--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দৰ্শীল ছাফাৰীৰ কথা মনত আছেনে? আমিৰ খানৰ ছবি ‘তাৰে জমিন পৰ’ত ঈশান চৰিত্ৰত অভিনয় কৰি নিশাৰ ভিতৰতে লাইমলাইটলৈ আহিছিল দৰ্শীল ছাফাৰী। এই ছবিখনে দৰ্শীল ছাফাৰীক ঘৰে ঘৰে বিখ্যাত কৰি তুলিছিল। ২০০৮ চনত মুক্তি লাভ কৰে ‘তাৰে জমীন পাৰ’ আৰু সেইখন ছবিৰ পাছতে ডাঙৰ পৰ্দাত দৰ্শক ছাফাৰীয়ে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে। দৰশ্বীল ছাফাৰীয়ে মাজত কেইটামান প্ৰজেক্ট আৰু ৰিয়েলিটি শ্ব’ কৰিছিল যদিও এতিয়া পুনৰ সম্পূৰ্ণ ৰূপত অভিনয় কৰিছে। দৰ্শীল ছাফাৰীৰ হাতত বৰ্তমান দুখন ছবি আহি পৰিছে বুলি জানিব পাৰি।

তথ্য অনুসৰি দৰ্শীল ছাফাৰীক এতিয়া ‘তিব্বা’ আৰু ‘মুক্ত’ ছবিত দেখা যাব। এই দুয়োখন ছবিতে তেওঁৰ বহুত প্ৰত্যাহ্বানমূলক ভূমিকা আছে। শেহতীয়াকৈ ‘হিন্দুস্তান টাইমছ’ক দিয়া এক সাক্ষাৎকাৰত দৰ্শীল ছাফাৰীয়ে কয় যে তেওঁ কিয় ইমান বছৰ অভিনয়ৰ পৰা আঁতৰি থাকিল। লগতে তেওঁ  কিয় আমিৰ খানৰ পৰা সহায় লোৱা নাছিল তাৰ‌ কাৰণো উল্লেখ কৰিছে। দৰ্শীল ছাফাৰীয়ে কয় যে তেওঁ নিয়মীয়া কলেজীয়া জীৱনটো উপভোগ কৰিব বিচাৰিছিল সেয়ে তেওঁ অভিনয়ৰ পৰা বিৰতি লৈছিল।

আমিৰ খানৰ পৰা কিয় সহায় লোৱা নাছিল

একে সময়তে আমিৰ খানৰ পৰা সহায়ৰ প্রশ্ন সন্দর্ভত দৰ্শীল ছাফাৰীয়ে কয়, ‘মই তেওঁক কাম বিচাৰিবলৈ কুণ্ঠাবোধ কৰো৷ আমিৰ খানৰ ওচৰলৈ কাম বিচাৰি গ’লে অনুভৱ হ’লহেঁতেন যে মই এটা চৰ্টকাট লৈছো। মোৰ বোধেৰে আপুনি যি কামত কাম কৰি আছে, সেই কাম নিজেই উপাৰ্জন কৰা উচিত। সেই সকলোবোৰ চৰ্টকাট মই ভাল পাওঁ। অৱশ্যে এনে নহয় যে মই কোনো লং কাট ল’ব বিচাৰো। মই এটা লাৰ্নিং কাট বিচাৰো। মই ভাবো জোৰ-জবৰদস্তিৰ প্ৰয়োজন নাই।

২০১২ চনত দৰ্শীল ছাফাৰীৰ শেষৰখন ছবি আহিছিল

‘তাৰে জমিন পাৰ’ত দৰ্শীল ছাফাৰীয়ে ডিছলেক্সিয়া নামৰ ৰোগত ভুগি থকা আৰু শিক্ষাৰ বিষয়ে একো বুজি নোপোৱা শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে, আমিৰ খানে দৰ্শীল ছাফাৰীৰ চৰিত্ৰত সহায় কৰা নিকুম্ভা ছাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত ‘ঝলক দিখলা জা’ নামৰ ৰিয়েলিটি শ্ব’ত অভিনয় কৰিছিল দৰ্শীল ছাফাৰীয়ে। ইয়াৰ বাহিৰেও তেওঁ ‘ব'ম ব'ম ব'লে’, ‘জোকোমন’ আৰু ‘মিডনাইটছ চিলড্ৰেন’ আদি ছবিত অভিনয় কৰিছিল। ২০১২ চনত দৰ্শীল ছাফাৰীৰ শেষৰখন ছবি আহিছিল আৰু এতিয়া প্ৰায় ১০ বছৰৰ মূৰত অভিনয়ৰ ক্ষেত্ৰত পুনৰ প্ৰত্যাৱৰ্তন ঘটিছে। একে সময়তে আমিৰ খানে বৰ্তমান তেওঁৰ শেহতীয়া মুক্তি লাভ কৰা লাল সিং চদ্দাক লৈ চৰ্চা চলি আছে, বৰ্জনৰ দাবীৰ মাজতে ছবিখনক লৈ ঠায়ে ঠায়ে প্ৰতিবাদ চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু