--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত ভাৰতে প্ৰথম বেটিং কৰে। আগ্ৰাসী আৰম্ভণিৰ পিছতো ৰোহিত শৰ্মাই অৰ্ধশতকৰ পূৰ্বে আউট হয়। মেচখনৰ পাছতে ৰোহিতৰ শ্বট বাছনিক লৈ প্ৰশ্ন উত্থাপন কৰে সুনীল গাওস্কৰে। তেওঁৰ মতে, মেচখনৰ সেই মুহূৰ্তত ৰোহিতে এনে আত্মঘাতী শ্বট খেলা উচিত নাছিল। তেওঁ কেপ্তেইন হিচাপে অধিক জ্ঞান ব্যৱহাৰ কৰা উচিত আছিল।

গাওস্কাৰে কয়, ‘ৰোহিতৰ আউট হোৱাটোৱেই আছিল মেচখনৰ টাৰ্নিং পইণ্ট। সেই মুহূৰ্তত ৰোহিতৰ মুড বৰ আক্ৰমণাত্মক আছিল। মই জানো যে তেওঁ আক্ৰমণাত্মকভাৱে খেলি ভাল পায়। কিন্তু সেই অভাৰত ছয় আৰু চাৰিৰ পিছত তেওঁ সেই ধৰণৰ শ্বট খেলা উচিত নাছিল। অধিক বুদ্ধিমান শ্বট খেলা উচিত আছিল।"

গাভাস্কাৰে কয়- "দল এটাৰ পঞ্চম বা ষষ্ঠ বলাৰৰ বলত আক্ৰমণ কৰিব লাগে। সেই মুহূৰ্তত ভাৰতৰ ইমান ব্যস্ততাও নাছিল। মেক্সৱেল, হেড, মাৰ্ছক সহজেই পিটা হৈছিল। যদি আপুনি আক্ৰমণাত্মকভাৱে খেলিবলৈ গৈ আছে তেন্তে দুৰ্বল বলক লক্ষ্য কৰি লওক। ভাল আৰম্ভণি কৰিও এই ধৰণে উইকেট যোৱাটো গ্ৰহণযোগ্য নহয়।’’

মন কৰিবলগীয়া যে ৰোহিতৰ আউটৰ পিছত শ্ৰেয়াছ আয়াৰো পেভিলিয়নলৈ ঘূৰি আহিছিল। একেৰাহে তিনিটা উইকেট হেৰুৱাই ভাৰতে হেঁচাত পৰি লাহে লাহে খেলিবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক