--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: নাগৰিকত্বৰ বাবে অক্ষয় কুমাৰ প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে। তেওঁৰ নাগৰিকত্ব সদায় ইমানেই আলোচনাৰ বিষয় হৈ আহিছে যে তেওঁ কফি উইথ কৰণ ৭ নং ছিজনত উপস্থিত থকাৰ সময়ত একেটা বিষয়তে নিজৰ প্ৰতিক্ৰিয়া দিছিল। উল্লেখযোগ্য যে অক্ষয়ক দক্ষিণৰ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৰ সৈতে শ্ব’টোত উপস্থিত আছিল। ইফালে নতুনকৈ মুক্তি লাভ কৰা  অক্ষয় কুমাৰৰ ‘ৰক্ষা বন্ধন’ ছবিখনে ছবিগৃহত ভাল প্ৰদৰ্শন নকৰাৰ বাবে বৰ্তমান বক্স অফিচত এক কঠিন সময়ৰ সন্মুখীন হৈছে অভিনেতা গৰাকীয়ে। কানাডাৰ নাগৰিকত্ব সন্দৰ্ভত অক্ষয় কুমাৰৰ বক্তব্য ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এই বক্তব্যত অভিনেতাগৰাকীয়ে কয় যে এটা সময় আছিল যেতিয়া তেওঁ সকলো এৰি কানাডালৈ উভতি যোৱাৰ কথা ভাবিছিল।

উল্লেখযোগ্য যে অক্ষয় কুমাৰৰ  ভাৰতৰ নহয় বৰঞ্চ কানাডাৰ নাগৰিকত্ব আছে। এনে অৱস্থাত অক্ষয় কুমাৰক বহুবাৰ কানাডিয়ান কুমাৰ কুমাৰ বুলি মাতি মানুহে ট্ৰ’ল কৰে। এই সম্পৰ্কত অক্ষয় কুমাৰে কয় যে ‘বহু বছৰ আগতে মোৰ ছবিবোৰ চলি থকা নাছিল। প্ৰায় ১৪-১৫ খন ছবি ফ্লপ হৈছিল। তেতিয়া মোৰ মনলৈ আহিল চাগে আন ঠাইলৈ গৈ কাম কৰা উচিত। সেই সময়ত মোৰ এজন বন্ধুৱে কৈছিল যে আপুনি কানাডালৈ স্থানান্তৰিত হ’ব লাগে। মোৰ বন্ধুও কানাডাত থাকে। বহুত মানুহ কামৰ বাবে তালৈ যায়। তেতিয়া মই ভাবিলোঁ যে ইয়াত যদি ভাগ্যই মোক সমৰ্থন কৰা নাই, তেন্তে মই আৰু কিবা এটা ভাবিব লাগিব। তাৰ পিছত কানাডাৰ নাগৰিকত্বৰ বাবে আবেদন কৰিলো আৰু পৰবৰ্তী সময়ত নাগৰিকত্ব পালো।'

এই সাক্ষাৎকাৰত অক্ষয় কুমাৰে আৰু কয় যে ‘মোৰ পাছপ’ৰ্ট আছে। যিটোৰ অৰ্থ হৈছে এখন দেশৰ পৰা আন এখন দেশলৈ যাত্ৰা কৰা। মই এজন ভাৰতীয় হিচাপে মোৰ সকলো কৰ দিওঁ। মই তাতো কৰ দিব পাৰো কিন্তু এই কৰ মই মোৰ দেশত দিম আৰু মোৰ দেশতে থাকিম।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু