ দেখাৰ লগে লগে কাবু কৰিবলৈ যত্ন কৰিছিল যদিও অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত লোকজনে কেইবাৰো গুলীচালনা কৰি তেওঁক হত্যা কৰে। এই ঘটনাৰ বিষয়ে জানিব পৰাৰ পাছতে আৰক্ষীৰ লোক তাত উপস্থিত হয় আৰু তাৰ পাছতে বন্দুকধাৰী লোকজন আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে। এফবিআইৰ বাফেল’ ফিল্ড অফিচৰ দায়িত্বত থকা বিশেষ এজেণ্ট ষ্টিফেন বেলোনিয়াই সংবাদ সন্মিলনত কয় যে, এই গুলীচালনাক বিদ্বেষমূলক অপৰাধ হিচাপে গণ্য কৰি তদন্ত কৰা হৈছে।

‘আমি এই ঘটনাটো ঘৃণামূলক অপৰাধ আৰু জাতিগতভাৱে প্ৰেৰিত হিংসাত্মক উগ্ৰবাদৰ ঘটনা হিচাপে তদন্ত কৰি আছোঁ," বেলোনিয়াই কয়। ইৰি কাউণ্টি শ্বেৰিফ জন গাৰ্চিয়াই আক্ৰমণৰ ঘটনাক ‘অতি নৃশংস’ বুলি বৰ্ণনা কৰিছে। তেওঁ কয়, ‘এইটো পোনপটীয়াকৈ আমাৰ সম্প্ৰদায়ৰ বাহিৰৰ কাৰোবাক জাতিগতভাৱে প্ৰেৰিত ঘৃণামূলক অপৰাধ।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে