--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইয়াকে হয়তো কয় অজব ডাক্টৰৰ গজব কাহিনী। জ্বৰৰ দৰৱ খৰত দিয়া চিকিৎসকৰ কাহিনী আমাৰ দেশত নতুন কথা নহয়। মুন্নাভাই চিকিৎসকৰ কাহিনীয়েও প্ৰায়েই দখল কৰে সংবাদ শিৰোনাম। কিন্তু এই সকলো চেৰাই গৈ এইবাৰ এজন চিকিৎসকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। বাওঁ ভৰিৰ সমস্যাত ভুগি থকা এজন লোকক পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল হাস্পতালত। চিকিৎসকে তেওঁৰ অস্ত্ৰোপচাৰো কৰে। কিন্তু তাতেই কেনা লাগে। উত্তৰ প্ৰদেশৰ আম্বলখেৰাৰ বাসিন্দা কৃষক যোগেন্দ্ৰ সিঙে পৰি ভৰিত দুখ পাইছিল। তেওঁক এতমাদৌল্লাত থকা ডাঃ শশীফাল ছড়ানাৰ হাস্পতালত ভৰ্তি কৰোঁৱ হয়। তাতে চিকিৎসকে তেওঁৰ ভৰিৰ অস্ত্ৰোপচা কৰে। কিন্তু তাৰ পাছতহে উৰহী গছৰ ওৰ ওলাল। লোকজনৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰে যে, বাওভৰিৰ হাৰত দুখ পোৱা লোকজনক চিকিৎসকে সোঁভৰিৰ অস্ত্ৰোপচাৰ কৰে। এই কথা পোহৰলৈ অহাৰ পাছতে ৰোগীজনৰ আত্মীয়সকলে হাস্পতালখনত আৰম্ভ কৰে উদ্বাণ্ডালি। পৰিস্থিতিৰ অৱনতি হোৱাত আৰক্ষী আহিহে পৰিস্থিতি চম্ভালিবলগীয়া হয়। ইফালে চিকিৎসালয়খনৰ চিকিৎসকে প্ৰকাশ কৰিছে যে, যোগেন্দ্ৰৰ পৰিয়ালৰ লোকসকলে উত্থাপন কৰা অভিযোগ সঁচা নহয়। লোকজনে দুয়োখন ভৰিতে আঘাত পাইছিল যাৰ বাবে তেওঁৰ দুয়োভৰিৰে অস্ত্ৰোপচাৰ কৰিব লাগিব। চিকিৎসকে সঠিক চিকিৎসাৰ আশ্বাস দিয়াত ৰোগীজনৰ তৰফৰ পৰা কোনো গোচৰ দিয়া হোৱা নাই। কিন্তু ৰোগীয়ে বাওঁ ভৰিত দুখ পোৱা বুলি প্ৰকাশ কৰাৰ পাছত সোঁভৰিৰ অস্ত্ৰোপচাৰ কৰাৰ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিকিৎসকে মানি নল’লেও এয়া যে এক গুৰুতৰ অঘটন সেয়া স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ