--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰকাশ্যে চুমু খাওয়া এই দেশে অপৰাধ, ঘোচ খাওয়া কখনই নহয়... পশ্চিমবংগৰ প্ৰখ্যাত শিল্পী নচিকেতাই গোৱা এই গানটোৰে যেন এতিয়া বাস্তৱিক প্ৰতিফলন দেখিবলৈ পোৱা গৈছে। সমাজত চলি থকা নানা অন্যায়, অশান্তি, বিধায়কৰ বেছা-কিনা, বিয়াগোম দুৰ্নীতিৰ কথা পাহৰি একাংশ লোকে প্ৰকাশ্যে চুম্বনৰ অপৰাধত শাস্তি বিহিবলৈ উঠি পৰি লাগিছে এক দম্পতীক। এই ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশৰ অযোধ্যাত এই ঘটনা সংঘটিত হৈছে।

অযোধ্যাৰ সৰজু নদীত গা ধুই থকাৰ সময়ত এজন লোকে তেওঁৰ পত্নীক চুম্বন কৰাৰ অপৰাধত একাংশ লোকে তেওঁক অপদস্ত কৰাৰ লগতে তেওঁক শাৰীৰিকভাৱেও প্ৰহাৰ কৰে। লোকজনক প্ৰহাৰ কৰাৰ এই ভিডিঅএতিয়া ভাইৰেল হৈ পৰিছে। ভিডিঅটোত মৰেল পুলিচৰ ভূমিকা গ্ৰহণ কৰা একাংশ লোকে নৈত গা ধুই থকা দম্পতীটোক আক্ৰমণ কৰা আৰু চাৰিওফালৰ পৰা ঘেৰি ধৰি তেওঁলোকক পানীৰ পৰা বলপূৰ্বকভাৱে তুলি লৈ যোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। এই আক্ৰমণকাৰী দলটোৰ মাজৰে এজন লোকে মন্তব্য কৰা শুনা গৈছিল যে, অযোধ্যাত এনেধৰণৰ অশ্লীলতা সহ্য কৰা নহব।

ভিডিঅটোত দেখা যায় যে, মহিলাগৰাকীয়ে স্বামীক আক্ৰমণকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁ সেয়া কৰিবলৈ সক্ষম হোৱা নাই। আৰু উন্মত্ত দলটোতে তেওঁৰ স্বামীৰ তেওঁৰ সন্মুখতে প্ৰহাৰ কৰি গৈছে। এই ঘটনাৰ বিষয়ে সদৰি হোৱাৰ পাছতে অযোধ্যা আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰু বিষয়টো সংক্ৰান্তত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

কিন্তু পত্নীক চুম্বন কৰাটোকো অপৰাধ বুলি গন্য কৰা তথা এজন লোকক ৰাজহুৱাকৈ অপদস্ত তথা প্ৰহাৰ কৰা কাৰ্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নাৰীৰ ওপৰতত হোৱা উৎপীড়ন, অপৰাধ, নিৰ্যাতনৰ দিশৰ পৰা সদায়ে শীৰ্ষত থকা উত্তৰ প্ৰদেশৰ এইসকল লোকে এনে অপৰাধ নিয়ন্ত্ৰণৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰক নকৰক পত্নীক কৰা চুম্বনতো অশ্লীলতা বিচাৰি উলিয়াই তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উঠি পৰি লগাটো উদ্বেগৰ কাৰণ হিচাপে চিহ্নিত হৈছে।

 

উল্লেখ্য যে, সৰযু নদী হৈছে গংগাৰ সাতটা উপনৈৰ ভিতৰত এটা। হিন্দুসকলে এই নদীকো অতি পবিত্ৰ বুলি গন্য কৰে। ভগৱান ৰামৰ জন্মস্থল অযোধ্যা এই সৰযু নদীৰ পাৰতে অৱস্থিত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ