--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: নাগৰিকত্বৰ বাবে অক্ষয় কুমাৰ প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে। তেওঁৰ নাগৰিকত্ব সদায় ইমানেই আলোচনাৰ বিষয় হৈ আহিছে যে তেওঁ কফি উইথ কৰণ ৭ নং ছিজনত উপস্থিত থকাৰ সময়ত একেটা বিষয়তে নিজৰ প্ৰতিক্ৰিয়া দিছিল। উল্লেখযোগ্য যে অক্ষয়ক দক্ষিণৰ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৰ সৈতে শ্ব’টোত উপস্থিত আছিল। ইফালে নতুনকৈ মুক্তি লাভ কৰা  অক্ষয় কুমাৰৰ ‘ৰক্ষা বন্ধন’ ছবিখনে ছবিগৃহত ভাল প্ৰদৰ্শন নকৰাৰ বাবে বৰ্তমান বক্স অফিচত এক কঠিন সময়ৰ সন্মুখীন হৈছে অভিনেতা গৰাকীয়ে। কানাডাৰ নাগৰিকত্ব সন্দৰ্ভত অক্ষয় কুমাৰৰ বক্তব্য ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এই বক্তব্যত অভিনেতাগৰাকীয়ে কয় যে এটা সময় আছিল যেতিয়া তেওঁ সকলো এৰি কানাডালৈ উভতি যোৱাৰ কথা ভাবিছিল।

উল্লেখযোগ্য যে অক্ষয় কুমাৰৰ  ভাৰতৰ নহয় বৰঞ্চ কানাডাৰ নাগৰিকত্ব আছে। এনে অৱস্থাত অক্ষয় কুমাৰক বহুবাৰ কানাডিয়ান কুমাৰ কুমাৰ বুলি মাতি মানুহে ট্ৰ’ল কৰে। এই সম্পৰ্কত অক্ষয় কুমাৰে কয় যে ‘বহু বছৰ আগতে মোৰ ছবিবোৰ চলি থকা নাছিল। প্ৰায় ১৪-১৫ খন ছবি ফ্লপ হৈছিল। তেতিয়া মোৰ মনলৈ আহিল চাগে আন ঠাইলৈ গৈ কাম কৰা উচিত। সেই সময়ত মোৰ এজন বন্ধুৱে কৈছিল যে আপুনি কানাডালৈ স্থানান্তৰিত হ’ব লাগে। মোৰ বন্ধুও কানাডাত থাকে। বহুত মানুহ কামৰ বাবে তালৈ যায়। তেতিয়া মই ভাবিলোঁ যে ইয়াত যদি ভাগ্যই মোক সমৰ্থন কৰা নাই, তেন্তে মই আৰু কিবা এটা ভাবিব লাগিব। তাৰ পিছত কানাডাৰ নাগৰিকত্বৰ বাবে আবেদন কৰিলো আৰু পৰবৰ্তী সময়ত নাগৰিকত্ব পালো।'

এই সাক্ষাৎকাৰত অক্ষয় কুমাৰে আৰু কয় যে ‘মোৰ পাছপ’ৰ্ট আছে। যিটোৰ অৰ্থ হৈছে এখন দেশৰ পৰা আন এখন দেশলৈ যাত্ৰা কৰা। মই এজন ভাৰতীয় হিচাপে মোৰ সকলো কৰ দিওঁ। মই তাতো কৰ দিব পাৰো কিন্তু এই কৰ মই মোৰ দেশত দিম আৰু মোৰ দেশতে থাকিম।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ