--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ অৱসান হোৱাৰ লক্ষণ দেখিবলৈ পোৱা হোৱা নাই। লাহে লাহে উদ্ধৱ থাকৰে শিবিৰ অধিক দুৰ্বল হৈ অহা তথা একনাথ সিন্দে শিবিৰত নতুন শক্তিৰ সঞ্চাৰ হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। ইফালে বুধবাৰে নিশাৰ ভাগত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই তেওঁৰ চৰকাৰী আবাস ত্যাগ কৰি মাতোশ্ৰীলৈ প্ৰত্যাৱৰ্তন কৰাটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, বিজেপিয়ে এই সমগ্ৰ পট পৰিৱৰ্তনৰ সূত্ৰ ধৰা বুলি অভিযোগ উঠিছে যদিও তেওঁলোক এতিয়াও প্ৰেক্ষাপটৰ সন্মুখলৈ অহা নাই। আনকি চৰকাৰ গঠনৰ দাবীও কৰা নাই। একনাথ সিন্দেইয়ো দাবী কৰিছে যে, তেওঁ বিজেপিৰে সম্পৰ্কত নাই। বৰং শিৱসেনাত ঘটাবলগীয়া অত্যাৱশ্যকীয় সংস্কাৰৰ বাবেহে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

ইফালে, শিৱসেনাৰ আন তিনিগৰাকী বিধায়কে মুম্বাই এৰি গুৱাহাটীত উপস্থিত হৈছে। একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত বাহৰ পাতি থকা বিসম্বাদী বিধায়ক দলৰ শক্তি বৃদ্ধি পাই গৈ থকাটোৱে উদ্ধৱ থাকৰেৰ ৰাজপাট কাঢ়ি নিয়াটো একপ্ৰকাৰ নিশ্চিত কৰি তুলিছে। কিন্তু এইবাৰ কাৰ নেতৃত্বত মহাৰাষ্ট্ৰত চৰকাৰ গঠন হব সেয়া স্পষ্ট হবলৈ এতিয়াও বাকী আছে।

ইফালে, গুৱাহাটীত সিন্দে শিবিৰত যোগ দিয়া আন তিনিগৰাকী শিৱসেনা বিধায়ক হৈছে ক্ৰমে দীপক কেছাকাৰ, তেওঁ হৈছে সাৱন্তবাদীৰ বিধায়ক। চেম্বাবুৰৰ বিধায়ক মংগেশ কুডালকাৰ আৰু দাদৰৰ বিধায়ক সদা ছাৰভানকাৰ।

 

এতিয়া দলত বিভাজন আনিবলৈ সিন্দেক কেৱল এজন বিধায়কৰ প্ৰয়োজন। আৰু এজন শিৱসেনা বিধায়কক নিজৰ পক্ষললৈ আনিব পাৰিলেই এণ্টি-ডিফেকচন ল অনুসৰি তেওঁলোক অযোগ্য বিবেচিত নহব। মন কৰিবলগীয়া যে, সিন্দে শিবিৰত আন পাঁচজন নিৰ্দলীয় বিধায়কো আছে।

 

শিৱসেনা নেতৃত্বৰ ত্ৰিদলীয় চৰকাৰৰ আন দুটা অংশীদাৰ দল শাৰদ পাৱাৰৰ এনচিপি আৰু কংগ্ৰেছে একনাথ সিন্দেক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ পৰামৰ্শ দিছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। যাতে এই ভয়ংকৰ সংকটৰ মাজৰ পৰা মিত্ৰ চৰকাৰখনক ৰক্ষা কৰিব পাৰে। অৱশ্যে এই সম্পৰ্কত এতিয়ালৈ কোনো স্পষ্ট পৰিস্থিতি প্ৰকট হোৱা নাই।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?