--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অগ্নিপথ প্ৰকল্পক লৈ সমগ্ৰ দেশতে চলি আছে প্ৰতিবাদ। বংগ, বিহাৰ, হাৰিয়ানা, তেলেংগানাকে ধৰি কেইবাখনো ৰাজ্যত অগ্নিকাণ্ড। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়টোক লৈ প্ৰথমবাৰৰ বাবে মুখ মেলিলে। প্ৰগতি ময়দানত সুৰংগ আৰু ভূগৰ্ভস্থ পথৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ অগ্নিপথ প্ৰকল্পৰ সমৰ্থনত কয় যে, "দেশৰ নাগৰিকৰ কল্যাণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে।" দেওবাৰে নতুন দিল্লীত এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ বাবে বহুতো ভাল প্ৰজেক্ট ভাল উদ্দেশ্যৰে কৰা হয়।

কৃষি বিধেয়কৰ পিছত এইবাৰ অগ্নিপথ প্ৰকল্প। কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ হৈছে। সেনা, নৌসেনা আৰু বায়ুসেনাত ঠিকাভিত্তিক যুৱক-যুৱতীক নিযুক্তি দিয়াৰ পৰিকল্পনাই সমগ্ৰ দেশতে তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে। বিহাৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশত দৈনিক অৱৰোধ আৰু প্ৰতিবাদ। জুই লগাই দিয়া হৈছে ৰে’ল-বাছ। আন্দোলনকাৰীৰো মৃত্যু হৈছে। এনে অৱস্থাত এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ক’ব তাক লৈ সকলোৱে উদ্বিগ্ন হৈ পৰিছিল।

আজি নৰেন্দ্ৰ মোদীৰ ভাষণৰ মূল কথা টো হ'ল যে চৰকাৰৰ পদক্ষেপে যুৱকসকলৰ ভৱিষ্যতৰ কথা সৰ্বাধিক প্ৰাধন্য দিয়া হৈছে। অৱশ্যে, বিৰোধী ৰাজনৈতিক দলবোৰে ইয়াক ভুল ব্যাখ্যা কৰিছে।

আনহাতে, অগ্নিপথ প্রকল্প সন্দর্ভত তিনিওজন সেনাপ্রধানে এক গুৰুত্বপূর্ণ সংবাদমেল অনুষ্ঠিত কৰে৷ তেওঁলোকে স্পষ্ট কৰি দিয়ে যে কেন্দ্রই কোনো ধৰণৰ প্রকল্প প্রত্যাহাৰ নকৰে৷ সেনাই প্ৰতিবাদকাৰীলৈও এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে। আৰক্ষীৰ ভেৰিফিকেচন অবিহনে অগ্নিনিৰ্বাপক বাহিনীৰ লোকক নিযুক্তি দিয়া নহ’ব। যদি কোনো ক্ষেত্ৰত কোনো আবেদনকাৰীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে তেন্তে তেওঁক নিযুক্তি দিয়া নহব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ