--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অংগদানেৰে নজিৰ সৃষ্টি দিল্লী এইমছৰ। ব্ৰেইন ডেথত মৃত্যু হোৱা ৬ বছৰীয়া শিশু কন্যাৰ অংগদানৰ বাবে ৫জন ৰোগীয়ে পালে জীৱনদান। এক ভয়ংকৰ ঘটনাত জীয়ৰীক হেৰুৱাৰ পিছতো শিশুকন্যাটিৰ অংগদান কৰিবলৈ সন্মত হৈছিল পিতৃ-মাতৃ। ৰাজধানীৰ বিখ্যাত চিকিৎসালয়খনৰ ইতিহাসত এইগৰাকী শিশুকন্যা আটাইতকৈ কম বয়সীয়া অংগদাতা হিচাপে বিবেচিত হৈছে। শিশুটিৰ পিতৃ-মাতৃৰ ওচৰত কৃতজ্ঞ বুলি মন্তব্য চিকিৎসকৰ।

কাৰাগাৰৰ পৰা পলায়ন কৰা এজন দুষ্কৃতিকাৰীয়ে ৬ বছৰীয়া ৰ’লী প্ৰজাপতিৰ মূৰত গুলীয়ায়। ততাতৈয়াকৈ তেওঁক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সংকটজনক অৱস্থাৰ বাবে ২৬ এপ্ৰিলত দিল্লী এইমছলৈ প্ৰেৰণ কৰা হৈছিল শিশুটিক। কিন্তু এইমছৰ চিকিৎসকে কয় যে, ‘যেতিয়া ৰ’লীক চিকিৎসালয়লৈ অনা হৈছিল তেতিয়া তেওঁৰ অৱস্থা ব্ৰেইন ডেথৰ দৰেই আছিল। গুলীটো মূৰত লাগি আছিল। শিশুটিক বচাব পৰা নগ’ল।’  ইয়াৰ পিছতে এইমছৰ চিকিৎসকে ৰ’লীৰ অভিভাৱকক অংগদানৰ বিষয়ে অৱগত কৰে।

এইমছৰ স্নায়ুচাৰ্জন ডাঃ দীপক গুপ্তাই কয়, ‘ ৰ’লীৰ পিতৃ-মাতৃৰ ওচৰত আমি কৃতজ্ঞ। যদিও তেওঁলোকে এই বিষয়ে বিশেষ নাজানিছিল, তথাপি তেওঁলোকে সন্মতি প্ৰদান কৰিছে।’ 

মন কৰিবলগীয়া যে, শিশুটিৰ হৃদযন্ত্ৰ, বৃক্ক, ছাল, যকৃত আদি আঁতৰাই পাঁচজন ৰোগীৰ শৰীৰত প্ৰতিস্থাপন কৰা হয়। ৰোগীকেইজনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। 

ৰ’লীৰ পিতৃ হলী নাৰায়ণ প্ৰজাপতিয়ে কয় যে, ‘চিকিৎসকে আমাক বুজাইছে যে তেওঁৰ অংগ-প্ৰত্যংগই আন ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে। ৰ’লীৰ মাতৃ আৰু মই একমত। আমাৰ ছোৱালীজনী অন্ততঃ আনৰ শৰীৰত জীয়াই থাকিব, মুখত হাঁহি আনি দিব।’ শিশুটিৰ মাতৃ পুনম দেৱীয়ে কয়, ‘আমাৰ জীয়ৰীয়ে আমাক এৰি থৈ গ'লেও কিন্তু আনৰ জীৱন ৰক্ষা কৰিলে।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা