--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃভাৰতীয় সেনা বাহিনীত যোগদান কৰাৰ স্বপ্ন দুচকুত লৈয়েই চিৰ দিনৰ বাবে চকু মুদিলে তেলেংগানাৰ উঠি অহা যুৱ দামোদৰ ৰাকেশে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰীয়া ঠিকাৰ ভিত্তিত ভাৰতীয় সেনাত নিৱনুৱা যুৱকক কৰ্ম সংস্থাপন দিয়াৰ যি আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত হিংসাৰ জুই জ্বলি উঠিছে। এই হিংসাত প্ৰাণ হানি ঘটিছে তেলেংগানাৰ উঠি অহা যুৱক ৰাকেশৰ। 

অগ্নিপথ আঁচনিক লৈ শুকুৰবাৰে তেলেংগানাৰ চেকেন্দ্ৰাবাদত এক প্ৰতিবাদ হৈছিল। প্ৰতিবাদে ক্ৰমে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে আৰক্ষীয়ে গুলী চলাইছিল। সেই প্ৰতিবাদতে অংশগ্ৰহণ কৰিছিল ভাৰতীয় সেনাত যোগদানৰ বাবে মনতে আশা পুহি ৰখা ৰাকেশে। কিন্তু ৰাকেশৰ সেই আশা পূৰণ নহ’ল।  গুলীচালনাত নিহত হয় ২১ বছৰীয়া  দামোদৰ ৰাকেশ।

ৰাকেশৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি,ৱাৰাংগলৰ দাবিৰপেট গাঁৱৰ বাসিন্দা ৰাকেশে দীৰ্ঘদিন ধৰি সেনাত যোগদানৰ বাবে  প্ৰস্তুতি চলাই আছিল। তেওঁ তিনি বছৰ আগতে সেনাত নিযুক্তিৰ বাবে ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ২০২০ চনত তেওঁৰ লিখিত পৰীক্ষা হোৱাৰ কথা আছিল, কিন্তু কৰোনাৰ বাবে সেই পৰীক্ষা পিছুৱাই দিয়া হৈছিল। ৰাকেশে আশা কৰিছিল যে শীঘ্ৰেই  লিখিত পৰীক্ষা হ'ব আৰু তেওঁ সেনাত যোগদান কৰিব পাৰিব। কিন্তু যেতিয়া তেওঁ জানিব পাৰিলে যে লিখিত পৰীক্ষা বাতিল কৰা হৈছে, তেতিয়াই তেওঁ  হতবাক হৈ  পৰিছিল আৰু মনৰ দুখতে অজুহাতত ঘৰ এৰি ওলাই গৈছিল। সেই যোৱাই যোৱা। তেওঁ আৰু ঘৰলৈ ঘূৰি নাহিল। 

ৰাকেশৰ বায়েকে সীমান্ত সুৰক্ষা বাহিনীত কাম কৰি আছে। ৰাকেশেও ভগ্নীৰ দৰেই  দেশৰ সেৱা কৰাৰ সপোন মনতে পুহি ৰাখিছিল। মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে তেলেংগানাত হোৱা  প্ৰতিবাদত নিহত ৰাকেশৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী কেচিআৰে ৰাকেশৰ পৰিয়ালক ২৫ লাখ টকাৰ অনুদান আৰু পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ