--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউড অভিনেতা অৰ্জুন কাপুৰে অহা ২৬ জুন, দেওবাৰে ৩৭ বছৰীয়া হ'ব। স্বাভাৱিক অৰ্জুন কাপুৰে তেওঁৰ এই বিশেষ দিনটোত  তেওঁৰ প্ৰেমিকা মালাইকা অৰোৰাৰ সৈতে সময় অতিবাহিত কৰিব। আনহাতে, মালাইকাই ও অৰ্জুনৰ  জন্মদিনত এটা বিশেষ উপহাৰ দিব বিছাৰিছে। সেয়েহে ৭২ ঘণ্টা আগতে, অৰ্জুনক তেওঁৰ প্ৰেমিকা মালাইকা অৰোৰাই এটা আগতীয়া জন্মদিনৰ  উপহাৰ প্ৰেৰণ কৰিছিল। অভিনেতা অৰ্জুন কাপুৰে তেওঁৰ প্ৰিয়জনৰ দ্বাৰা দিয়া বিশেষ উপহাৰৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁৰ ইনষ্টাগ্ৰামত আপলড কৰিছে।  

উপহাৰটো কি আছিল সেয়া বৰ্তমানলৈকেও জানিব পৰা হোৱা নাই। অৱশ্যে, অৰ্জুনে শ্বেয়াৰ কৰা ছবিখনে দেখুৱাইছে যে ক'লা-বগা পটিযুক্ত আৱৰণেৰে আৱৰি থকা এটা বিশেষ উপহাৰ আছে। অৰ্জুনৰ বাবে বিশেষ উপহাৰটো কেৱল ইয়াতেই শেষ হোৱা নাই, বি-টাউনৰ প্ৰসিদ্ধ দম্পতীয়ে সপ্তাহজোৰা জন্মদিন উদযাপনৰ বাবে আৰু ব্যক্তিগতভাৱে সময় কটোৱাৰ বাবে তেওঁলোকে চহৰ এৰিছিল।

দেওবাৰ মানেই বিশেষ দিন, বন্ধৰ দিন আৰু অৰ্জুনৰ জন্মদিনো দেওবাৰে হব। সেয়েহে অৰ্জুন কাপুৰে জন্মদিনৰ আনন্দ উপভোগ কৰিবলৈ মনৰ মানুহ মালাইকাৰ সৈতে বিমানত উৰা মাৰিছিল। অৱশ্যে, তেওঁলোকৰ জন্মদিন উদযাপনৰ গন্তব্য স্থান ক'ত আছে সেয়া এতিয়াও জনা হোৱা নাই। তাৰকা দম্পতীয়ে আনকি বিমানবন্দৰত কেমেৰা সন্মুখতো মুখা-মুখি হোৱা নাছিল। 

বলীউডৰ এই বহুপ্ৰিয় প্ৰেমিক যুগলসকলৰ বিমানবন্দৰত বন্দী হোৱা  চেহেৰাটোৱে স্বাভাৱিকতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আনহাতে, বাৰ্থডে বয় অৰ্জুন কাপুৰৰ নীলা টি-চাৰ্টৰ সৈতে ক'লা জেকেট আৰু ডেনিম পেণ্টৰ সৈতে সুন্দৰ দেখা গৈছিল। উল্লেখ্য যে, মালাইকা-অৰ্জুনৰ লং ড্ৰাইভৰ পৰা, ডেটিংৰ বিভিন্ন মুহূৰ্ত ছ'চিয়েল মিডিয়াৰ শেহতীয়া ভাইৰেল হৈ পৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু