--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বচ্ছ ভাৰত অভিযান। নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা এই প্ৰকল্পৰ ওপৰত গুৰুত্ব দিয়া হৈছে। চৌপাশ পৰিষ্কাৰ আৰু পৰিপাটি কৰি ৰখাৰ বিষয়ে তেওঁ বাৰে বাৰে উত্থাপন কৰি আহিছে। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ হাতেৰে জাবৰ পৰিষ্কাৰ কৰা দেখা গ’ল। দিল্লীৰ প্ৰগতি মৈদান সুৰংগ আৰু মাটিৰ তলৰ পথ উদ্বোধন কৰিবলৈ গৈ তেওঁ দেখিলে যে আৱৰ্জনা পৰি আছে। তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিজৰ হাতেৰেই সেই কাম কৰি দেখুৱালে। ইতিমধ্যে তেওঁ সেই জাবৰ চাফা কৰাৰ ছবি  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লীত প্ৰগতি ময়দান সংহত ট্ৰেনজিট কৰিডৰ প্ৰকল্পৰ মূল সুৰংগ আৰু পাঁচটা আণ্ডাৰপাছ উদ্বোধন কৰে। ইয়াৰে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সুৰংগটোৰে খোজ কাঢ়ি গৈ থাকোঁতে প্ৰধানমন্ত্ৰীয়ে আৱৰ্জনাবোৰ দেখাৰ লগে লগে তুলি লয়। প্ৰধানমন্ত্ৰীয়ে পেলাই দিছে এটা লেতেৰা খালী পানীৰ বটল। নৰেন্দ্ৰ মোদীয়ে নিজেই নৱ উদ্বোধন কৰা সুৰংগ পথৰ পৰা হাতেৰে আৱৰ্জনা তুলি লোৱা দেখি সকলো স্তম্ভিত হৈ পৰিছে। 

ইয়াৰ পূৰ্বে ২০১৯ চনত সমগ্ৰ দেশে এনে এখন ছবি ভাইৰেল হৈছে। চেন্নাইৰ এখন বিলৰ পৰা আৱৰ্জনা তুলি লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাজ ফিচাৰমেন ক’ভ ৰিজ’ৰ্ট এণ্ড স্পাৰ ওচৰৰ বিল এখনত খোজ কাঢ়ি গৈ থাকোঁতে তেওঁ তাত পৰি থকা লেতেৰা পৰিষ্কাৰ কৰিছিল।


উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে প্ৰগতি ময়দান সংহত ট্ৰেনজিট কৰিডৰ প্ৰকল্প। এই প্ৰকল্পৰ বাবে মুঠ ৯২০ কোটি টকা ব্যয় হৈছে। এতিয়াৰ পৰা  ই জনসাধাৰণৰ বাবে মুকলি কৰি দিছে। প্ৰধানমন্ত্ৰীয়ে ভাবে যে এই প্ৰকল্পটোক কেন্দ্ৰ কৰি দিল্লীৰ পথ পৰিবহণ আৰু অধিক উন্নত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু