--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃভাৰতীয় সেনা বাহিনীত যোগদান কৰাৰ স্বপ্ন দুচকুত লৈয়েই চিৰ দিনৰ বাবে চকু মুদিলে তেলেংগানাৰ উঠি অহা যুৱ দামোদৰ ৰাকেশে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰীয়া ঠিকাৰ ভিত্তিত ভাৰতীয় সেনাত নিৱনুৱা যুৱকক কৰ্ম সংস্থাপন দিয়াৰ যি আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত হিংসাৰ জুই জ্বলি উঠিছে। এই হিংসাত প্ৰাণ হানি ঘটিছে তেলেংগানাৰ উঠি অহা যুৱক ৰাকেশৰ। 

অগ্নিপথ আঁচনিক লৈ শুকুৰবাৰে তেলেংগানাৰ চেকেন্দ্ৰাবাদত এক প্ৰতিবাদ হৈছিল। প্ৰতিবাদে ক্ৰমে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে আৰক্ষীয়ে গুলী চলাইছিল। সেই প্ৰতিবাদতে অংশগ্ৰহণ কৰিছিল ভাৰতীয় সেনাত যোগদানৰ বাবে মনতে আশা পুহি ৰখা ৰাকেশে। কিন্তু ৰাকেশৰ সেই আশা পূৰণ নহ’ল।  গুলীচালনাত নিহত হয় ২১ বছৰীয়া  দামোদৰ ৰাকেশ।

ৰাকেশৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি,ৱাৰাংগলৰ দাবিৰপেট গাঁৱৰ বাসিন্দা ৰাকেশে দীৰ্ঘদিন ধৰি সেনাত যোগদানৰ বাবে  প্ৰস্তুতি চলাই আছিল। তেওঁ তিনি বছৰ আগতে সেনাত নিযুক্তিৰ বাবে ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ২০২০ চনত তেওঁৰ লিখিত পৰীক্ষা হোৱাৰ কথা আছিল, কিন্তু কৰোনাৰ বাবে সেই পৰীক্ষা পিছুৱাই দিয়া হৈছিল। ৰাকেশে আশা কৰিছিল যে শীঘ্ৰেই  লিখিত পৰীক্ষা হ'ব আৰু তেওঁ সেনাত যোগদান কৰিব পাৰিব। কিন্তু যেতিয়া তেওঁ জানিব পাৰিলে যে লিখিত পৰীক্ষা বাতিল কৰা হৈছে, তেতিয়াই তেওঁ  হতবাক হৈ  পৰিছিল আৰু মনৰ দুখতে অজুহাতত ঘৰ এৰি ওলাই গৈছিল। সেই যোৱাই যোৱা। তেওঁ আৰু ঘৰলৈ ঘূৰি নাহিল। 

ৰাকেশৰ বায়েকে সীমান্ত সুৰক্ষা বাহিনীত কাম কৰি আছে। ৰাকেশেও ভগ্নীৰ দৰেই  দেশৰ সেৱা কৰাৰ সপোন মনতে পুহি ৰাখিছিল। মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে তেলেংগানাত হোৱা  প্ৰতিবাদত নিহত ৰাকেশৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী কেচিআৰে ৰাকেশৰ পৰিয়ালক ২৫ লাখ টকাৰ অনুদান আৰু পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু