--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মই জীয়াই আছো, এই কথাষাৰেই প্ৰমাণ কৰিব পৰা নাই তেওঁ৷ কাৰণ চৰকাৰী কাগজে-পত্ৰই লোক জনক মৃত ঘোষণা কৰি থৈছে৷ হয়, এজন সন্ন্যাসীয়ে তেওঁ জীয়াই আছে বুলি প্ৰমাণ কৰিবলৈ যুঁজ দি আছে৷ বহুদুন আগতেই  তেওঁক কাগজত মৃত ঘোষণা কৰা হৈছে। ভাৰতত ভূমিহীন সকলৰ মাজত এই  সমস্যা সচৰাচৰ দেখা যায় বুলি সন্ন্যাসীজনে অভিযোগ কৰিছে৷ 

তেওঁ কয়  যে স্থানীয় ভূমি মাফিয়াই ফিৰোজাবাদ পৌৰ নিগমৰ সৈতে মিত্ৰতা কৰি  তেওঁৰ মৃত্যুৰ প্ৰমাণপত্ৰ উলিয়াবলৈ সক্ষম হৈছিল।   কৃষ্ণানন্দ সৰস্বতী (৯০) নামৰ এজন সন্ন্যাসীগৰাকীয়ে সেয়ে এতিয়া জীয়াই থকা বুলি প্ৰমাণ কৰিবলৈ আদালতৰ দ্বাৰস্থ হ’বলগীয়া হৈছে ৷ ২০২১ চনৰ নৱেম্বৰত তেওঁৰ মৃত্যুৰ প্ৰমাণপত্ৰ জাৰি কৰা হৈছিল৷ তেতিয়াৰে পৰাই তেওঁ আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলগীয়া হৈছে৷ 

তেওঁৰ দ্বাৰা পৰিচালিত হিউমানয়ুনপুৰ এলেকাত এটা মন্দিৰৰ ভূমি অধিগ্ৰহণ কৰাৰ ভূ মাফিয়াই তেওঁক মৃত সজাইছে বুলি অভিযোগ উঠিছে৷ তেওঁ কয় " যোৱা বছৰ নৱেম্বৰত, ফিৰোজাবাদ পৌৰ নিগমে মোৰ মৃত্যুৰ প্ৰমাণপত্ৰ জাৰি কৰিছিল। মই মাত্ৰ ছয় মাহ আগতে এই বিষয়ে জানিব পাৰিছিলো আৰু তেতিয়াৰ পৰা  মই স্থানীয় কৰ্তৃপক্ষক বুজাবলৈ চেষ্টা কৰি আছোঁ যে মই জীয়াই আছোঁ।" ভুৱা নথি পত্ৰে তেওঁ  পৰিচালনা কৰি থকা মন্দিৰৰ মাটি খিনি একাংশ  লোকে  দখল কৰিবলৈ চেষ্টা কৰি আছে বুলিও তেওঁ অভিযোগ কৰে। 

ফিৰোজাবাদৰ পৌৰ আয়ুক্ত চঞ্চম মীনাই কয়, "আমি যোৱা বছৰ জাৰি কৰা এখন  ভুৱা মৃত্যুৰ প্ৰমাণপত্ৰ সন্দৰ্ভত পোৱা  অভিযোগটো পৰীক্ষা কৰি আছো । গোটেই বিষয়টো বিতংভাৱে অনুসন্ধান কৰা হৈছে। দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ