--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অগ্নিপথৰ প্ৰতিবাদে ক্ৰমশ: দেশত জটিল ৰূপ ধাৰণ কৰাত অধিক সতৰ্ক হৈ পৰিছে ভাৰত চৰকাৰ৷ এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ চকু ৱাটচএপ গ্ৰুপত৷ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে আজি অগ্নিপথ আঁচনি আৰু অগ্নিবীৰ সম্পৰ্কে ভুৱা খবৰ প্ৰচাৰ কৰাৰ বাবে ৩৫টা ৱাটছএপ গ্ৰুপ নিষিদ্ধ কৰিছে। উৰাবাতৰি প্ৰচাৰ আৰু প্ৰতিবাদ সংগঠিত কৰাৰ অভিযোগত কমেও দহজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

 

কেন্দ্ৰই ৱাটছএপৰ তথ্য পৰীক্ষাৰ বাবে জাৰি 8799711259 নম্বৰ৷ ছচিয়েল মিডিয়া প্লেটফৰ্ম বিশেষকৈ বিহাৰৰ দৰে ৰাজ্যত প্ৰতিবাদ সংগঠিত কৰাৰ বাবে ৱাটছএপ ব্যৱহাৰ কৰাৰ বাতৰিৰ মাজতে এই অভিযান চলাইছে কেন্দ্ৰই৷

 

১৭ জুনত বিহাৰ চৰকাৰে ১২খন জিলাত ইণ্টাৰনেট সেৱা স্থগিত ৰাখি কৈছিল যে জনসাধাৰণক উচতনি দিয়া আৰু জীৱন আৰু সম্পত্তিৰ ক্ষতি কৰাৰ উদ্দেশ্যৰে উৰাবাতৰি বিয়পাবলৈ আপত্তিজনক সমল প্ৰেৰণ কৰিবলৈ ইণ্টাৰনেট ব্যৱহাৰ কৰা হৈছে৷ পাটনাৰ জিলা প্ৰশাসনে এইটোও কৈছিল যে গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰীসকলৰ মোবাইল ফোনৰ পৰা সংগ্ৰহ কৰা তথ্যই প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমিকাৰ ফালে আঙুলিয়াই দিছিল।

 

তেলেংগানা আৰক্ষীয়ে অন্ধ্ৰপ্ৰদেশৰ পালনাডু জিলাৰ নাৰাচাৰাওপেট চহৰৰ এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যুৱকসকলক উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। আটকাধীন প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ গৰাকী আভুলা চুব্বা ৰাওৰ বিৰুদ্ধে হাকিমপেট আৰ্মি ছলজাৰনামৰ এটা ৱাটছএপ গ্ৰুপ সৃষ্টি কৰাৰ অভিযোগ আছে, ত শ শ সেনাপ্ৰত্যাশী অন্তৰ্ভুক্ত আছিল। এই গ্ৰুপটোত তেওঁ সকলো সদস্যলৈ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু তেওঁলোকক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ কৈছিল।

 

প্ৰতিবাদৰ মাজতে কেন্দ্ৰই স্পষ্ট কৰি দিছে যে চাৰি বছৰৰ কাৰ্যকালৰ বাবে সশস্ত্ৰ বাহিনীত নিযুক্তিৰ বাবে অগ্নিপথ আঁচনি ৰলবেক কৰা নহব। প্ৰতিবাদী হিংসা আৰু অগ্নিসংযোগৰ বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছিল যে হিংসাত্মক প্ৰতিবাদত অভিযুক্তসকলক নিয়োগ কৰা নহব৷ প্ৰাৰ্থীসকলে প্ৰতিবাদত অংশগ্ৰহণ নকৰা বুলি উল্লেখ কৰি এখন লিখিত ঘোষণাপত্ৰ দাখিল কৰিব লাগিব আৰু সেই স্বপ্ৰত্যায়িত ঘোষণাপত্ৰ আৰক্ষীৰ দ্বাৰা প্ৰমাণিত হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ