--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপোনাক সোধা হয় যে পৃথিৱীৰ আটাইতকৈ পুৰণি কণীটো কিমান পুৰণি হ'ব পাৰে তেন্তে আপুনি কি বুলি ক'ব?  আপুনি বিশ্বাস কৰিব নে যে এনে এটা  কণীও পোৱা গৈছে যি   ১৭০০ বছৰ পুৰণি! ১৭০০ বছৰৰ পাছতো অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে  পৃথিৱীৰ আটাইতকৈ পুৰণি কণীটো!ইয়াক এতিয়ালৈকে পোৱা আটাইতকৈ পুৰণি সুৰক্ষিত কণী হিচাবে চিহ্নিত কৰা হৈছে। 

  ইংলেণ্ডৰ এক পুৰাতাত্ত্বিক স্থানৰ খননৰ সময়তে  এনে এটা কণী পোৱা গৈছে। কণীটোৰ  স্কেনিঙৰ প্ৰতিবেদনে  প্ৰকাশ কৰিছে যে ই সম্পূৰ্ণৰূপে অক্ষত অৱস্থাতে আছে। ইমান দিন ধৰি কণীটো অক্ষত অৱস্থাত থকাৰ কথাই আনকি বিজ্ঞানীসকলোকো আচৰিত কৰি তুলিছোে। 

ইংলেণ্ডৰ বাকিংহামশায়াৰৰ আইচবেৰীৰ বেৰীফিল্ডত পোৱা ৰোমান যুগৰ কণীটোৰ তৰল হালধীয়া আৰু বগা অংশ এতিয়াও ভিতৰতে আছে। অনুসন্ধানত  দেখা গৈছিল যে এই কণীটো ১৭০০ বছৰ পুৰণি। প্ৰায় চাৰি চেমি বহল এই কণীটো পানীৰে ভৰ্তি এটা গাঁতত পোৱা গৈছে। 
ধাৰণা কৰা হৈছে  যে পানীত থকাৰ বাবেই এই কণীটো ইমান শতিকা ধৰি সুৰক্ষিত হৈ আছে। যেতিয়া বিশেষজ্ঞসকলে ইয়াক স্কেন কৰিছিল, তেওঁলোকে দেখিলে যে কণীটো ভিতৰৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত।পুৰাতত্ত্ববিদ দাইনা গুজবাৰ্ণ ব্ৰাউনে কৈছে যে এই কণীটোৰ ভিতৰত বায়ুৰ বুদবুদো থকাৰ কথা ধৰা পৰিছে।  
এই বুদবুদৰ জৰিয়তেহে তেওঁলোকে জানিব পাৰিছে  যে ভিতৰত তৰল পদাৰ্থ  আছে। খনন চলোৱা সেই ঠাইত এনে চাৰিটা কণী পোৱা গৈছে, কিন্তু খননৰ সময়ত তাৰে তিনিটা ভাঙি গৈছে। প্ৰাচীন স্থানত এনে কণী আগতেও পোৱা গৈছিল, কিন্তু গোটেই কণীটো এনেদৰে কেতিয়াও অক্ষত অৱস্থাত পোৱা যোৱা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...