--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপোনাক সোধা হয় যে পৃথিৱীৰ আটাইতকৈ পুৰণি কণীটো কিমান পুৰণি হ'ব পাৰে তেন্তে আপুনি কি বুলি ক'ব?  আপুনি বিশ্বাস কৰিব নে যে এনে এটা  কণীও পোৱা গৈছে যি   ১৭০০ বছৰ পুৰণি! ১৭০০ বছৰৰ পাছতো অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে  পৃথিৱীৰ আটাইতকৈ পুৰণি কণীটো!ইয়াক এতিয়ালৈকে পোৱা আটাইতকৈ পুৰণি সুৰক্ষিত কণী হিচাবে চিহ্নিত কৰা হৈছে। 

  ইংলেণ্ডৰ এক পুৰাতাত্ত্বিক স্থানৰ খননৰ সময়তে  এনে এটা কণী পোৱা গৈছে। কণীটোৰ  স্কেনিঙৰ প্ৰতিবেদনে  প্ৰকাশ কৰিছে যে ই সম্পূৰ্ণৰূপে অক্ষত অৱস্থাতে আছে। ইমান দিন ধৰি কণীটো অক্ষত অৱস্থাত থকাৰ কথাই আনকি বিজ্ঞানীসকলোকো আচৰিত কৰি তুলিছোে। 

ইংলেণ্ডৰ বাকিংহামশায়াৰৰ আইচবেৰীৰ বেৰীফিল্ডত পোৱা ৰোমান যুগৰ কণীটোৰ তৰল হালধীয়া আৰু বগা অংশ এতিয়াও ভিতৰতে আছে। অনুসন্ধানত  দেখা গৈছিল যে এই কণীটো ১৭০০ বছৰ পুৰণি। প্ৰায় চাৰি চেমি বহল এই কণীটো পানীৰে ভৰ্তি এটা গাঁতত পোৱা গৈছে। 
ধাৰণা কৰা হৈছে  যে পানীত থকাৰ বাবেই এই কণীটো ইমান শতিকা ধৰি সুৰক্ষিত হৈ আছে। যেতিয়া বিশেষজ্ঞসকলে ইয়াক স্কেন কৰিছিল, তেওঁলোকে দেখিলে যে কণীটো ভিতৰৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত।পুৰাতত্ত্ববিদ দাইনা গুজবাৰ্ণ ব্ৰাউনে কৈছে যে এই কণীটোৰ ভিতৰত বায়ুৰ বুদবুদো থকাৰ কথা ধৰা পৰিছে।  
এই বুদবুদৰ জৰিয়তেহে তেওঁলোকে জানিব পাৰিছে  যে ভিতৰত তৰল পদাৰ্থ  আছে। খনন চলোৱা সেই ঠাইত এনে চাৰিটা কণী পোৱা গৈছে, কিন্তু খননৰ সময়ত তাৰে তিনিটা ভাঙি গৈছে। প্ৰাচীন স্থানত এনে কণী আগতেও পোৱা গৈছিল, কিন্তু গোটেই কণীটো এনেদৰে কেতিয়াও অক্ষত অৱস্থাত পোৱা যোৱা নাছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ