--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্কঃ প্ৰথমে পত্নীক গুলীয়াই হত্যা কৰিলে আৰু তাৰ পিছত শেষত নিজেও গুলীয়াই আত্মহত্যা এজন বিজেপি নেতাই। বৃহস্পতিবাৰে বিহাৰৰ মুংগাৰত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা। বিজেপি নেতাজনৰ নাম অৰুণ যাদৱ। তেওঁ বিজেপিৰ অ’বিচি মৰ্চাৰ উপ-সভাপতি আছিল। ঘটনাটো কোটোৱালী থানা এলেকাৰ লাল দৰৱাজা অঞ্চলৰ। এই ঘটনাৰ তথ্য অঞ্চলটোত জুইৰ দৰে বিয়পি পৰাত অৰুণ যাদৱৰ ঘৰত জনসমাগম হয়।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু সেই স্থানৰ পৰা দুটা দেশত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰে।অৰুণ যাদৱৰ ঘৰৰ পৰা গুলীবৰ্ষণৰ শব্দ অহাত স্থানীয় লোকবোৰ আতংকিত হৈ পৰিছিল।

আতংকিত ৰাইজে লগে লগে ঘৰলৈ আহে যদিও স্বামী আৰু পত্নী দুয়োৰে মৃতদেহ মাটিত পৰা থকা অৱস্থাত উদ্ধাৰ হয়। দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। সম্প্ৰতি ঘটনাৰ প্ৰতিটো কথাই তদন্ত কৰি আছে আৰক্ষীয়ে। লাভ কৰা তথ্য অনুসৰি বিজেপি নেতাগৰাকীৰ পত্নীৰ মাজত কিবা এটা বিষয়ক লৈ বিবাদ চলি আছিল। 

জানিব পৰা মতে মুংগেৰ পৌৰ নিগমৰ হৈ হ’বলগীয়া নিৰ্বাচনত তেওঁৰ পত্নী মেয়ৰ পদৰ বাবে সম্ভাৱ্য প্ৰাৰ্থী আছিল। ওচৰ-চুবুৰীয়াই কয় যে ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবেই আগতে দুয়োৰে মাজত বিবাদ হৈছিল। এই ঘটনাৰ আঁৰৰ কাৰণ সেয়াও হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এই বিষয়টোৰ তদন্তত নিয়োজিত হৈ আছে আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু