--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ নদন-বদন পৰিৱেশে বিৰাজ কৰিছে শ্বাহৰুখৰ মন্নতত। শ্বাহৰূখৰ মুখমণ্ডলত দেখিবলৈ পোৱা গৈছে আনন্দৰ স্পষ্ট ৰেখ। পুত্ৰক কাষত পাই আহ্লাদিত শ্বাহৰূখ-গৌৰী। ইফালে পুত্ৰই ঘৰলৈ ওভতাৰ পাছতে ৫৬ বছৰীয়া হৈ পৰিল বলিউড বাদশ্বাহ শ্বাহৰূখ খান। বহুতো অনুৰাগীয়ে প্ৰিয় তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ ‘মন্নত’ৰ সন্মুখত ভিৰ কৰিছিল। কিন্তু লগ পোৱা নাছিল শ্বাহৰূখক। কাৰণ, সেই সময়ত মন্নত এৰি আলিবাগৰ ভিলাত আছিল বলীউড বাদশ্বাহ। কেৱল সাধাৰণ মানুহেই নহয়, কেইবাজনো বলীউড তাৰকাই ইনষ্টাগ্ৰাম আৰু টুইটাৰত কিং খানক জন্মদিনৰ শুভেচ্ছা জনাইছিল। আলিয়া ভট্ট, মালাইকা অৰোৰা, আয়ুষ্মান খুৰানা, ছলমান খানৰ দৰে তাৰকা অভিনেতাৰ শুভেচ্ছা বাণীৰে ভৰি পৰিছিল বাদশ্বাহৰ একাউণ্ট।

কিন্তু শ্বাহৰুখৰ দীৰ্ঘদিনীয়া ৰূপালী পৰ্দাৰ প্ৰেমিকা কাজলৰ নাম নাই সেই তালিকাত। কিন্তু কিয়? অনুৰাগীসকলৰ মনতো একেটা প্ৰশ্নই কৌতুহল সৃষ্টি কৰা পৰিলক্ষিত হৈছিল। কাজলে ইনষ্টাগ্ৰামত অনুৰাগীসকলৰ সৈতে প্ৰশ্ন-উত্তৰৰ এটা খেল খেলি আছিল। খেলৰ নিয়ম অনুসৰি প্ৰশ্নকৰ্তাই যিমান বিচাৰে সিমান প্ৰশ্ন সুধিব পাৰে আৰু সেইমতে উত্তৰ দি যাৱ কাজলে। খেলচলাকালীন সময়তে কাজললৈ এজন অনুৰাগীৰ পোনপটীয়া প্ৰশ্ন, ‘আপুনি শ্বাহৰুখ খানক জন্মদিনৰ শুভেচ্ছা কিয় নিদিলে?’

অনুৰাগীজনক হতাশ কৰা নাছিল তাৰকা অভিনেত্ৰীগৰাকীয়ে। শ্বাহৰূখৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি কাজলে কয়, ‘মই শ্বাহৰূখক পৃথকে কি শুভকামনা দিওঁ? শ্বাহৰূখৰ সমষ্ট ইচ্ছা তেওঁৰ পুত্ৰ ঘৰলৈ উভতি অহাৰ দিনাই পূৰণ হৈছে।’ স্মৰ্তব্য যে, ড্ৰাগছৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল শ্বাহৰূখ পুত্ৰক। জামিনৰ আবেদন দুবাৰকৈ নাকচ হোৱাৰ পাছত তেওঁৰ পুত্ৰৰ জামিনৰ বাবে বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল শ্বাহৰূখে। আদালতৰ সেই ৰায়ৰ পাছত আৰিয়ানক ঘৰলৈ উভতি যাবলৈ অনুমতি দিয়া হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ