--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অগ্নিপথৰ প্ৰতিবাদে ক্ৰমশ: দেশত জটিল ৰূপ ধাৰণ কৰাত অধিক সতৰ্ক হৈ পৰিছে ভাৰত চৰকাৰ৷ এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ চকু ৱাটচএপ গ্ৰুপত৷ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে আজি অগ্নিপথ আঁচনি আৰু অগ্নিবীৰ সম্পৰ্কে ভুৱা খবৰ প্ৰচাৰ কৰাৰ বাবে ৩৫টা ৱাটছএপ গ্ৰুপ নিষিদ্ধ কৰিছে। উৰাবাতৰি প্ৰচাৰ আৰু প্ৰতিবাদ সংগঠিত কৰাৰ অভিযোগত কমেও দহজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

 

কেন্দ্ৰই ৱাটছএপৰ তথ্য পৰীক্ষাৰ বাবে জাৰি 8799711259 নম্বৰ৷ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম বিশেষকৈ বিহাৰৰ দৰে ৰাজ্যত প্ৰতিবাদ সংগঠিত কৰাৰ বাবে ৱাটছএপ ব্যৱহাৰ কৰাৰ বাতৰিৰ মাজতে এই অভিযান চলাইছে কেন্দ্ৰই৷

 

১৭ জুনত বিহাৰ চৰকাৰে ১২খন জিলাত ইণ্টাৰনেট সেৱা স্থগিত ৰাখি কৈছিল যে জনসাধাৰণক উচতনি দিয়া আৰু জীৱন আৰু সম্পত্তিৰ ক্ষতি কৰাৰ উদ্দেশ্যৰে উৰাবাতৰি বিয়পাবলৈ আপত্তিজনক সমল প্ৰেৰণ কৰিবলৈ ইণ্টাৰনেট ব্যৱহাৰ কৰা হৈছে৷ পাটনাৰ জিলা প্ৰশাসনে এইটোও কৈছিল যে গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীসকলৰ মোবাইল ফোনৰ পৰা সংগ্ৰহ কৰা তথ্যই প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমিকাৰ ফালে আঙুলিয়াই দিছিল।

 

তেলেংগানা আৰক্ষীয়ে অন্ধ্ৰপ্ৰদেশৰ পালনাডু জিলাৰ নাৰাচাৰাওপেট চহৰৰ এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যুৱকসকলক উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। আটকাধীন প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ গৰাকী আভুলা চুব্বা ৰাওৰ বিৰুদ্ধে ‘হাকিমপেট আৰ্মি ছ’লজাৰ’ নামৰ এটা ৱাটছএপ গ্ৰুপ সৃষ্টি কৰাৰ অভিযোগ আছে, য’ত শ শ সেনাপ্ৰত্যাশী অন্তৰ্ভুক্ত আছিল। এই গ্ৰুপটোত তেওঁ সকলো সদস্যলৈ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু তেওঁলোকক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ কৈছিল।

 

প্ৰতিবাদৰ মাজতে কেন্দ্ৰই স্পষ্ট কৰি দিছে যে চাৰি বছৰৰ কাৰ্যকালৰ বাবে সশস্ত্ৰ বাহিনীত নিযুক্তিৰ বাবে অগ্নিপথ আঁচনি ৰ’লবেক কৰা নহ’ব। প্ৰতিবাদী হিংসা আৰু অগ্নিসংযোগৰ বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছিল যে হিংসাত্মক প্ৰতিবাদত অভিযুক্তসকলক নিয়োগ কৰা নহ’ব৷ প্ৰাৰ্থীসকলে প্ৰতিবাদত অংশগ্ৰহণ নকৰা বুলি উল্লেখ কৰি এখন লিখিত ঘোষণাপত্ৰ দাখিল কৰিব লাগিব আৰু সেই স্বপ্ৰত্যায়িত ঘোষণাপত্ৰ আৰক্ষীৰ দ্বাৰা প্ৰমাণিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু