--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ অৱসান হোৱাৰ লক্ষণ দেখিবলৈ পোৱা হোৱা নাই। লাহে লাহে উদ্ধৱ থাকৰে শিবিৰ অধিক দুৰ্বল হৈ অহা তথা একনাথ সিন্দে শিবিৰত নতুন শক্তিৰ সঞ্চাৰ হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। ইফালে বুধবাৰে নিশাৰ ভাগত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই তেওঁৰ চৰকাৰী আবাস ত্যাগ কৰি মাতোশ্ৰীলৈ প্ৰত্যাৱৰ্তন কৰাটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, বিজেপিয়ে এই সমগ্ৰ পট পৰিৱৰ্তনৰ সূত্ৰ ধৰা বুলি অভিযোগ উঠিছে যদিও তেওঁলোক এতিয়াও প্ৰেক্ষাপটৰ সন্মুখলৈ অহা নাই। আনকি চৰকাৰ গঠনৰ দাবীও কৰা নাই। একনাথ সিন্দেইয়ো দাবী কৰিছে যে, তেওঁ বিজেপিৰে সম্পৰ্কত নাই। বৰং শিৱসেনাত ঘটাবলগীয়া অত্যাৱশ্যকীয় সংস্কাৰৰ বাবেহে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

ইফালে, শিৱসেনাৰ আন তিনিগৰাকী বিধায়কে মুম্বাই এৰি গুৱাহাটীত উপস্থিত হৈছে। একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত বাহৰ পাতি থকা বিসম্বাদী বিধায়ক দলৰ শক্তি বৃদ্ধি পাই গৈ থকাটোৱে উদ্ধৱ থাকৰেৰ ৰাজপাট কাঢ়ি নিয়াটো একপ্ৰকাৰ নিশ্চিত কৰি তুলিছে। কিন্তু এইবাৰ কাৰ নেতৃত্বত মহাৰাষ্ট্ৰত চৰকাৰ গঠন হব সেয়া স্পষ্ট হবলৈ এতিয়াও বাকী আছে।

ইফালে, গুৱাহাটীত সিন্দে শিবিৰত যোগ দিয়া আন তিনিগৰাকী শিৱসেনা বিধায়ক হৈছে ক্ৰমে দীপক কেছাকাৰ, তেওঁ হৈছে সাৱন্তবাদীৰ বিধায়ক। চেম্বাবুৰৰ বিধায়ক মংগেশ কুডালকাৰ আৰু দাদৰৰ বিধায়ক সদা ছাৰভানকাৰ।

 

এতিয়া দলত বিভাজন আনিবলৈ সিন্দেক কেৱল এজন বিধায়কৰ প্ৰয়োজন। আৰু এজন শিৱসেনা বিধায়কক নিজৰ পক্ষললৈ আনিব পাৰিলেই এণ্টি-ডিফেকচন ল অনুসৰি তেওঁলোক অযোগ্য বিবেচিত নহব। মন কৰিবলগীয়া যে, সিন্দে শিবিৰত আন পাঁচজন নিৰ্দলীয় বিধায়কো আছে।

 

শিৱসেনা নেতৃত্বৰ ত্ৰিদলীয় চৰকাৰৰ আন দুটা অংশীদাৰ দল শাৰদ পাৱাৰৰ এনচিপি আৰু কংগ্ৰেছে একনাথ সিন্দেক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ পৰামৰ্শ দিছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। যাতে এই ভয়ংকৰ সংকটৰ মাজৰ পৰা মিত্ৰ চৰকাৰখনক ৰক্ষা কৰিব পাৰে। অৱশ্যে এই সম্পৰ্কত এতিয়ালৈ কোনো স্পষ্ট পৰিস্থিতি প্ৰকট হোৱা নাই।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ