--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বচ্ছ ভাৰত অভিযান। নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা এই প্ৰকল্পৰ ওপৰত গুৰুত্ব দিয়া হৈছে। চৌপাশ পৰিষ্কাৰ আৰু পৰিপাটি কৰি ৰখাৰ বিষয়ে তেওঁ বাৰে বাৰে উত্থাপন কৰি আহিছে। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ হাতেৰে জাবৰ পৰিষ্কাৰ কৰা দেখা গ’ল। দিল্লীৰ প্ৰগতি মৈদান সুৰংগ আৰু মাটিৰ তলৰ পথ উদ্বোধন কৰিবলৈ গৈ তেওঁ দেখিলে যে আৱৰ্জনা পৰি আছে। তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিজৰ হাতেৰেই সেই কাম কৰি দেখুৱালে। ইতিমধ্যে তেওঁ সেই জাবৰ চাফা কৰাৰ ছবি  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লীত প্ৰগতি ময়দান সংহত ট্ৰেনজিট কৰিডৰ প্ৰকল্পৰ মূল সুৰংগ আৰু পাঁচটা আণ্ডাৰপাছ উদ্বোধন কৰে। ইয়াৰে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সুৰংগটোৰে খোজ কাঢ়ি গৈ থাকোঁতে প্ৰধানমন্ত্ৰীয়ে আৱৰ্জনাবোৰ দেখাৰ লগে লগে তুলি লয়। প্ৰধানমন্ত্ৰীয়ে পেলাই দিছে এটা লেতেৰা খালী পানীৰ বটল। নৰেন্দ্ৰ মোদীয়ে নিজেই নৱ উদ্বোধন কৰা সুৰংগ পথৰ পৰা হাতেৰে আৱৰ্জনা তুলি লোৱা দেখি সকলো স্তম্ভিত হৈ পৰিছে। 

ইয়াৰ পূৰ্বে ২০১৯ চনত সমগ্ৰ দেশে এনে এখন ছবি ভাইৰেল হৈছে। চেন্নাইৰ এখন বিলৰ পৰা আৱৰ্জনা তুলি লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাজ ফিচাৰমেন ক’ভ ৰিজ’ৰ্ট এণ্ড স্পাৰ ওচৰৰ বিল এখনত খোজ কাঢ়ি গৈ থাকোঁতে তেওঁ তাত পৰি থকা লেতেৰা পৰিষ্কাৰ কৰিছিল।


উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে প্ৰগতি ময়দান সংহত ট্ৰেনজিট কৰিডৰ প্ৰকল্প। এই প্ৰকল্পৰ বাবে মুঠ ৯২০ কোটি টকা ব্যয় হৈছে। এতিয়াৰ পৰা  ই জনসাধাৰণৰ বাবে মুকলি কৰি দিছে। প্ৰধানমন্ত্ৰীয়ে ভাবে যে এই প্ৰকল্পটোক কেন্দ্ৰ কৰি দিল্লীৰ পথ পৰিবহণ আৰু অধিক উন্নত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ