--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাগৰৰ তলীত হেৰাই যোৱা এখন চাবমেৰিনৰ উদ্ধাৰৰ বাবে পুৰাদ্যমে চেষ্টা চলোৱা হৈছে৷ উদ্ধাৰকাৰ্যৰ বাবে সময় বেছি নাই৷ খুব সোনকালেই সাগৰৰ তলত টাইটানিকৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰি থাকোঁতে হেৰাই যোৱা চাবমেৰিন ‘টাইটান’ বিচাৰি উলিয়াব লাগিব। পূৰ্ণ গতিত অনুসন্ধান চলি আছে।

বিশেষজ্ঞসকলে সন্দেহ প্ৰকাশ কৰি কৈছে যে কামটো সহজ নহয়। চাবমেৰিনখনত মাত্ৰ দুঘণ্টাৰ বাবে উশাহ ল’ব পৰাকৈ অক্সিজেন আছে বুলি তেওঁলোকে কৈছে৷ লগতে বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনাও আছে। তেনে ক্ষেত্ৰত হিটাৰটো বন্ধ হ’ব পাৰে। টাইটানৰ ভিতৰত অক্সিজেনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটোও আৰু সম্ভৱ নহ’ব। এনে পৰিস্থিতিত ৫ জন যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ প্ৰশ্ন উত্থাপন হৈছে।

আমেৰিকা আৰু কানাডাৰ উদ্ধাৰকাৰী বাহিনীয়ে নিৰুদ্দেশ হোৱা ছাবমেৰিনখন উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছে। ক’ষ্ট গাৰ্ড আৰু এয়াৰ ফৰ্চৰ লগতে এই ৰবটেও অনুসন্ধান আৰম্ভ কৰিছে। উত্তৰ আটলাণ্টিক মহাসাগৰত অব্যাহত আছে এই অনুসন্ধান। ছাবমেৰিনৰ শব্দ তুলি ল’ব পৰাকৈ  যন্ত্ৰও স্থাপন কৰা হৈছে। সেই যন্ত্ৰটোত বিশেষ শব্দ ধৰা পৰে। অৱশ্যে হেৰাই যোৱা চাবমেৰিনখনৰ পৰা শব্দ আহিছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।


চাবমেৰিনৰ প্ৰযুক্তিত ৯৬ ঘণ্টা ধৰি উশাহ লোৱা অক্সিজেন আছিল। বিশেষজ্ঞসকলৰ মতে বৃহস্পতিবাৰে পুৱালৈকে তাত ৰাইডাৰসকলে উশাহ ল’ব পাৰিব। ইয়াৰ পিছত মাত্ৰ ২২ ফুটৰ সেই চাবমেৰিনত এক মিনিটৰ বাবেও উশাহ লোৱাটো কঠিন হৈ পৰে। সাগৰৰ গভীৰতাত চৰম ঠাণ্ডা। বিদ্যুৎ বিচ্ছিন্ন হ’লে চাবমেৰিনখন আৰু গৰম নহ’ব। ফলত মৃত্যু অনিবাৰ্য। সূত্ৰ অনুসৰি টাইটানত বিশেষ খাদ্যৰ মজুতও নাছিল।

উল্লেখ্য যে ১৯১২ চনৰ ১৪ এপ্ৰিলত সেই সময়ৰ অন্যতম বিলাসী যাত্ৰীবাহী জাহাজ টাইটানিক এখন বৰফৰ পাহাৰত খুন্দা মাৰি উত্তৰ আটলাণ্টিকত ডুব যায়। ১৫০০ৰো অধিক লোকৰ মৃত্যু। তাৰ পিছত ১১১ বছৰ পাৰ হৈ গ’ল। টাইটানিক জাহাজৰ ধ্বংসাৱশেষ এতিয়াও আটলাণ্টিক মহাসাগৰৰ পৃষ্ঠৰ পৰা ৪৫০০ মিটাৰ তলত আছে।

পৰ্যটক কোম্পানী অ’চেনগেটে পৰ্যটকক লৈ গৈছিল আটলাণ্টিকৰ তলত টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ। কিন্তু দেওবাৰৰ পৰা নিৰুদ্দেশ হৈছে ডুবাৰুজন।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিছ হাৰ্ডিং, পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা ডাউড আৰু তেওঁৰ পুত্ৰ চুলেইমান, অ’চেনগেটৰ চিইঅ’ ষ্টকটন ৰাছ আৰু ফ্ৰান্সৰ নাৱিক পল হেনৰী নাৰ্জিঅ’লেট ছাবমেৰিনত আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি