--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: সামৰিক নিযুক্তিৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন আঁচনি ‘অগ্নিপথ’ক লৈ দেশজোৰা বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ প্ৰেক্ষাপটত প্ৰশান্ত কিশোৰ৷ আঁচনিখনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে যুৱসকলক শান্তিপূৰ্ণভাৱে আঁচনিখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে৷

আজি তেওঁ এক টুইটত লিখিছে এনেদৰে, অগ্নিপথৰ আন্দোলন হ’ব লাগে, কিন্তু, সেয়া হিংসাত্মকভাৱে নহয়৷ বিহাৰৰ জনসাধাৰণ জেডি(ইউ) আৰু বিজেপিৰ মাজৰ উত্তেজনাত ভুগি আছে। বিহাৰ জ্বলি আছে আৰু দুয়োটা দলৰ নেতাই বিষয়টো সমাধান কৰাৰ পৰিৱৰ্তে ইজনে-সিজনৰ বিৰুদ্ধে অপবাদ দিয়া আৰু অভিযোগ উত্থাপন কৰাত ব্যস্ত হৈ আছে।

ইতিমধ্যে, বিহাৰৰ যুৱক-যুৱতীসকলে বিজেপি নেতাসকলক লক্ষ্য কৰি লৈছে৷ এই আঁচনি প্ৰৱৰ্তনত ক্ষোভিত যুৱক-যুৱতীসকলে বিজেপি নেতা আৰু দলীয় কাৰ্যালয়ক লক্ষ্য কৰি লৈছে। বেতিয়াত উপ-মুখ্যমন্ত্ৰী ৰেণু দেৱী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি সঞ্জয় জয়ছোৱালৰ ঘৰ লণ্ডভণ্ড কৰা হৈছে। বহু ঠাইত বিজেপি বিধায়কসকলক লক্ষ্য কৰি লোৱা হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই বিহাৰ বিজেপিৰ ১০গৰাকী নেতাৰ নিৰাপত্তা বৃদ্ধি কৰিছে।

বিহাৰত বিজেপিয়ে এই আক্ৰমণৰ বাবে মুখ্যমন্ত্ৰীক দোষাৰোপ কৰিছে। ইয়াৰ পিছতে দুয়োটা দলৰ মাজত বিৰাজ কৰিছে চেপা উত্তেজনা৷

নতুন সামৰিক নিযুক্তি আঁচনিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ চতুৰ্থ দিনা ৰাজ্যখনত এটা ৰে’ল ষ্টেচন আৰু এখন আৰক্ষীৰ বাহনত জুই লগোৱা হয়৷ দুৰ্বৃত্তই এখন এম্বুলেন্সো লক্ষ্য কৰি লৈছিল৷ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, বিহাৰ বন্ধৰ সময়ত ৰে’লৱে, চৰকাৰী সম্পত্তি ধ্বংসৰ বিৰুদ্ধে ৰাজ্যজুৰি মুঠ ২৫খন এজাহাৰ দাখিল কৰা হৈছে আৰু ২৫০ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ১৬ জুনৰ পৰা ১৮ জুনলৈ তিনিদিনত মুঠ ১৩৮খন এফআইআৰ পঞ্জীয়ন কৰা হৈছে আৰু ৭১৮গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। চিচিটিভি ফুটেজ আৰু ভিডিঅ’গ্ৰাফীৰ জৰিয়তে, দুৰ্বৃত্ত আৰু হিংসাৰ অপৰাধীসকলক চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে কৈছিল যে যদি তদন্তৰ সময়ত হিংসাৰ অপৰাধীসকলক চিনাক্ত কৰা হয়, তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু