--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ প্ৰতিৰক্ষা খণ্ডত নিয়োগৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশব্যাপী অব্যাহত আছে প্ৰতিবাদ। প্ৰতিৰক্ষা বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ পথ মুকলি কৰা এই আঁচনি বাতিলৰ দাবীত সমগ্ৰ দেশতে ৰাজপথত নামি পৰিছে সামৰিক বিভাগত নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতীসকল। ইতিমধ্যে যুৱ চামৰ এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই আন্দোলন ঘোষণা কৰিছে কৃষক সংগঠন সমূহেও। দেশৰ কৃষক সংগঠন সমূহৰ একত্ৰিত শক্তি সংযুক্ত কিষাণ মৰ্চাই অগ্নিপথৰ বিৰুদ্ধে দেশব্যাপী প্ৰতিৰোধ গঢ়ি তোলা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। অৱশ্যে এই প্ৰতিবাদৰ পিছতো কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদী যুৱক-যুৱতীসকলৰ যুক্তিনিষ্ঠ দাবী আওকাণ কৰি কোনোপধ্যেই অগ্নিপথ বাতিল নহয় বুলি স্পষ্ট কৰি দিছে। 

কেন্দ্ৰীয় চৰকাৰৰ এই স্থিতিৰ পাছতে এইবাৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে আন এক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে কৃষক সংঘৰ কৰ্তৃত্ব থকা থকা একাংশ খাপ পঞ্চায়তে। এই খাপ পঞ্চায়ত সমূহে ইয়াৰ অন্তৰ্গত এলেকাত অগ্নিপথ নিযুক্তি আঁচনিত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক সামাজিকভাৱে পৃথক কৰা হ’ব বুলি ঘোষণা কৰিছে। এই খাপ পঞ্চায়ত সমূহৰ নেতা তথা কৃষক সংঘৰ প্ৰতিনিধিসকলে শাসনাধিষ্ঠ বিজেপি-জেজেপি মিত্ৰজোঁটৰ ৰাজনীতিবিদ আৰু আঁচনিখন সমৰ্থন কৰা কৰ্পোৰেট হাউচসমূহকো বৰ্জন কৰা হ’ব বুলি ঘোষণা কৰিছে। 

কৃষক সংঘৰ উদ্যোগত বুধবাৰে হাৰিয়ানাৰ ৰোহতক জিলাৰ চাম্পলা চহৰত এখন বৈঠক আহ্বান কৰা হৈছিল। এই বৈঠকত হাৰিয়ানা, ৰাজস্থান, হিমাচল প্ৰদেশ আৰু পঞ্জাৱৰ বিভিন্ন খাপ আৰু অন্য সম্প্ৰদায়ৰ গোটৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল। ৰাজ্যকেইখনৰ ছাত্ৰ সংগঠনসমূহৰ একাংশ প্ৰতিনিধিও এই বৈঠকত উপস্থিত আছিল। 

এই বৈঠকতে সমজুৱাভাৱে অগ্নিপথৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। বৈঠকখনত সভাপতিত্ব কৰা ধনকাৰ খাপৰ মুৰব্বী ওম প্ৰকাশ ধনকাৰে ঘোষণা কৰে যে খাপ পঞ্চায়তে অগ্নিপথৰ অধীনত নিযুক্তিৰ বাবে আবেদন কৰা সকলক সামাজিকভাৱে পৃথক বা বৰ্জন কৰিব।  তেওঁ কয়, “দেশৰ যুৱ প্ৰজন্মক 'অগ্নিবীৰ'ৰ নামত শ্ৰমিক হিচাপে নিয়োগ কৰাৰ পথ মুকলি কৰা এই আঁচনিখন কৃষক সংঘ আৰু খাপ পঞ্চায়তে বৰ্জন কৰিছে। এনে পৰিস্থিতিত এই আঁচনিৰ অধীনত নিযুক্তিৰ বাবে আবেদন কৰা যুৱক-যুৱতীসকলক খাপ পঞ্চায়তে সামাজিকভাৱে পৃথক কৰিব।” 

অৱশ্যে যুৱক-যুৱতীসকলক সামাজিকভাৱে পৃথক কৰিলেও বৰ্জন কৰা নহয় বুলি তেওঁ স্পষ্ট কৰি দিছে। ধনকাৰৰ কয় যে অগ্নিপথৰ সুবিধা গ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ বাবে তেওঁ বৰ্জন শব্দটো ব্যৱহাৰ কৰা নাই। বৰ্জন আৰু পৃথক কৰাৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰি তেওঁ কয় যে যদিও তেওঁলোকক বৰ্জন কৰা নহয়, তথাপি খাপ পঞ্চায়তৰ অন্তৰ্গত সম্প্ৰদায় সমূহে এনে লোকসকলৰ পৰা দূৰত্বত অৱস্থান কৰিব।

আনহাতে ১৪ জুনত ঘোষণা কৰা এই আঁচনিক কৃষক আৰু যুৱ বিৰোধী বুলি অভিহিত কৰি তেওঁ তেওঁ অগ্নিপথক সমৰ্থন কৰা কৰ্পোৰেট হাউচ আৰু  ৰাজনীতিবিদসকলক সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ আহ্বান জনায়। তদুপৰি কৃষক নেতা গৰাকীয়ে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিবলৈও দাবী জনায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন