ডিজিটেল ডেস্কঃ শিক্ষানুষ্ঠানত শিক্ষক আৰু ছাত্ৰৰ মাজত এক পৱিত্ৰ সম্পৰ্ক গঢ় লৈ উঠে৷ শিক্ষকে ছাত্ৰক পৰিচয় কৰাই দিয়ে শিক্ষা আৰু জ্ঞানৰ বিশাল জগতৰ সৈতে৷ এগৰাকী শিশুৰ সৰ্বাংগীন বিকাশ সাধন কৰি তেওঁক জ্ঞানৰ জ্যোতিৰে উজলাই এজন সৎ চৰিত্ৰৱান সুনাগৰিক কৰি গঢ়ি তোলাত শিক্ষকেই আগভাগ লয়। সেইকাৰণে শিক্ষক সদায় ছাত্ৰৰ চিৰনমস্য। আগৰ দিনত ছাত্ৰসমাজে গুৰু বা শিক্ষকক বহুত সন্মান কৰিছিল। গুৰুক অলেখ সন্মান আৰু শ্ৰদ্ধা সহকাৰে য'তে দেখে ত'তেই প্ৰণাম জনাইছিল৷ কিন্তু বৰ্তমান যেন সেই কথাবোৰৰ বহুত পৰিৱৰ্তন হ'ল। ছাত্ৰ আৰু শিক্ষকৰ মাজৰ সম্পৰ্কত যেন ঘূণে ধৰিল, মাজে-সময়ে দেখা পোৱা কিছুমান কাণ্ডই সেই কথাকেই প্ৰমাণ কৰে।
শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে। ভিডিঅ'টোত দেখা গৈছে এজন ছাত্ৰই বিদ্যালয়ৰ বিদায় অনুষ্ঠানত এগৰাকী শিক্ষয়িত্ৰীৰ সৈতে এটা হিন্দী গানত নৃত্য কৰিছে। ভাইৰেল ভিডিঅ'টোত স্কুলীয়া ছাত্ৰজনে বলীউডৰ ব্লকবাষ্টাৰ হিট ছবি 'আশিকী ২'ৰ জনপ্ৰিয় হিন্দী গান 'তুম হি হো'ত শিক্ষয়িত্ৰীগৰাকীৰ হাতত ধৰি অতি অন্তৰংগভাৱে নৃত্য কৰিছে। এই দৃশ্যটো দেখি সেই মুহূৰ্তত তাত উপস্থিত থকা ছাত্ৰজনৰ সকলো বন্ধু অতি উৎসাহিত হৈ পৰিছিল। কিয়নো তেওঁলোকৰ বন্ধুৱে এনে এক দুঃসাহসিক কাম কৰিছে, যিটো কৰাৰ সাহস বহুতৰে নাই। তেওঁলোকৰ মাজৰে এজনে সেই দৃশ্যটোৰ এটা ভিডিঅ' বনাইছিল আৰু ভিডিঅ'টো এটা ইউটিউব চেনেলৰ জৰিয়তে শ্বেয়াৰ কৰিছিল।