--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্কঃ প্ৰথমে পত্নীক গুলীয়াই হত্যা কৰিলে আৰু তাৰ পিছত শেষত নিজেও গুলীয়াই আত্মহত্যা এজন বিজেপি নেতাই। বৃহস্পতিবাৰে বিহাৰৰ মুংগাৰত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা। বিজেপি নেতাজনৰ নাম অৰুণ যাদৱ। তেওঁ বিজেপিৰ অ’বিচি মৰ্চাৰ উপ-সভাপতি আছিল। ঘটনাটো কোটোৱালী থানা এলেকাৰ লাল দৰৱাজা অঞ্চলৰ। এই ঘটনাৰ তথ্য অঞ্চলটোত জুইৰ দৰে বিয়পি পৰাত অৰুণ যাদৱৰ ঘৰত জনসমাগম হয়।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু সেই স্থানৰ পৰা দুটা দেশত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰে।অৰুণ যাদৱৰ ঘৰৰ পৰা গুলীবৰ্ষণৰ শব্দ অহাত স্থানীয় লোকবোৰ আতংকিত হৈ পৰিছিল।

আতংকিত ৰাইজে লগে লগে ঘৰলৈ আহে যদিও স্বামী আৰু পত্নী দুয়োৰে মৃতদেহ মাটিত পৰা থকা অৱস্থাত উদ্ধাৰ হয়। দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। সম্প্ৰতি ঘটনাৰ প্ৰতিটো কথাই তদন্ত কৰি আছে আৰক্ষীয়ে। লাভ কৰা তথ্য অনুসৰি বিজেপি নেতাগৰাকীৰ পত্নীৰ মাজত কিবা এটা বিষয়ক লৈ বিবাদ চলি আছিল। 

জানিব পৰা মতে মুংগেৰ পৌৰ নিগমৰ হৈ হ’বলগীয়া নিৰ্বাচনত তেওঁৰ পত্নী মেয়ৰ পদৰ বাবে সম্ভাৱ্য প্ৰাৰ্থী আছিল। ওচৰ-চুবুৰীয়াই কয় যে ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবেই আগতে দুয়োৰে মাজত বিবাদ হৈছিল। এই ঘটনাৰ আঁৰৰ কাৰণ সেয়াও হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এই বিষয়টোৰ তদন্তত নিয়োজিত হৈ আছে আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ