--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাগৰৰ তলীত হেৰাই যোৱা এখন চাবমেৰিনৰ উদ্ধাৰৰ বাবে পুৰাদ্যমে চেষ্টা চলোৱা হৈছে৷ উদ্ধাৰকাৰ্যৰ বাবে সময় বেছি নাই৷ খুব সোনকালেই সাগৰৰ তলত টাইটানিকৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰি থাকোঁতে হেৰাই যোৱা চাবমেৰিন ‘টাইটান’ বিচাৰি উলিয়াব লাগিব। পূৰ্ণ গতিত অনুসন্ধান চলি আছে।

বিশেষজ্ঞসকলে সন্দেহ প্ৰকাশ কৰি কৈছে যে কামটো সহজ নহয়। চাবমেৰিনখনত মাত্ৰ দুঘণ্টাৰ বাবে উশাহ ল’ব পৰাকৈ অক্সিজেন আছে বুলি তেওঁলোকে কৈছে৷ লগতে বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনাও আছে। তেনে ক্ষেত্ৰত হিটাৰটো বন্ধ হ’ব পাৰে। টাইটানৰ ভিতৰত অক্সিজেনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটোও আৰু সম্ভৱ নহ’ব। এনে পৰিস্থিতিত ৫ জন যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ প্ৰশ্ন উত্থাপন হৈছে।

আমেৰিকা আৰু কানাডাৰ উদ্ধাৰকাৰী বাহিনীয়ে নিৰুদ্দেশ হোৱা ছাবমেৰিনখন উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছে। ক’ষ্ট গাৰ্ড আৰু এয়াৰ ফৰ্চৰ লগতে এই ৰবটেও অনুসন্ধান আৰম্ভ কৰিছে। উত্তৰ আটলাণ্টিক মহাসাগৰত অব্যাহত আছে এই অনুসন্ধান। ছাবমেৰিনৰ শব্দ তুলি ল’ব পৰাকৈ  যন্ত্ৰও স্থাপন কৰা হৈছে। সেই যন্ত্ৰটোত বিশেষ শব্দ ধৰা পৰে। অৱশ্যে হেৰাই যোৱা চাবমেৰিনখনৰ পৰা শব্দ আহিছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।


চাবমেৰিনৰ প্ৰযুক্তিত ৯৬ ঘণ্টা ধৰি উশাহ লোৱা অক্সিজেন আছিল। বিশেষজ্ঞসকলৰ মতে বৃহস্পতিবাৰে পুৱালৈকে তাত ৰাইডাৰসকলে উশাহ ল’ব পাৰিব। ইয়াৰ পিছত মাত্ৰ ২২ ফুটৰ সেই চাবমেৰিনত এক মিনিটৰ বাবেও উশাহ লোৱাটো কঠিন হৈ পৰে। সাগৰৰ গভীৰতাত চৰম ঠাণ্ডা। বিদ্যুৎ বিচ্ছিন্ন হ’লে চাবমেৰিনখন আৰু গৰম নহ’ব। ফলত মৃত্যু অনিবাৰ্য। সূত্ৰ অনুসৰি টাইটানত বিশেষ খাদ্যৰ মজুতও নাছিল।

উল্লেখ্য যে ১৯১২ চনৰ ১৪ এপ্ৰিলত সেই সময়ৰ অন্যতম বিলাসী যাত্ৰীবাহী জাহাজ টাইটানিক এখন বৰফৰ পাহাৰত খুন্দা মাৰি উত্তৰ আটলাণ্টিকত ডুব যায়। ১৫০০ৰো অধিক লোকৰ মৃত্যু। তাৰ পিছত ১১১ বছৰ পাৰ হৈ গ’ল। টাইটানিক জাহাজৰ ধ্বংসাৱশেষ এতিয়াও আটলাণ্টিক মহাসাগৰৰ পৃষ্ঠৰ পৰা ৪৫০০ মিটাৰ তলত আছে।

পৰ্যটক কোম্পানী অ’চেনগেটে পৰ্যটকক লৈ গৈছিল আটলাণ্টিকৰ তলত টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ। কিন্তু দেওবাৰৰ পৰা নিৰুদ্দেশ হৈছে ডুবাৰুজন।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিছ হাৰ্ডিং, পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা ডাউড আৰু তেওঁৰ পুত্ৰ চুলেইমান, অ’চেনগেটৰ চিইঅ’ ষ্টকটন ৰাছ আৰু ফ্ৰান্সৰ নাৱিক পল হেনৰী নাৰ্জিঅ’লেট ছাবমেৰিনত আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস