--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অত্যাধিক সুৰাপান কৰি এগৰাকী মহিলাই হত্যা কৰিলে নিজ কন্যাক৷ হায়দৰাবাদৰ মঙলহাটত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো৷ অত্যাধিক সুৰাপান কৰি এবছৰীয়া কন্যা সন্তানক হত্যা কৰে এগৰাকী মাতৃয়ে। আৰক্ষীৰ দিয়া তথ্য অনুসৰি মহিলাগৰাকীৰ নাম লক্ষ্মী৷ মহিলাগৰাকীয়ে প্ৰথমে তেওঁৰ সন্তানক প্ৰহাৰ কৰে আৰু পাছত ডিঙিত চেপি হত্যা কৰে নিজ কন্যাক৷ মঙলবাৰে সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো৷ জানিব পাৰ মতে, লক্ষ্মীয়ে তেওঁৰ সন্তানৰ সৈতে মঙলহাটৰ সীথাৰামবাগ মন্দিৰৰ পিছফালে থকা দত্তাত্ৰেয় কামনৰ ওচৰৰ জুপুৰিত বাস কৰিছিল। সুৰাৰ প্ৰতি বিশেষভাৱে আসক্ত আছিল মহিলাগৰাকী। মঙলবাৰে দিনটোৰ কাম সম্পূৰ্ণ কৰাৰ পাছত লক্ষ্মীয়ে যথেষ্ট সুৰাপান কৰিছিল। অত্যাধিক সুৰাপান কৰাৰ ফলত নিশা কলংকৃতা মাতৃগৰাকীয়ে কণমানিজনীক প্ৰহাৰ কৰিছিল আৰু ডিঙি চেপি ধৰিছিল৷ যাৰ ফলত থিতাতেই নিহত হয় কণমানিজনীৰ। স্থানীয় লোকৰ তত্ত্বাৱধানত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে হাস্পতাললৈ। ইতিমধ্যে লক্ষ্মীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰক্ষী চকীত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন