--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিমানত হোৱা তীব্ৰ জোকাৰণিৰ ফলত মাজ আকাশতে আহত হৈছিল এজন যাত্ৰী। ফলত বিমানখন গন্তব্যস্থানলৈ নোযোৱাকৈ ওচৰৰ বিমানবন্দৰত খৰখেদাকৈ অৱতৰণ কৰা হয়। কিন্তু ৰক্ষা নপৰিল যাত্ৰীগৰাকী। বিমানবন্দৰৰ পৰা যাত্ৰীজনক চিকিৎসালয়লৈ নিয়াৰ পাছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাত জেট বিমানখনৰ ককপিট আৰু ডাটা ৰেকৰ্ডাৰৰ তথ্য বিশ্লেষণ কৰা হ’ব বুলি দেওবাৰে সংবাদ সংস্থা এ পিয়ে প্ৰকাশ কৰিছে।

বাতৰিৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে বিয়লি নিউ ইংলেণ্ডৰ ওপৰেৰে উৰা মাৰিছিল বম্বাৰ্ডিয়াৰ ইনকৰ্পৰেশ্যনৰ এখন কাৰ্যবাহী জেট। তাত ৫ জন যাত্ৰী আছিল। নিউ ইংলেণ্ডত জেট বিমানত হঠাতে জোকাৰণি আৰম্ভ হয়। সেই জোকাৰণিত আহত হয় যাত্ৰীসকল।

ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডৰ মুখপাত্ৰ ছাৰা ছালিকে জনোৱা মতে, শুকুৰবাৰে বিয়লি নিউ হামচায়াৰৰ কিনৰ পৰা ভাৰ্জিনিয়াৰ লিডছবাৰ্গলৈ বিমানখন উৰণৰ কথা আছিল যদিও কানেকটিকাটৰ ব্ৰেডচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিবলৈ বাধ্য হয়। সন্ধিয়া প্ৰায় ৪.৩০ বজাত বিমানবন্দৰত অৱতৰণ কৰি এজন যাত্ৰীক চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই তেওঁক মৃত বুলি ঘোষণা কৰা হৈছে বুলি কানেকটিকাট আৰক্ষীয়ে জনায়।

সংবাদ সংস্থা এ পিৰ মতে, এন টি এছ বিয়ে যাত্ৰী বা বিমানখনৰ বিষয়ে বিশেষ তথ্য প্ৰকাশ কৰা নাই। লগতে জোকাৰণিৰ সময়ত যাত্ৰীজনে ছিটবেল্ট পিন্ধিছিল নে বা বিমানখনৰ কিমান ক্ষতি হৈছিল সেই সন্দৰ্ভতো কোনো কথা প্ৰকাশ কৰা নাই। অৱশ্যে আন যাত্ৰীৰ বক্তব্য লিপিবদ্ধ কৰাৰ উপৰিও এন টি এছ বিয়ে তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ