--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শোৱনি কোঠাত  পানীৰ পাত্ৰ ৰখাটো বহুতৰে অভ্যাস। বিশেষকৈ নিশাৰ ভাগত বহুতেই বিছনাৰ কাষতে পানীৰ বটল অথবা জাগ আদি ৰাখে। কিন্তু শোৱনি কোঠাত  পানীৰ পাত্ৰ ৰখাটো ভাল নে?  সাধাৰণতে মানুহ যিটো কোঠাত শোৱে সেই কোঠাটোত  সহজে ঢুকি পাব পৰা অৱস্থাত পানীৰ পাত্ৰ, ফিল্টাৰ, জলাধাৰ আদি ৰাখে। 

সাধাৰণ দৃষ্টিত চাবলৈ গ'লে এয়া যথেষ্ট সুবিধাজনক কাম। কিন্তু ফেংছুইৰ মতে যিটো কোঠাত মানুহে শোৱে সেই কোঠাটোত কেতিয়াও পানীৰ কোনো পাত্র, জলাধাৰ, একুৱাৰিয়াম, ফিল্টাৰ আদি ৰাখিব নালাগে। এনেদৰে পানীৰ কোনো পাত্ৰ আদি শোৱনি কোঠাত ৰখাটো অমংগলৰ পৰিচায়ক বুলি ফেংছুইয়ে গণ্য কৰে। কেবল পানীৰ পাত্ৰই নহয়, শোৱনি কোঠাৰ ভিতৰত নৈ, নিজৰা, সমুদ্ৰ আদিৰ ছবিও ৰাখিব নালাগে ।

এনেদৰে শোৱনি কোঠাত নৈ, নিজৰা আদিৰ ছবি ৰাখিলে ঘৰত অশান্তি হ'ব পাৰে। সেয়ে যদি আপোনাৰ শোৱনি কোঠাৰ ভিতৰত কোনোধৰণৰ জলাধাৰ অথবা পানী সম্পৰ্কীয় কোনো ছবি আদি থাকে তেন্তে সেয়া তৎকালে আঁতৰাই পেলোৱা ভাল বুলি ফেংছুইয়ে বিধান দিছে।

পানী হৈছে উত্তৰ দিশত থকা প্ৰধান উপাদান। প্রকৃতিৰ পাঁচটা মূল উপাদানৰ ভিতৰত পানী হৈছে মুখ্য উপাদান। এই উপাদানে মানুহক জীয়াই ৰখাত সহায় কৰি আহিছে। কিন্তু এই উপাদান শোৱনি কোঠাত ৰাখিলে ইয়াৰ বিপৰীত প্ৰভাৱ পৰে। 

ফেংছুইৰ মতে শোৱনি কোঠাটো যদি উত্তৰ পিনে নিৰ্মাণ কৰা হয় তেন্তে সুখ-সমৃদ্ধি লাভত ব্যাঘাত জন্মিব পাৰে। উত্তৰ দিশটো যিহেতু পানীৰ অৱস্থানৰ দিশ সেইবাবে সেই দিশত শোৱনি কোঠা নিৰ্মাণ কৰিলে সুখ-শান্তি বিঘ্নিত হ’ব পাৰে ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ