--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ হৈ টি-২০ বিশ্বকাপ জয় কৰাৰ পাছতেই প্রশিক্ষক ৰাহুল দ্রাবিড় প্রাক্তন হৈ পৰে৷ সাজঘৰত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিলে তেওঁৰ বিদায় বাৰ্তা। তাতে দ্ৰাবিদে এদিনীয়া বিশ্বকাপৰ পাছত ৰোহিত শৰ্মাৰ ফোন কলৰ কথা ক’লে। তেওঁ কয় যে সেই ফোনটো নাপালে টি-২০ বিশ্বকাপত জয়ী নহ’লহেঁতেন।

এদিনীয়া বিশ্বকাপৰ পাছত দ্ৰাবিড়ৰ কাৰ্যকালৰ অন্ত পৰিছিল। কিন্তু বিচিচিআইয়ে তেওঁক টি-২০ বিশ্বকাপলৈকে থাকিবলৈ কয়। দ্ৰাবিড়ে ৰোহিতৰ কথাত থাকিবলৈ মান্তি হ’ল। ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে বিদায় বাৰ্তাতো একেই কথা কয়।

শনিবাৰে দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি ভাৰতে টি-২০ বিশ্বকাপত জয়লাভ কৰে। ইয়াৰ পিছত ড্ৰেছিং ৰুমত দ্ৰাবিদে ক’লে, “ৰোহিত, ধন্যবাদ। যোৱা বছৰ নৱেম্বৰ মাহত তুমি মোক ফোন কৰি থাকিবলৈ ক’লে। তোমালোক সকলোৰে সৈতে কাম কৰি ভাল লাগিল। বিশেষ ধন্যবাদ ৰোহিতলৈ। এজন প্ৰশিক্ষক আৰু এজন অধিনায়কে বহুত কথা পাতে। বহু বিষয়ৰ ওপৰত আলোচনা কৰা হয়। কেতিয়াবা আমি মান্তি হওঁ, কেতিয়াবা নহও। কিন্তু সকলোকে ধন্যবাদ।’’

দ্ৰাবিড়ে ক’লে, “মই সঁচাকৈয়ে শব্দ হেৰুৱাই পেলাইছো। সাধাৰণতে এনে নহয়। এই বিজয়ৰ বাবে মোৰ সংগ দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। এই বিজয় আপোনালোক সকলোৱে গোটেই জীৱন মনত ৰাখিব। আমি যি কওঁ, ৰাণ বা উইকেট নহয়, কিন্তু স্মৃতিবোৰ ৰৈ যাব। অনুভৱ কৰিব লাগে। তোমাক লৈ মই গৌৰৱ কৰো।”

কয়, ‘তোমালোকে মেচখনত যি ধৰণে ঘূৰি আহিছিল সেয়া অবিশ্বাস্য আছিল। কেইবাবছৰ ধৰি আমি হতাশ হৈ উভতি আহিছিলোঁ৷ আমি ট্ৰফী জিকাৰ ইমান ওচৰ চাপিছিলোঁ যদিও খালী হাতেৰে উভতি আহিছিলোঁ৷ কিন্তু তোমালোকে অৱশেষত জয়ী হ’লা।”

তেওঁ নিজেই ক্ৰিকেটাৰ হিচাপে ভাৰতীয় দলৰ হৈ বহু মেচত জয়লাভ কৰিছে। দ্ৰাবিড়ে ক’লে, “তোমালোক সকলোৱে ইয়াত উপস্থিত হ’বলৈ বহুত ত্যাগ কৰিছে। তোমালোকৰ পৰিয়ালৰ বহুত ইয়ালৈ আহিছে, বহুত দেশত আছে। তেওঁলোকৰ ত্যাগৰ কথা মনত ৰাখিবা। বহুতে তোমাৰৰ বাবে ত্যাগ কৰিছে, যেনে পিতৃ-মাতৃ, পত্নী, সন্তান, ভাই, প্ৰশিক্ষক। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই এই মুহূৰ্তটো তুমি উপভোগ কৰিব পাৰিছে৷’’

২০২১ চনৰ টি-২০ বিশ্বকাপত পৰাজয়ৰ পাছত ভাৰতীয় দলৰ দায়িত্ব লয় দ্ৰাবিড়ে। দুবছৰৰ বাবে তেওঁৰ সৈতে চুক্তিবদ্ধ হৈছিল। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হ’বলগীয়া আছিল। যোৱা বছৰৰ ১৯ নৱেম্বৰত এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল ভাৰত। ইয়াৰ পিছত দ্ৰাবিড় পদ এৰি যোৱাৰ কথা আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ