--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানুহে জীৱনত বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰে। একো একোটা সময়ত একো একোবিধ সামগ্ৰী, কাগজ-পত্ৰ আদি মানুহ এজনৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে। কিন্তু এটা সময়ত সেই সামগ্ৰীবিধ মানুহজনৰ বাবে আৱৰ্জনাতহে পৰিণত হয়। ইমানৰ পিছতো অৱশ্যে সেই বস্তুবিধ বহু মানুহে  পেলাই দিয়াৰ সলনি ঘৰতে ৰাখি থয়। ইয়াৰ ফলত অলাগতিয়াল বস্তুৰে ঘৰ ভৰি পৰে।

এনে পৰিস্থিতিত অলাগতিয়াল বস্তুৰে ভৰি পৰা ঘৰত বাস কৰা লোকসকলৰ মনোজগতত নেতিবাচক প্ৰভাৱ পৰে। বাহিৰৰ পৰা আহি ঘৰত প্ৰৱেশ কৰাৰ পিছতেই ঘৰখন বিভিন্ন অলাগতিয়াল বস্তুৰে ভৰি থকা দেখিলে মনটোত ঋণাত্মক ভাৱৰ সৃষ্টি হয়। যি কথাই মানুহ এজনৰ শাৰীৰিক তথা মানসিক স্বাস্থ্যত প্রভাৱ পেলায়। সেইবাবে অলাগতিয়াল যেন লগা বস্তু সাঁচি ৰখাৰ সলনি তাক তৎকালে ঘৰৰ বাহিৰ কৰি দিয়া উচিত। তেতিয়া ঘৰখন অলাগতিয়াল বস্তুৰ পৰা মুক্ত হৈ থাকিব আৰু ঘৰখন পৰিষ্কাৰ হৈ থাকিব।

এইক্ষেত্ৰত এটা কথা মন কৰিব লাগিব যে আৱৰ্জনাই সদায় ঘৰখনত নেতিবাচক প্রভাব বিস্তাৰ কৰি থাকে। এনে প্ৰভাৱৰ বাবে ঘৰৰ উন্নতিত বিভিন্ন ধৰণৰ বাধাই দেখা দিযব পাৰে বুলি ফেংছুই বিশেষজ্ঞসকলে কৈ আহিছে। এনে আবর্জনাই নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰাৰ বাবেই গৃহস্থৰ উন্নতিত বাধা আহি পৰে। সেয়ে চকু-কাণ মুদি তেনে আৱর্জনা পেলাই দিয়া উচিত। 

এটা কথা মন কৰা উচিত যে তেনে আৱর্জনাই আপোনাক কোনোদিনেই কোনোধৰণে উপকৃত নকৰে। ইয়াৰ বিপৰীতে তেনে আৱর্জনাই আপোনাৰ ঘৰৰ ঠাই অধিকাৰ কৰি থাকিব আৰু ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব। সেইবাবে তেনে আৱর্জনা সহায় পেলাই দিয়া উচিত। আৱর্জনামুক্ত ঘৰখনত আপুনি শান্তিৰে উশাহ ল'ব পাৰিব আৰু মনত এক ইতিবাচক ধাৰণাৰ সঞ্চাৰ ঘটিব। 

আৱৰ্জনামুক্ত কৰাৰ পিছত আপুনি ঘৰত ধুপ-ধুনা আদি জ্বলাই ঘৰখনৰ পৰিবেশ আৰু অধিক পবিত্ৰ কৰি তুলিব পাৰে।মুঠৰ ওপৰত আৱৰ্জনাৰ দমেৰে ভৰি থকা ঘৰ এখনত আপুনি কোনো দিনেই কোনোধৰণৰ ইতিবাচক চিন্তা কৰিব নোৱাৰে, অলাগতিয়াল আৱৰ্জনাসমূহে আপোনাৰ মগজুত বিভিন্ন নেতিবাচক চিন্তাৰহে সঞ্চাৰ ঘটাব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ