--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বিভাজনৰ পাছত গঠিত পাকিস্তানত আজি ইছলামিক নীতি-নিয়মৰ বাবে আন ধৰ্মৰ লোকৰ বাবে শান্তিপূৰ্ণভাৱে জীয়াই থকাটো কঠিন হৈ পৰিছে। তাত মুছলমানৰ তুলনাত হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টানৰ অধিকাৰ ক্ৰমান্বয়ে কমি আহিছে। প্ৰাপ্ত খবৰ অনুসৰি এতিয়া তাত থকা সকলো শিক্ষানুষ্ঠানতে হোলী উদযাপন নিষিদ্ধ কৰা হৈছে। অৰ্থাৎ কোনো বিদ্যালয়ত হোলী খেলিব দিয়া নহ’ব।


চলিত বৰ্ষৰ হোলী উৎসৱ উপলক্ষে পাকিস্তানৰ বিদ্যালয়ত হিন্দুসকলৰ ওপৰত সংঘটিত হোৱা মাৰাত্মক আক্ৰমণৰ পাছত এতিয়া এই খবৰ আহি পৰিছে। পাকিস্তানৰ ‘আজ নিউজ’ত প্ৰকাশিত বাতৰি অনুসৰি পাকিস্তানৰ উচ্চ শিক্ষা আয়োগে সকলো শিক্ষানুষ্ঠানতে হোলী উদযাপন নিষিদ্ধ কৰিছে আৰু কয় যে এনে কাৰ্যকলাপ দেশৰ সামাজিক-সাংস্কৃতিক মূল্যবোধৰ সৈতে কোনোধৰণৰ মিল নাই।এইবোৰ পৃথক আৰু ইছলামিক পৰিচয়ৰ বিপৰীত দেশৰহে সংস্কৃতি৷


উল্লেখযোগ্য যে এই বছৰতে পাকিস্তান বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰি থকা হিন্দু ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা হৈছিল, য’ত ১৫জন লোক আহত হৈছিল৷চলিত মাহৰ আৰম্ভণিতে ইছলামবাগৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ত হোলী উদযাপনৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইয়াৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পাকিস্তানৰ উচ্চ শিক্ষা আয়োগৰ অধিসূচনাত কোৱা হৈছে যে ছাত্ৰ-ছাত্ৰীসকলে “সামাজিক-সাংস্কৃতিক মূল্যবোধ” মানি চলিবলৈ এই উৎসৱ উদযাপন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস