--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি ভাৰতত ৩.০৩ কোটি যুৱক-যুৱতী কৰ্মসংস্থাপনহীন হৈ আছে৷ ২০২০ বৰ্ষত ক’ভিড লকডাউনৰ সময়তকৈও নিবনুৱাৰ হাৰ বৃদ্ধি হৈছে৷ ৰে’লৱে পৰীক্ষাত হোৱা খেলিমেলিৰ পিছত প্ৰাৰ্থীসকলে উত্তৰ প্ৰদেশ আৰু বিহাৰত প্ৰতিবাদ কৰিছিল। তেওঁলোকৰ প্ৰতিবাদৰ পদ্ধতি ৰে’ল জ্বলোৱা পৰ্যায়ত উপণীত হৈছিল। এতিয়া প্ৰশ্ন হৈছে, মাত্ৰ এটা পৰীক্ষাত হোৱা খেলিমেলিৰ বাবেই এই লোকসকলৰ ইমান ক্ষোভ নেকি? বিশেষজ্ঞসকলে সেইটো বিশ্বাস নকৰে। নিবনুৱাৰ তথ্য প্ৰকাশ কৰা সংস্থা ‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমী’ৰ শেহতীয়া তথ্য অনুসৰি, যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈ দেশত মুঠ নিবনুৱাৰ সংখ্যা আছিল ৩.১৮ কোটি। ইয়াৰ ভিতৰত, ৩.০৩ কোটিৰ বয়স ২৯ বছৰৰ তলৰ। এই সংখ্যাটো ২০২০ চনত সমগ্ৰ দেশত হোৱা লকডাউনৰ সময়ৰ নিবনুৱাতকৈও বেছি। সেই সময়ত, দেশত ২.৯৩ কোটি নিবনুৱা আছিল। সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, ১.১৮ কোটিতকৈও অধিক স্নাতক বৰ্তমান নিবনুৱা৷ চিএমআইইৰ মুখ্য কাৰ্যবাহী বিষয়া মহেশ ব্যাস আৰু ডি কে যোশীয়ে নিবনুৱা সম্পৰ্কীয় কেতবোৰ প্ৰশ্নৰ উত্তৰ দিছে৷ স্নাতকসকল কিয় অধিক নিবনুৱা বুলি সোধা এক প্ৰশ্নৰ উত্তৰত এজন কম শিক্ষিত ব্যক্তিয়ে সৰু কাম কৰিবলৈ আৰম্ভ কৰে। শিক্ষিত যুৱক-যুৱতীসকলে তেওঁলোকৰ অৰ্হতা অনুসৰি চাকৰি বিচাৰে। নিবনুৱা বৃদ্ধিৰ কাৰণ হিচাপে কেইবছৰমানৰ পৰা অৰ্থনীতি সন্তুলিতভাৱে বৃদ্ধি নোহোৱা বিষয়টোক মুখ্য কাৰণ হিচাপে অভিহিত কৰা হৈছে৷ মহামাৰীৰ পৰা এতিয়ালৈকে পুনৰুদ্ধাৰ নোহোৱা অঞ্চলবোৰৰ অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন