--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰকাশ্যে চুমু খাওয়া এই দেশে অপৰাধ, ঘোচ খাওয়া কখনই নহয়... পশ্চিমবংগৰ প্ৰখ্যাত শিল্পী নচিকেতাই গোৱা এই গানটোৰে যেন এতিয়া বাস্তৱিক প্ৰতিফলন দেখিবলৈ পোৱা গৈছে। সমাজত চলি থকা নানা অন্যায়, অশান্তি, বিধায়কৰ বেছা-কিনা, বিয়াগোম দুৰ্নীতিৰ কথা পাহৰি একাংশ লোকে প্ৰকাশ্যে চুম্বনৰ অপৰাধত শাস্তি বিহিবলৈ উঠি পৰি লাগিছে এক দম্পতীক। এই ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশৰ অযোধ্যাত এই ঘটনা সংঘটিত হৈছে।

অযোধ্যাৰ সৰজু নদীত গা ধুই থকাৰ সময়ত এজন লোকে তেওঁৰ পত্নীক চুম্বন কৰাৰ অপৰাধত একাংশ লোকে তেওঁক অপদস্ত কৰাৰ লগতে তেওঁক শাৰীৰিকভাৱেও প্ৰহাৰ কৰে। লোকজনক প্ৰহাৰ কৰাৰ এই ভিডিঅএতিয়া ভাইৰেল হৈ পৰিছে। ভিডিঅটোত মৰেল পুলিচৰ ভূমিকা গ্ৰহণ কৰা একাংশ লোকে নৈত গা ধুই থকা দম্পতীটোক আক্ৰমণ কৰা আৰু চাৰিওফালৰ পৰা ঘেৰি ধৰি তেওঁলোকক পানীৰ পৰা বলপূৰ্বকভাৱে তুলি লৈ যোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। এই আক্ৰমণকাৰী দলটোৰ মাজৰে এজন লোকে মন্তব্য কৰা শুনা গৈছিল যে, অযোধ্যাত এনেধৰণৰ অশ্লীলতা সহ্য কৰা নহব।

ভিডিঅটোত দেখা যায় যে, মহিলাগৰাকীয়ে স্বামীক আক্ৰমণকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁ সেয়া কৰিবলৈ সক্ষম হোৱা নাই। আৰু উন্মত্ত দলটোতে তেওঁৰ স্বামীৰ তেওঁৰ সন্মুখতে প্ৰহাৰ কৰি গৈছে। এই ঘটনাৰ বিষয়ে সদৰি হোৱাৰ পাছতে অযোধ্যা আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰু বিষয়টো সংক্ৰান্তত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

কিন্তু পত্নীক চুম্বন কৰাটোকো অপৰাধ বুলি গন্য কৰা তথা এজন লোকক ৰাজহুৱাকৈ অপদস্ত তথা প্ৰহাৰ কৰা কাৰ্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নাৰীৰ ওপৰতত হোৱা উৎপীড়ন, অপৰাধ, নিৰ্যাতনৰ দিশৰ পৰা সদায়ে শীৰ্ষত থকা উত্তৰ প্ৰদেশৰ এইসকল লোকে এনে অপৰাধ নিয়ন্ত্ৰণৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰক নকৰক পত্নীক কৰা চুম্বনতো অশ্লীলতা বিচাৰি উলিয়াই তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উঠি পৰি লগাটো উদ্বেগৰ কাৰণ হিচাপে চিহ্নিত হৈছে।

 

উল্লেখ্য যে, সৰযু নদী হৈছে গংগাৰ সাতটা উপনৈৰ ভিতৰত এটা। হিন্দুসকলে এই নদীকো অতি পবিত্ৰ বুলি গন্য কৰে। ভগৱান ৰামৰ জন্মস্থল অযোধ্যা এই সৰযু নদীৰ পাৰতে অৱস্থিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
টেক্সাছৰ বান : মৃতকৰ সংখ্যা ৮২ লৈ বৃদ্ধি
এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড কংগ্ৰেছী বিধায়কৰ ঘৰত
আমেৰিকা-বিৰোধী নীতিক সমৰ্থন কৰিলে অতিৰিক্ত ১০% শুল্ক আৰোপ কৰিব ট্রাম্পে
আৰ টি আই কৰ্মী দিলীপ নাথৰ বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ মূল্যবান কাঠ
বাৰিষা বাঢ়িছে নেকি সাপৰ উপদ্ৰৱ? ঘৰত সাপ ওলালে এইদৰে আঁতৰাওক
পত্নীৰ নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ
হাই প্ৰেছাৰতকৈ ল ’ প্ৰেছাৰ বেছি বিপজ্জনক
আই লাভ ইউ বুলি কোৱাটো অপৰাধ নেকি ? বোম্বে উচ্চ ন্যায়ালয়ৰ দিলে ঐতিহাসিক ৰায়
ৰাজ্যজুৰি গো মাংসৰ বজাৰ উৎখাত