--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মই জীয়াই আছো, এই কথাষাৰেই প্ৰমাণ কৰিব পৰা নাই তেওঁ৷ কাৰণ চৰকাৰী কাগজে-পত্ৰই লোক জনক মৃত ঘোষণা কৰি থৈছে৷ হয়, এজন সন্ন্যাসীয়ে তেওঁ জীয়াই আছে বুলি প্ৰমাণ কৰিবলৈ যুঁজ দি আছে৷ বহুদুন আগতেই  তেওঁক কাগজত মৃত ঘোষণা কৰা হৈছে। ভাৰতত ভূমিহীন সকলৰ মাজত এই  সমস্যা সচৰাচৰ দেখা যায় বুলি সন্ন্যাসীজনে অভিযোগ কৰিছে৷ 

তেওঁ কয়  যে স্থানীয় ভূমি মাফিয়াই ফিৰোজাবাদ পৌৰ নিগমৰ সৈতে মিত্ৰতা কৰি  তেওঁৰ মৃত্যুৰ প্ৰমাণপত্ৰ উলিয়াবলৈ সক্ষম হৈছিল।   কৃষ্ণানন্দ সৰস্বতী (৯০) নামৰ এজন সন্ন্যাসীগৰাকীয়ে সেয়ে এতিয়া জীয়াই থকা বুলি প্ৰমাণ কৰিবলৈ আদালতৰ দ্বাৰস্থ হ’বলগীয়া হৈছে ৷ ২০২১ চনৰ নৱেম্বৰত তেওঁৰ মৃত্যুৰ প্ৰমাণপত্ৰ জাৰি কৰা হৈছিল৷ তেতিয়াৰে পৰাই তেওঁ আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলগীয়া হৈছে৷ 

তেওঁৰ দ্বাৰা পৰিচালিত হিউমানয়ুনপুৰ এলেকাত এটা মন্দিৰৰ ভূমি অধিগ্ৰহণ কৰাৰ ভূ মাফিয়াই তেওঁক মৃত সজাইছে বুলি অভিযোগ উঠিছে৷ তেওঁ কয় " যোৱা বছৰ নৱেম্বৰত, ফিৰোজাবাদ পৌৰ নিগমে মোৰ মৃত্যুৰ প্ৰমাণপত্ৰ জাৰি কৰিছিল। মই মাত্ৰ ছয় মাহ আগতে এই বিষয়ে জানিব পাৰিছিলো আৰু তেতিয়াৰ পৰা  মই স্থানীয় কৰ্তৃপক্ষক বুজাবলৈ চেষ্টা কৰি আছোঁ যে মই জীয়াই আছোঁ।" ভুৱা নথি পত্ৰে তেওঁ  পৰিচালনা কৰি থকা মন্দিৰৰ মাটি খিনি একাংশ  লোকে  দখল কৰিবলৈ চেষ্টা কৰি আছে বুলিও তেওঁ অভিযোগ কৰে। 

ফিৰোজাবাদৰ পৌৰ আয়ুক্ত চঞ্চম মীনাই কয়, "আমি যোৱা বছৰ জাৰি কৰা এখন  ভুৱা মৃত্যুৰ প্ৰমাণপত্ৰ সন্দৰ্ভত পোৱা  অভিযোগটো পৰীক্ষা কৰি আছো । গোটেই বিষয়টো বিতংভাৱে অনুসন্ধান কৰা হৈছে। দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান