--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিমানত হোৱা তীব্ৰ জোকাৰণিৰ ফলত মাজ আকাশতে আহত হৈছিল এজন যাত্ৰী। ফলত বিমানখন গন্তব্যস্থানলৈ নোযোৱাকৈ ওচৰৰ বিমানবন্দৰত খৰখেদাকৈ অৱতৰণ কৰা হয়। কিন্তু ৰক্ষা নপৰিল যাত্ৰীগৰাকী। বিমানবন্দৰৰ পৰা যাত্ৰীজনক চিকিৎসালয়লৈ নিয়াৰ পাছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাত জেট বিমানখনৰ ককপিট আৰু ডাটা ৰেকৰ্ডাৰৰ তথ্য বিশ্লেষণ কৰা হ’ব বুলি দেওবাৰে সংবাদ সংস্থা এ পিয়ে প্ৰকাশ কৰিছে।

বাতৰিৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে বিয়লি নিউ ইংলেণ্ডৰ ওপৰেৰে উৰা মাৰিছিল বম্বাৰ্ডিয়াৰ ইনকৰ্পৰেশ্যনৰ এখন কাৰ্যবাহী জেট। তাত ৫ জন যাত্ৰী আছিল। নিউ ইংলেণ্ডত জেট বিমানত হঠাতে জোকাৰণি আৰম্ভ হয়। সেই জোকাৰণিত আহত হয় যাত্ৰীসকল।

ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডৰ মুখপাত্ৰ ছাৰা ছালিকে জনোৱা মতে, শুকুৰবাৰে বিয়লি নিউ হামচায়াৰৰ কিনৰ পৰা ভাৰ্জিনিয়াৰ লিডছবাৰ্গলৈ বিমানখন উৰণৰ কথা আছিল যদিও কানেকটিকাটৰ ব্ৰেডচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিবলৈ বাধ্য হয়। সন্ধিয়া প্ৰায় ৪.৩০ বজাত বিমানবন্দৰত অৱতৰণ কৰি এজন যাত্ৰীক চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই তেওঁক মৃত বুলি ঘোষণা কৰা হৈছে বুলি কানেকটিকাট আৰক্ষীয়ে জনায়।

সংবাদ সংস্থা এ পিৰ মতে, এন টি এছ বিয়ে যাত্ৰী বা বিমানখনৰ বিষয়ে বিশেষ তথ্য প্ৰকাশ কৰা নাই। লগতে জোকাৰণিৰ সময়ত যাত্ৰীজনে ছিটবেল্ট পিন্ধিছিল নে বা বিমানখনৰ কিমান ক্ষতি হৈছিল সেই সন্দৰ্ভতো কোনো কথা প্ৰকাশ কৰা নাই। অৱশ্যে আন যাত্ৰীৰ বক্তব্য লিপিবদ্ধ কৰাৰ উপৰিও এন টি এছ বিয়ে তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত