--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ হৈ টি-২০ বিশ্বকাপ জয় কৰাৰ পাছতেই প্রশিক্ষক ৰাহুল দ্রাবিড় প্রাক্তন হৈ পৰে৷ সাজঘৰত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিলে তেওঁৰ বিদায় বাৰ্তা। তাতে দ্ৰাবিদে এদিনীয়া বিশ্বকাপৰ পাছত ৰোহিত শৰ্মাৰ ফোন কলৰ কথা ক’লে। তেওঁ কয় যে সেই ফোনটো নাপালে টি-২০ বিশ্বকাপত জয়ী নহ’লহেঁতেন।

এদিনীয়া বিশ্বকাপৰ পাছত দ্ৰাবিড়ৰ কাৰ্যকালৰ অন্ত পৰিছিল। কিন্তু বিচিচিআইয়ে তেওঁক টি-২০ বিশ্বকাপলৈকে থাকিবলৈ কয়। দ্ৰাবিড়ে ৰোহিতৰ কথাত থাকিবলৈ মান্তি হ’ল। ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে বিদায় বাৰ্তাতো একেই কথা কয়।

শনিবাৰে দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি ভাৰতে টি-২০ বিশ্বকাপত জয়লাভ কৰে। ইয়াৰ পিছত ড্ৰেছিং ৰুমত দ্ৰাবিদে ক’লে, “ৰোহিত, ধন্যবাদ। যোৱা বছৰ নৱেম্বৰ মাহত তুমি মোক ফোন কৰি থাকিবলৈ ক’লে। তোমালোক সকলোৰে সৈতে কাম কৰি ভাল লাগিল। বিশেষ ধন্যবাদ ৰোহিতলৈ। এজন প্ৰশিক্ষক আৰু এজন অধিনায়কে বহুত কথা পাতে। বহু বিষয়ৰ ওপৰত আলোচনা কৰা হয়। কেতিয়াবা আমি মান্তি হওঁ, কেতিয়াবা নহও। কিন্তু সকলোকে ধন্যবাদ।’’

দ্ৰাবিড়ে ক’লে, “মই সঁচাকৈয়ে শব্দ হেৰুৱাই পেলাইছো। সাধাৰণতে এনে নহয়। এই বিজয়ৰ বাবে মোৰ সংগ দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। এই বিজয় আপোনালোক সকলোৱে গোটেই জীৱন মনত ৰাখিব। আমি যি কওঁ, ৰাণ বা উইকেট নহয়, কিন্তু স্মৃতিবোৰ ৰৈ যাব। অনুভৱ কৰিব লাগে। তোমাক লৈ মই গৌৰৱ কৰো।”

কয়, ‘তোমালোকে মেচখনত যি ধৰণে ঘূৰি আহিছিল সেয়া অবিশ্বাস্য আছিল। কেইবাবছৰ ধৰি আমি হতাশ হৈ উভতি আহিছিলোঁ৷ আমি ট্ৰফী জিকাৰ ইমান ওচৰ চাপিছিলোঁ যদিও খালী হাতেৰে উভতি আহিছিলোঁ৷ কিন্তু তোমালোকে অৱশেষত জয়ী হ’লা।”

তেওঁ নিজেই ক্ৰিকেটাৰ হিচাপে ভাৰতীয় দলৰ হৈ বহু মেচত জয়লাভ কৰিছে। দ্ৰাবিড়ে ক’লে, “তোমালোক সকলোৱে ইয়াত উপস্থিত হ’বলৈ বহুত ত্যাগ কৰিছে। তোমালোকৰ পৰিয়ালৰ বহুত ইয়ালৈ আহিছে, বহুত দেশত আছে। তেওঁলোকৰ ত্যাগৰ কথা মনত ৰাখিবা। বহুতে তোমাৰৰ বাবে ত্যাগ কৰিছে, যেনে পিতৃ-মাতৃ, পত্নী, সন্তান, ভাই, প্ৰশিক্ষক। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই এই মুহূৰ্তটো তুমি উপভোগ কৰিব পাৰিছে৷’’

২০২১ চনৰ টি-২০ বিশ্বকাপত পৰাজয়ৰ পাছত ভাৰতীয় দলৰ দায়িত্ব লয় দ্ৰাবিড়ে। দুবছৰৰ বাবে তেওঁৰ সৈতে চুক্তিবদ্ধ হৈছিল। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হ’বলগীয়া আছিল। যোৱা বছৰৰ ১৯ নৱেম্বৰত এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল ভাৰত। ইয়াৰ পিছত দ্ৰাবিড় পদ এৰি যোৱাৰ কথা আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু