--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ আন্তৰাষ্ট্ৰীয় বিমানত সংঘটিত হৈছে এক প্ৰস্ৰাৱজনিত ঘটনা৷ প্ৰাপ্ত খবৰ অনুসৰি নিউয়ৰ্ক-নতুন দিল্লী আমেৰিকান এয়াৰলাইনছৰ এখন বিমানৰ এজন যাত্ৰীয়ে সুৰাপান কৰি থকা অৱস্থাত বিমানখনত থকা এজন সহঃপুৰুষ যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ 

অভিযোগ অনুসৰি ঘটনাটো শুকুৰবাৰে নিশা ৯:১৬ বজাত নিউয়ৰ্কৰ পৰা উৰা মাৰিছিল আৰু শনিবাৰে নিশা ১০:১২ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৪ ঘণ্টা ২৬ মিনিট উৰাৰ পিছত অৱতৰণ কৰিছিল। এই সময়ছোৱাৰ মাজতেই চকু কপালত তোলা এক ঘটনা উক্ত বিমানখনত সংঘটিত হৈছে কৰ্তৃপক্ষই সংবাদমাধ্যমক জানিবলৈ দিয়া তথ্য অনুসৰি অভিযুক্তজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ। 

তেওঁ বিমান উৰণৰ পাছত নিচাগ্ৰস্ত অৱস্থাত আছিল আৰু যাত্ৰীজন শুই থাকোতে কাষৰ যাত্ৰীজনৰ শৰীৰত মূত্ৰত্যাগৰ ঘটনাটো সংঘটিত হয়৷ সহযাত্ৰীজনে বিষয়টো আৰক্ষীক বিষয়টো জনোৱাৰ বাবে আগ্ৰহী নাছিল কিয়নো ই তেওঁৰ শৈক্ষিক জীৱন বিপদত পেলাব পাৰে। অৱশ্যে, আমেৰিকান এয়াৰলাইনে এই বিষয়টোক গুৰুত্বসহকাৰে লয় আৰু ইন্দিৰা গান্ধী বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (এটিচি)ক এই বিষয়ে অৱগত কৰোৱায়।

বিমানত থকা ঘটনাটোৰ বিষয়ে কৰ্মচাৰীসকলে জানিব পৰাৰ পাছত তেওঁলোকে বিষয়টো এটিচিক এই বিষয়ে জনোৱা বিমানখনৰ পাইলটজনক অৱগত কৰে৷ লগতে পাইলটজনে অভিযুক্ত যাত্ৰীজনক দিল্লী আৰক্ষীক গতাই দিয়া চিআইএছএফ কৰ্মীসকলক এই বিষয়ে অধিক সতৰ্ক কৰে। স্মতৰ্ব্য যে অসামৰিক বিমান পৰিবহন নিয়ম অনুসৰি এনে যাত্ৰীৰ ওপৰত অপৰাধমূলক আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ উপৰিও উচ্ছৃংখল আচৰণৰ বাবে দোষী সাব্যস্ত কৰা হয় আৰু তেওঁৰ অপৰাধৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক এক নিৰ্দিষ্ট সময়ৰ বাবে উৰা মাৰিবলৈ নিষিদ্ধ কৰা হ’ব বুলি কৰ্তৃপক্ষই সংবাদমাধ্যমক জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল