--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড কালত বিনামূলীয়া ৰেচন লাভ কৰিছিল ৮০ কোটি দৰিদ্ৰ জনতাই৷ স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে সদৰি কৰা তথ্যত পোহৰলৈ আহিছিল ভাৰতৰ দৰিদ্ৰ নাগৰিকৰ পৰিসংখ্যা৷ আশী কোটি দৰিদ্ৰই বসবাস কৰা ভাৰতত এতিয়া তেওঁলোকৰ ভৰসা কেৰাচিন তেলৰ ঊৰ্ধ্বমুখী দাম হৈ পৰিছে বব নোৱৰা বোজা৷ 

এইবাৰ কেৰাচিনত হাত দিছে কেন্দ্ৰীয় চৰকাৰে৷ স্বৰাজোত্তৰ কালছোৱাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ তালিকাভুক্ত অন্যতম প্ৰয়োজনীয় সামগ্ৰী আছিল কেৰাচিন৷ এতিয়া কেন্দ্ৰৰ বিজেপি চৰকাৰে পিডিএছৰ তালিকাৰ পৰা কেৰাচিন তেল কৰ্তনৰ বাবে ৰচিছে বিশেষ পৰিকল্পনা৷ এই পৰিকল্পনাৰ অংশ অনুসৰি হঠাৎ বৃদ্ধি পাইছে কেৰাচিনৰ দাম৷ চলিত বৰ্ষৰ মে’ পৰ্যন্ত দেশত ২৮ টকা দৰত সুলভ মূল্যৰ দোকানৰ জৰিয়তে উপলব্ধ হোৱা প্ৰতি লিটাৰ কেৰাচিনৰ দামে এতিয়া অতিক্ৰম কৰিছে শতকৰ ঘৰ৷ এতিয়া প্ৰতি লিটাৰ কেৰাচিনৰ দাম বৃদ্ধি পাইছে ১০২ টকালৈ৷

১০২ টকালৈ বৃদ্ধি পোৱাৰ বাবে সমগ্ৰ দেশতে একপ্ৰকাৰ বন্ধ হৈ পৰিছে পিডিএছৰ জৰিয়তে কেৰাচিনৰ ক্ৰয়-বিক্ৰয়৷ অস্বাভাৱিক হাৰত কেৰাচিনৰ দাম বৃদ্ধি পোৱা বাবে কেৰাচিন তেলৰ বিতৰণৰ দায়িত্ববাহী ডিপোসমূহে পিডিএছৰ অধীনত আবণ্টিত কেৰাচিন ক্ৰয় পৰ্ব৷ সৰ্বসাধাৰণৰ অত্যন্ত প্ৰয়োজনীয় হোৱা সত্ত্বেও বৰ্ধিত দামৰ বাবে ৰাইজে কেৰাচিন ক্ৰয় বন্ধ কৰিবলগীয়া হৈছে৷ 

আনহাতে, এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে চেনিৰ পাছত কেৰাচিন তেলো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ লক্ষ্য লৈছে৷ দেশৰ দৰিদ্ৰ জনতাক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে কেৰাচিন তেলৰ আৰু এটকাও ৰাজসাহায্য ভৰিবলৈ আগ্ৰহী নহয়৷ কিন্তু, পোনপটীয়াকৈ পিডিএছৰ পৰা কেৰাচিন কৰ্তন কৰিলে কেৰাচিনৰ ডিপোসমূহৰ গৰাকীক ক্ষতিপূৰণ আদায় দিবলগীয়া হোৱাৰ আশংকাতে কেন্দ্ৰীয় চৰকাৰে কেৰাচিনৰ দাম-বৃদ্ধি কৰি প্ৰথমে ক্ৰয়-বিক্ৰয় বন্ধ কৰাৰ নীতি গ্ৰহণ কৰিছে৷

চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বাবেই আচম্বিতে নিম্নগামী হৈছে কেৰাচিনৰ ক্ৰয়-বিক্ৰয়৷ এনে পৰিপ্ৰেক্ষিতত কেৰাচিনৰ বিক্ৰী সন্তোষজনক নহয় বুুলি যুক্তি দৰ্শাই কেন্দ্ৰীয় চৰকাৰে পিডিএছ ব্যৱস্থাৰ পৰা কেৰাচিন কৰ্তন কৰাৰ পথ প্ৰশস্ত কৰিছে৷ আৰু ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হ’ব নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকল৷

ৰন্ধন গেছৰ অস্বাভাৱিক দামবৃদ্ধিৰ বাবে অধিকাংশ লোকেই কেৰাচিনৰ সহায়তে পাকঘৰৰ কাম-কাজ সমাপন কৰিবলৈ লৈছে৷ কিন্তু, চৰকাৰৰ এই সিদ্ধান্তই যে পুনৰ এবাৰ দুখীয়া ৰাইজৰ ওপৰত মাধমাৰ সোধাব, সেয়া নিশ্চিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ