--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ প্ৰতিৰক্ষা খণ্ডত নিয়োগৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশব্যাপী অব্যাহত আছে প্ৰতিবাদ। প্ৰতিৰক্ষা বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ পথ মুকলি কৰা এই আঁচনি বাতিলৰ দাবীত সমগ্ৰ দেশতে ৰাজপথত নামি পৰিছে সামৰিক বিভাগত নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতীসকল। ইতিমধ্যে যুৱ চামৰ এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই আন্দোলন ঘোষণা কৰিছে কৃষক সংগঠন সমূহেও। দেশৰ কৃষক সংগঠন সমূহৰ একত্ৰিত শক্তি সংযুক্ত কিষাণ মৰ্চাই অগ্নিপথৰ বিৰুদ্ধে দেশব্যাপী প্ৰতিৰোধ গঢ়ি তোলা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। অৱশ্যে এই প্ৰতিবাদৰ পিছতো কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদী যুৱক-যুৱতীসকলৰ যুক্তিনিষ্ঠ দাবী আওকাণ কৰি কোনোপধ্যেই অগ্নিপথ বাতিল নহয় বুলি স্পষ্ট কৰি দিছে। 

কেন্দ্ৰীয় চৰকাৰৰ এই স্থিতিৰ পাছতে এইবাৰ অগ্নিপথ আঁচনিৰ বিৰুদ্ধে আন এক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে কৃষক সংঘৰ কৰ্তৃত্ব থকা থকা একাংশ খাপ পঞ্চায়তে। এই খাপ পঞ্চায়ত সমূহে ইয়াৰ অন্তৰ্গত এলেকাত অগ্নিপথ নিযুক্তি আঁচনিত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক সামাজিকভাৱে পৃথক কৰা হ’ব বুলি ঘোষণা কৰিছে। এই খাপ পঞ্চায়ত সমূহৰ নেতা তথা কৃষক সংঘৰ প্ৰতিনিধিসকলে শাসনাধিষ্ঠ বিজেপি-জেজেপি মিত্ৰজোঁটৰ ৰাজনীতিবিদ আৰু আঁচনিখন সমৰ্থন কৰা কৰ্পোৰেট হাউচসমূহকো বৰ্জন কৰা হ’ব বুলি ঘোষণা কৰিছে। 

কৃষক সংঘৰ উদ্যোগত বুধবাৰে হাৰিয়ানাৰ ৰোহতক জিলাৰ চাম্পলা চহৰত এখন বৈঠক আহ্বান কৰা হৈছিল। এই বৈঠকত হাৰিয়ানা, ৰাজস্থান, হিমাচল প্ৰদেশ আৰু পঞ্জাৱৰ বিভিন্ন খাপ আৰু অন্য সম্প্ৰদায়ৰ গোটৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল। ৰাজ্যকেইখনৰ ছাত্ৰ সংগঠনসমূহৰ একাংশ প্ৰতিনিধিও এই বৈঠকত উপস্থিত আছিল। 

এই বৈঠকতে সমজুৱাভাৱে অগ্নিপথৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। বৈঠকখনত সভাপতিত্ব কৰা ধনকাৰ খাপৰ মুৰব্বী ওম প্ৰকাশ ধনকাৰে ঘোষণা কৰে যে খাপ পঞ্চায়তে অগ্নিপথৰ অধীনত নিযুক্তিৰ বাবে আবেদন কৰা সকলক সামাজিকভাৱে পৃথক বা বৰ্জন কৰিব।  তেওঁ কয়, “দেশৰ যুৱ প্ৰজন্মক 'অগ্নিবীৰ'ৰ নামত শ্ৰমিক হিচাপে নিয়োগ কৰাৰ পথ মুকলি কৰা এই আঁচনিখন কৃষক সংঘ আৰু খাপ পঞ্চায়তে বৰ্জন কৰিছে। এনে পৰিস্থিতিত এই আঁচনিৰ অধীনত নিযুক্তিৰ বাবে আবেদন কৰা যুৱক-যুৱতীসকলক খাপ পঞ্চায়তে সামাজিকভাৱে পৃথক কৰিব।” 

অৱশ্যে যুৱক-যুৱতীসকলক সামাজিকভাৱে পৃথক কৰিলেও বৰ্জন কৰা নহয় বুলি তেওঁ স্পষ্ট কৰি দিছে। ধনকাৰৰ কয় যে অগ্নিপথৰ সুবিধা গ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ বাবে তেওঁ বৰ্জন শব্দটো ব্যৱহাৰ কৰা নাই। বৰ্জন আৰু পৃথক কৰাৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰি তেওঁ কয় যে যদিও তেওঁলোকক বৰ্জন কৰা নহয়, তথাপি খাপ পঞ্চায়তৰ অন্তৰ্গত সম্প্ৰদায় সমূহে এনে লোকসকলৰ পৰা দূৰত্বত অৱস্থান কৰিব।

আনহাতে ১৪ জুনত ঘোষণা কৰা এই আঁচনিক কৃষক আৰু যুৱ বিৰোধী বুলি অভিহিত কৰি তেওঁ তেওঁ অগ্নিপথক সমৰ্থন কৰা কৰ্পোৰেট হাউচ আৰু  ৰাজনীতিবিদসকলক সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ আহ্বান জনায়। তদুপৰি কৃষক নেতা গৰাকীয়ে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিবলৈও দাবী জনায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ