--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অংগদানেৰে নজিৰ সৃষ্টি দিল্লী এইমছৰ। ব্ৰেইন ডেথত মৃত্যু হোৱা ৬ বছৰীয়া শিশু কন্যাৰ অংগদানৰ বাবে ৫জন ৰোগীয়ে পালে জীৱনদান। এক ভয়ংকৰ ঘটনাত জীয়ৰীক হেৰুৱাৰ পিছতো শিশুকন্যাটিৰ অংগদান কৰিবলৈ সন্মত হৈছিল পিতৃ-মাতৃ। ৰাজধানীৰ বিখ্যাত চিকিৎসালয়খনৰ ইতিহাসত এইগৰাকী শিশুকন্যা আটাইতকৈ কম বয়সীয়া অংগদাতা হিচাপে বিবেচিত হৈছে। শিশুটিৰ পিতৃ-মাতৃৰ ওচৰত কৃতজ্ঞ বুলি মন্তব্য চিকিৎসকৰ।

কাৰাগাৰৰ পৰা পলায়ন কৰা এজন দুষ্কৃতিকাৰীয়ে ৬ বছৰীয়া ৰ’লী প্ৰজাপতিৰ মূৰত গুলীয়ায়। ততাতৈয়াকৈ তেওঁক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সংকটজনক অৱস্থাৰ বাবে ২৬ এপ্ৰিলত দিল্লী এইমছলৈ প্ৰেৰণ কৰা হৈছিল শিশুটিক। কিন্তু এইমছৰ চিকিৎসকে কয় যে, ‘যেতিয়া ৰ’লীক চিকিৎসালয়লৈ অনা হৈছিল তেতিয়া তেওঁৰ অৱস্থা ব্ৰেইন ডেথৰ দৰেই আছিল। গুলীটো মূৰত লাগি আছিল। শিশুটিক বচাব পৰা নগ’ল।’  ইয়াৰ পিছতে এইমছৰ চিকিৎসকে ৰ’লীৰ অভিভাৱকক অংগদানৰ বিষয়ে অৱগত কৰে।

এইমছৰ স্নায়ুচাৰ্জন ডাঃ দীপক গুপ্তাই কয়, ‘ ৰ’লীৰ পিতৃ-মাতৃৰ ওচৰত আমি কৃতজ্ঞ। যদিও তেওঁলোকে এই বিষয়ে বিশেষ নাজানিছিল, তথাপি তেওঁলোকে সন্মতি প্ৰদান কৰিছে।’ 

মন কৰিবলগীয়া যে, শিশুটিৰ হৃদযন্ত্ৰ, বৃক্ক, ছাল, যকৃত আদি আঁতৰাই পাঁচজন ৰোগীৰ শৰীৰত প্ৰতিস্থাপন কৰা হয়। ৰোগীকেইজনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। 

ৰ’লীৰ পিতৃ হলী নাৰায়ণ প্ৰজাপতিয়ে কয় যে, ‘চিকিৎসকে আমাক বুজাইছে যে তেওঁৰ অংগ-প্ৰত্যংগই আন ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে। ৰ’লীৰ মাতৃ আৰু মই একমত। আমাৰ ছোৱালীজনী অন্ততঃ আনৰ শৰীৰত জীয়াই থাকিব, মুখত হাঁহি আনি দিব।’ শিশুটিৰ মাতৃ পুনম দেৱীয়ে কয়, ‘আমাৰ জীয়ৰীয়ে আমাক এৰি থৈ গ'লেও কিন্তু আনৰ জীৱন ৰক্ষা কৰিলে।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত