--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বিভাজনৰ পাছত গঠিত পাকিস্তানত আজি ইছলামিক নীতি-নিয়মৰ বাবে আন ধৰ্মৰ লোকৰ বাবে শান্তিপূৰ্ণভাৱে জীয়াই থকাটো কঠিন হৈ পৰিছে। তাত মুছলমানৰ তুলনাত হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টানৰ অধিকাৰ ক্ৰমান্বয়ে কমি আহিছে। প্ৰাপ্ত খবৰ অনুসৰি এতিয়া তাত থকা সকলো শিক্ষানুষ্ঠানতে হোলী উদযাপন নিষিদ্ধ কৰা হৈছে। অৰ্থাৎ কোনো বিদ্যালয়ত হোলী খেলিব দিয়া নহ’ব।


চলিত বৰ্ষৰ হোলী উৎসৱ উপলক্ষে পাকিস্তানৰ বিদ্যালয়ত হিন্দুসকলৰ ওপৰত সংঘটিত হোৱা মাৰাত্মক আক্ৰমণৰ পাছত এতিয়া এই খবৰ আহি পৰিছে। পাকিস্তানৰ ‘আজ নিউজ’ত প্ৰকাশিত বাতৰি অনুসৰি পাকিস্তানৰ উচ্চ শিক্ষা আয়োগে সকলো শিক্ষানুষ্ঠানতে হোলী উদযাপন নিষিদ্ধ কৰিছে আৰু কয় যে এনে কাৰ্যকলাপ দেশৰ সামাজিক-সাংস্কৃতিক মূল্যবোধৰ সৈতে কোনোধৰণৰ মিল নাই।এইবোৰ পৃথক আৰু ইছলামিক পৰিচয়ৰ বিপৰীত দেশৰহে সংস্কৃতি৷


উল্লেখযোগ্য যে এই বছৰতে পাকিস্তান বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰি থকা হিন্দু ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা হৈছিল, য’ত ১৫জন লোক আহত হৈছিল৷চলিত মাহৰ আৰম্ভণিতে ইছলামবাগৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ত হোলী উদযাপনৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইয়াৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পাকিস্তানৰ উচ্চ শিক্ষা আয়োগৰ অধিসূচনাত কোৱা হৈছে যে ছাত্ৰ-ছাত্ৰীসকলে “সামাজিক-সাংস্কৃতিক মূল্যবোধ” মানি চলিবলৈ এই উৎসৱ উদযাপন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি