ডিজিটেল ডেস্ক : ইয়াকে হয়তো কয় অজব ডাক্টৰৰ গজব কাহিনী। জ্বৰৰ দৰৱ খৰত দিয়া চিকিৎসকৰ কাহিনী আমাৰ দেশত নতুন কথা নহয়। মুন্নাভাই চিকিৎসকৰ কাহিনীয়েও প্ৰায়েই দখল কৰে সংবাদ শিৰোনাম। কিন্তু এই সকলো চেৰাই গৈ এইবাৰ এজন চিকিৎসকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। বাওঁ ভৰিৰ সমস্যাত ভুগি থকা এজন লোকক পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল হাস্পতালত। চিকিৎসকে তেওঁৰ অস্ত্ৰোপচাৰো কৰে। কিন্তু তাতেই কেনা লাগে।
উত্তৰ প্ৰদেশৰ আম্বলখেৰাৰ বাসিন্দা কৃষক যোগেন্দ্ৰ সিঙে পৰি ভৰিত দুখ পাইছিল। তেওঁক এতমাদৌল্লাত থকা ডাঃ শশীফাল ছড়ানাৰ হাস্পতালত ভৰ্তি কৰোঁৱ হয়। তাতে চিকিৎসকে তেওঁৰ ভৰিৰ অস্ত্ৰোপচা কৰে। কিন্তু তাৰ পাছতহে উৰহী গছৰ ওৰ ওলাল। লোকজনৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰে যে, বাওভৰিৰ হাৰত দুখ পোৱা লোকজনক চিকিৎসকে সোঁভৰিৰ অস্ত্ৰোপচাৰ কৰে। এই কথা পোহৰলৈ অহাৰ পাছতে ৰোগীজনৰ আত্মীয়সকলে হাস্পতালখনত আৰম্ভ কৰে উদ্বাণ্ডালি। পৰিস্থিতিৰ অৱনতি হোৱাত আৰক্ষী আহিহে পৰিস্থিতি চম্ভালিবলগীয়া হয়।
ইফালে চিকিৎসালয়খনৰ চিকিৎসকে প্ৰকাশ কৰিছে যে, যোগেন্দ্ৰৰ পৰিয়ালৰ লোকসকলে উত্থাপন কৰা অভিযোগ সঁচা নহয়। লোকজনে দুয়োখন ভৰিতে আঘাত পাইছিল যাৰ বাবে তেওঁৰ দুয়োভৰিৰে অস্ত্ৰোপচাৰ কৰিব লাগিব। চিকিৎসকে সঠিক চিকিৎসাৰ আশ্বাস দিয়াত ৰোগীজনৰ তৰফৰ পৰা কোনো গোচৰ দিয়া হোৱা নাই। কিন্তু ৰোগীয়ে বাওঁ ভৰিত দুখ পোৱা বুলি প্ৰকাশ কৰাৰ পাছত সোঁভৰিৰ অস্ত্ৰোপচাৰ কৰাৰ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিকিৎসকে মানি নল’লেও এয়া যে এক গুৰুতৰ অঘটন সেয়া স্পষ্ট হৈ পৰিছে।