--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অত্যাধিক সুৰাপান কৰি এগৰাকী মহিলাই হত্যা কৰিলে নিজ কন্যাক৷ হায়দৰাবাদৰ মঙলহাটত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো৷ অত্যাধিক সুৰাপান কৰি এবছৰীয়া কন্যা সন্তানক হত্যা কৰে এগৰাকী মাতৃয়ে। আৰক্ষীৰ দিয়া তথ্য অনুসৰি মহিলাগৰাকীৰ নাম লক্ষ্মী৷ মহিলাগৰাকীয়ে প্ৰথমে তেওঁৰ সন্তানক প্ৰহাৰ কৰে আৰু পাছত ডিঙিত চেপি হত্যা কৰে নিজ কন্যাক৷ মঙলবাৰে সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো৷ জানিব পাৰ মতে, লক্ষ্মীয়ে তেওঁৰ সন্তানৰ সৈতে মঙলহাটৰ সীথাৰামবাগ মন্দিৰৰ পিছফালে থকা দত্তাত্ৰেয় কামনৰ ওচৰৰ জুপুৰিত বাস কৰিছিল। সুৰাৰ প্ৰতি বিশেষভাৱে আসক্ত আছিল মহিলাগৰাকী। মঙলবাৰে দিনটোৰ কাম সম্পূৰ্ণ কৰাৰ পাছত লক্ষ্মীয়ে যথেষ্ট সুৰাপান কৰিছিল। অত্যাধিক সুৰাপান কৰাৰ ফলত নিশা কলংকৃতা মাতৃগৰাকীয়ে কণমানিজনীক প্ৰহাৰ কৰিছিল আৰু ডিঙি চেপি ধৰিছিল৷ যাৰ ফলত থিতাতেই নিহত হয় কণমানিজনীৰ। স্থানীয় লোকৰ তত্ত্বাৱধানত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে হাস্পতাললৈ। ইতিমধ্যে লক্ষ্মীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰক্ষী চকীত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক