--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড কালত বিনামূলীয়া ৰেচন লাভ কৰিছিল ৮০ কোটি দৰিদ্ৰ জনতাই৷ স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে সদৰি কৰা তথ্যত পোহৰলৈ আহিছিল ভাৰতৰ দৰিদ্ৰ নাগৰিকৰ পৰিসংখ্যা৷ আশী কোটি দৰিদ্ৰই বসবাস কৰা ভাৰতত এতিয়া তেওঁলোকৰ ভৰসা কেৰাচিন তেলৰ ঊৰ্ধ্বমুখী দাম হৈ পৰিছে বব নোৱৰা বোজা৷ 

এইবাৰ কেৰাচিনত হাত দিছে কেন্দ্ৰীয় চৰকাৰে৷ স্বৰাজোত্তৰ কালছোৱাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ তালিকাভুক্ত অন্যতম প্ৰয়োজনীয় সামগ্ৰী আছিল কেৰাচিন৷ এতিয়া কেন্দ্ৰৰ বিজেপি চৰকাৰে পিডিএছৰ তালিকাৰ পৰা কেৰাচিন তেল কৰ্তনৰ বাবে ৰচিছে বিশেষ পৰিকল্পনা৷ এই পৰিকল্পনাৰ অংশ অনুসৰি হঠাৎ বৃদ্ধি পাইছে কেৰাচিনৰ দাম৷ চলিত বৰ্ষৰ মে’ পৰ্যন্ত দেশত ২৮ টকা দৰত সুলভ মূল্যৰ দোকানৰ জৰিয়তে উপলব্ধ হোৱা প্ৰতি লিটাৰ কেৰাচিনৰ দামে এতিয়া অতিক্ৰম কৰিছে শতকৰ ঘৰ৷ এতিয়া প্ৰতি লিটাৰ কেৰাচিনৰ দাম বৃদ্ধি পাইছে ১০২ টকালৈ৷

১০২ টকালৈ বৃদ্ধি পোৱাৰ বাবে সমগ্ৰ দেশতে একপ্ৰকাৰ বন্ধ হৈ পৰিছে পিডিএছৰ জৰিয়তে কেৰাচিনৰ ক্ৰয়-বিক্ৰয়৷ অস্বাভাৱিক হাৰত কেৰাচিনৰ দাম বৃদ্ধি পোৱা বাবে কেৰাচিন তেলৰ বিতৰণৰ দায়িত্ববাহী ডিপোসমূহে পিডিএছৰ অধীনত আবণ্টিত কেৰাচিন ক্ৰয় পৰ্ব৷ সৰ্বসাধাৰণৰ অত্যন্ত প্ৰয়োজনীয় হোৱা সত্ত্বেও বৰ্ধিত দামৰ বাবে ৰাইজে কেৰাচিন ক্ৰয় বন্ধ কৰিবলগীয়া হৈছে৷ 

আনহাতে, এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে চেনিৰ পাছত কেৰাচিন তেলো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ লক্ষ্য লৈছে৷ দেশৰ দৰিদ্ৰ জনতাক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে কেৰাচিন তেলৰ আৰু এটকাও ৰাজসাহায্য ভৰিবলৈ আগ্ৰহী নহয়৷ কিন্তু, পোনপটীয়াকৈ পিডিএছৰ পৰা কেৰাচিন কৰ্তন কৰিলে কেৰাচিনৰ ডিপোসমূহৰ গৰাকীক ক্ষতিপূৰণ আদায় দিবলগীয়া হোৱাৰ আশংকাতে কেন্দ্ৰীয় চৰকাৰে কেৰাচিনৰ দাম-বৃদ্ধি কৰি প্ৰথমে ক্ৰয়-বিক্ৰয় বন্ধ কৰাৰ নীতি গ্ৰহণ কৰিছে৷

চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বাবেই আচম্বিতে নিম্নগামী হৈছে কেৰাচিনৰ ক্ৰয়-বিক্ৰয়৷ এনে পৰিপ্ৰেক্ষিতত কেৰাচিনৰ বিক্ৰী সন্তোষজনক নহয় বুুলি যুক্তি দৰ্শাই কেন্দ্ৰীয় চৰকাৰে পিডিএছ ব্যৱস্থাৰ পৰা কেৰাচিন কৰ্তন কৰাৰ পথ প্ৰশস্ত কৰিছে৷ আৰু ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হ’ব নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকল৷

ৰন্ধন গেছৰ অস্বাভাৱিক দামবৃদ্ধিৰ বাবে অধিকাংশ লোকেই কেৰাচিনৰ সহায়তে পাকঘৰৰ কাম-কাজ সমাপন কৰিবলৈ লৈছে৷ কিন্তু, চৰকাৰৰ এই সিদ্ধান্তই যে পুনৰ এবাৰ দুখীয়া ৰাইজৰ ওপৰত মাধমাৰ সোধাব, সেয়া নিশ্চিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'