--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি উচ্চতম ন্যায়ালয়ে এখন আবেদনৰ ভিত্তিত ৰাজ্যিক কেবিনেটৰ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিত এন আৰ আই কোটাৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰা নিৰ্দেশক আদৰণি জনাইছে আপ অসমে। এটা বিবৃতিত আপৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই কয় যে মেধাতকৈ ডলাৰক গুৰুত্ব দিয়া দেউলীয়া চৰকাৰখনৰ যে এইটো হঠকাৰী সিদ্ধান্ত আছিল সেয়া ন্যায়ালয়ে প্ৰমাণ কৰিলে। ন্যায়ালয়ত এই সন্দৰ্ভত আবেদন কৰা আবেদনকাৰী কেইগৰাকীক তেওঁ ধন্যবাদ জনায়।

উল্লেখ্য যে এন আৰ আই কোটাত এম বি বি এছৰ নামভৰ্তি সন্দৰ্ভত কেবিনেটে গ্ৰহন কৰা প্ৰস্তাৱৰ বিৰুদ্ধে আপ, অসমে আৰম্ভণিৰে পৰা প্ৰতিবাদ কৰি আহিছে। মেধাতকৈ ডলাৰক বেছি গুৰুত্ব প্ৰদান কৰি মেডিকেল শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কেবিনেটে গ্ৰহণ কৰা এনে সিদ্ধান্ত অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক কালন্তক সিদ্ধান্ত বুলি আম আদমি পাৰ্টীয়ে কৈ আহিছে। ইতিমধ্যে এন আৰ আই কোটাত নামভৰ্তি কৰা প্ৰাৰ্থীসকলৰ নম্বৰসমূহ চালে এই কথা প্ৰমাণ হৈছে। দেউলীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধন সংগ্ৰহৰ বাবেই এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল বুলি আপ অসমে আৰম্ভণিৰে পৰা অভিযোগ উত্থাপন কৰি আহিছে। তদুপৰি এই ব্যৱস্থাৰ জড়িয়তে চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ নামভৰ্তিত এক বৃহৎ কেলেংকাৰীৰ বাট ৰাজ্য চৰকাৰে মুকলি কৰি লৈছিল। কাৰণ বাছনি পৰীক্ষাত কম নম্বৰ পোৱা এজন শিক্ষাৰ্থীয়ে যিকোনো এজন এন আৰ আইৰ পৰা শিক্ষাৰ্থীগৰাকী তেওঁৰ সম্পৰ্কীয় হয় বুলি লিখাই লৈ বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত আসন লাভ কৰিবলৈ বাট মুকলি হৈছিল। যিটো কাৰ্যই মেধাৱী ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি হতাশাগ্ৰস্ত কৰি তোলাৰ সম্ভাৱনা আছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ