--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিক্ষানুষ্ঠানত শিক্ষক আৰু ছাত্ৰৰ মাজত এক পৱিত্ৰ সম্পৰ্ক গঢ় লৈ উঠে৷ শিক্ষকে ছাত্ৰক পৰিচয় কৰাই দিয়ে শিক্ষা আৰু জ্ঞানৰ বিশাল জগতৰ সৈতে৷ এগৰাকী শিশুৰ সৰ্বাংগীন বিকাশ সাধন কৰি তেওঁক জ্ঞানৰ জ্যোতিৰে উজলাই এজন সৎ চৰিত্ৰৱান সুনাগৰিক কৰি গঢ়ি তোলাত শিক্ষকেই আগভাগ লয়। সেইকাৰণে শিক্ষক সদায় ছাত্ৰৰ চিৰনমস্য। আগৰ দিনত ছাত্ৰসমাজে গুৰু বা শিক্ষকক বহুত সন্মান কৰিছিল। গুৰুক অলেখ সন্মান আৰু শ্ৰদ্ধা সহকাৰে য'তে দেখে ত'তেই প্ৰণাম জনাইছিল৷ কিন্তু বৰ্তমান যেন সেই কথাবোৰৰ বহুত পৰিৱৰ্তন হ'ল। ছাত্ৰ আৰু শিক্ষকৰ মাজৰ সম্পৰ্কত যেন ঘূণে ধৰিল, মাজে-সময়ে দেখা পোৱা কিছুমান কাণ্ডই সেই কথাকেই প্ৰমাণ কৰে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে। ভিডিঅ'টোত দেখা গৈছে এজন ছাত্ৰই বিদ্যালয়ৰ বিদায় অনুষ্ঠানত এগৰাকী শিক্ষয়িত্ৰীৰ সৈতে এটা হিন্দী গানত নৃত্য কৰিছে। ভাইৰেল ভিডিঅ'টোত স্কুলীয়া ছাত্ৰজনে বলীউডৰ ব্লকবাষ্টাৰ হিট ছবি 'আশিকী ২'ৰ জনপ্ৰিয় হিন্দী গান 'তুম হি হো'ত শিক্ষয়িত্ৰীগৰাকীৰ হাতত ধৰি অতি অন্তৰংগভাৱে নৃত্য কৰিছে। এই দৃশ্যটো দেখি সেই মুহূৰ্তত তাত উপস্থিত থকা ছাত্ৰজনৰ সকলো বন্ধু অতি উৎসাহিত হৈ পৰিছিল। কিয়নো তেওঁলোকৰ বন্ধুৱে এনে এক দুঃসাহসিক কাম কৰিছে, যিটো কৰাৰ সাহস বহুতৰে নাই। তেওঁলোকৰ মাজৰে এজনে সেই দৃশ্যটোৰ এটা ভিডিঅ' বনাইছিল আৰু ভিডিঅ'টো এটা ইউটিউব চেনেলৰ জৰিয়তে শ্বেয়াৰ কৰিছিল।

চাওঁক ভিডিঅ'

https://youtu.be/TX9IP7tE7IM ভিডিঅ'টো নেটিজেনসকলৰ মাজত ভাইৰেল হৈ পৰে। অৱশ্যে এই ভিডিঅ'টো নেটিজেনসকলে ভালদৰে গ্ৰহণ কৰা নাই।নেটিজেনসকলে একেবাৰে পছন্দ কৰা নাই শিক্ষয়িত্ৰী-ছাত্ৰৰ অন্তৰংগ নৃত্যৰ দৃশ্য। যিসকলে এই ভিডিঅ'টো দেখিছে তেওঁলোকৰ বেছিভাগেই কয় যে এগৰাকী শিক্ষয়িত্ৰী হিচাপে তেওঁ এনে আচৰণ কৰা উচিত নাছিল। শিক্ষক আৰু ছাত্ৰৰ মাজত এক সীমা থকা উচিত। শিক্ষয়িত্ৰী হৈও বিদ্যালয়ত যদি এনে আচৰণ কৰে তেন্তে ছাত্ৰসমাজে তেওঁৰ পৰা কি শিকিব বুলি অনেক লোকেই প্ৰশ্ন কৰে। ভিডিঅ'টো বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই। আৰু পঢ়কঃ দৰা অহাত অলপ পলম হ’ল; কইনাই প্ৰচণ্ড খঙত কৰিলে এই কাণ্ড! চাওঁক ভিডিঅ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন