--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ আন্তৰাষ্ট্ৰীয় বিমানত সংঘটিত হৈছে এক প্ৰস্ৰাৱজনিত ঘটনা৷ প্ৰাপ্ত খবৰ অনুসৰি নিউয়ৰ্ক-নতুন দিল্লী আমেৰিকান এয়াৰলাইনছৰ এখন বিমানৰ এজন যাত্ৰীয়ে সুৰাপান কৰি থকা অৱস্থাত বিমানখনত থকা এজন সহঃপুৰুষ যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ 

অভিযোগ অনুসৰি ঘটনাটো শুকুৰবাৰে নিশা ৯:১৬ বজাত নিউয়ৰ্কৰ পৰা উৰা মাৰিছিল আৰু শনিবাৰে নিশা ১০:১২ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৪ ঘণ্টা ২৬ মিনিট উৰাৰ পিছত অৱতৰণ কৰিছিল। এই সময়ছোৱাৰ মাজতেই চকু কপালত তোলা এক ঘটনা উক্ত বিমানখনত সংঘটিত হৈছে কৰ্তৃপক্ষই সংবাদমাধ্যমক জানিবলৈ দিয়া তথ্য অনুসৰি অভিযুক্তজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ। 

তেওঁ বিমান উৰণৰ পাছত নিচাগ্ৰস্ত অৱস্থাত আছিল আৰু যাত্ৰীজন শুই থাকোতে কাষৰ যাত্ৰীজনৰ শৰীৰত মূত্ৰত্যাগৰ ঘটনাটো সংঘটিত হয়৷ সহযাত্ৰীজনে বিষয়টো আৰক্ষীক বিষয়টো জনোৱাৰ বাবে আগ্ৰহী নাছিল কিয়নো ই তেওঁৰ শৈক্ষিক জীৱন বিপদত পেলাব পাৰে। অৱশ্যে, আমেৰিকান এয়াৰলাইনে এই বিষয়টোক গুৰুত্বসহকাৰে লয় আৰু ইন্দিৰা গান্ধী বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (এটিচি)ক এই বিষয়ে অৱগত কৰোৱায়।

বিমানত থকা ঘটনাটোৰ বিষয়ে কৰ্মচাৰীসকলে জানিব পৰাৰ পাছত তেওঁলোকে বিষয়টো এটিচিক এই বিষয়ে জনোৱা বিমানখনৰ পাইলটজনক অৱগত কৰে৷ লগতে পাইলটজনে অভিযুক্ত যাত্ৰীজনক দিল্লী আৰক্ষীক গতাই দিয়া চিআইএছএফ কৰ্মীসকলক এই বিষয়ে অধিক সতৰ্ক কৰে। স্মতৰ্ব্য যে অসামৰিক বিমান পৰিবহন নিয়ম অনুসৰি এনে যাত্ৰীৰ ওপৰত অপৰাধমূলক আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ উপৰিও উচ্ছৃংখল আচৰণৰ বাবে দোষী সাব্যস্ত কৰা হয় আৰু তেওঁৰ অপৰাধৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক এক নিৰ্দিষ্ট সময়ৰ বাবে উৰা মাৰিবলৈ নিষিদ্ধ কৰা হ’ব বুলি কৰ্তৃপক্ষই সংবাদমাধ্যমক জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ