--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দৰ্শীল ছাফাৰীৰ কথা মনত আছেনে? আমিৰ খানৰ ছবি ‘তাৰে জমিন পৰ’ত ঈশান চৰিত্ৰত অভিনয় কৰি নিশাৰ ভিতৰতে লাইমলাইটলৈ আহিছিল দৰ্শীল ছাফাৰী। এই ছবিখনে দৰ্শীল ছাফাৰীক ঘৰে ঘৰে বিখ্যাত কৰি তুলিছিল। ২০০৮ চনত মুক্তি লাভ কৰে ‘তাৰে জমীন পাৰ’ আৰু সেইখন ছবিৰ পাছতে ডাঙৰ পৰ্দাত দৰ্শক ছাফাৰীয়ে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে। দৰশ্বীল ছাফাৰীয়ে মাজত কেইটামান প্ৰজেক্ট আৰু ৰিয়েলিটি শ্ব’ কৰিছিল যদিও এতিয়া পুনৰ সম্পূৰ্ণ ৰূপত অভিনয় কৰিছে। দৰ্শীল ছাফাৰীৰ হাতত বৰ্তমান দুখন ছবি আহি পৰিছে বুলি জানিব পাৰি।

তথ্য অনুসৰি দৰ্শীল ছাফাৰীক এতিয়া ‘তিব্বা’ আৰু ‘মুক্ত’ ছবিত দেখা যাব। এই দুয়োখন ছবিতে তেওঁৰ বহুত প্ৰত্যাহ্বানমূলক ভূমিকা আছে। শেহতীয়াকৈ ‘হিন্দুস্তান টাইমছ’ক দিয়া এক সাক্ষাৎকাৰত দৰ্শীল ছাফাৰীয়ে কয় যে তেওঁ কিয় ইমান বছৰ অভিনয়ৰ পৰা আঁতৰি থাকিল। লগতে তেওঁ  কিয় আমিৰ খানৰ পৰা সহায় লোৱা নাছিল তাৰ‌ কাৰণো উল্লেখ কৰিছে। দৰ্শীল ছাফাৰীয়ে কয় যে তেওঁ নিয়মীয়া কলেজীয়া জীৱনটো উপভোগ কৰিব বিচাৰিছিল সেয়ে তেওঁ অভিনয়ৰ পৰা বিৰতি লৈছিল।

আমিৰ খানৰ পৰা কিয় সহায় লোৱা নাছিল

একে সময়তে আমিৰ খানৰ পৰা সহায়ৰ প্রশ্ন সন্দর্ভত দৰ্শীল ছাফাৰীয়ে কয়, ‘মই তেওঁক কাম বিচাৰিবলৈ কুণ্ঠাবোধ কৰো৷ আমিৰ খানৰ ওচৰলৈ কাম বিচাৰি গ’লে অনুভৱ হ’লহেঁতেন যে মই এটা চৰ্টকাট লৈছো। মোৰ বোধেৰে আপুনি যি কামত কাম কৰি আছে, সেই কাম নিজেই উপাৰ্জন কৰা উচিত। সেই সকলোবোৰ চৰ্টকাট মই ভাল পাওঁ। অৱশ্যে এনে নহয় যে মই কোনো লং কাট ল’ব বিচাৰো। মই এটা লাৰ্নিং কাট বিচাৰো। মই ভাবো জোৰ-জবৰদস্তিৰ প্ৰয়োজন নাই।

২০১২ চনত দৰ্শীল ছাফাৰীৰ শেষৰখন ছবি আহিছিল

‘তাৰে জমিন পাৰ’ত দৰ্শীল ছাফাৰীয়ে ডিছলেক্সিয়া নামৰ ৰোগত ভুগি থকা আৰু শিক্ষাৰ বিষয়ে একো বুজি নোপোৱা শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে, আমিৰ খানে দৰ্শীল ছাফাৰীৰ চৰিত্ৰত সহায় কৰা নিকুম্ভা ছাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত ‘ঝলক দিখলা জা’ নামৰ ৰিয়েলিটি শ্ব’ত অভিনয় কৰিছিল দৰ্শীল ছাফাৰীয়ে। ইয়াৰ বাহিৰেও তেওঁ ‘ব'ম ব'ম ব'লে’, ‘জোকোমন’ আৰু ‘মিডনাইটছ চিলড্ৰেন’ আদি ছবিত অভিনয় কৰিছিল। ২০১২ চনত দৰ্শীল ছাফাৰীৰ শেষৰখন ছবি আহিছিল আৰু এতিয়া প্ৰায় ১০ বছৰৰ মূৰত অভিনয়ৰ ক্ষেত্ৰত পুনৰ প্ৰত্যাৱৰ্তন ঘটিছে। একে সময়তে আমিৰ খানে বৰ্তমান তেওঁৰ শেহতীয়া মুক্তি লাভ কৰা লাল সিং চদ্দাক লৈ চৰ্চা চলি আছে, বৰ্জনৰ দাবীৰ মাজতে ছবিখনক লৈ ঠায়ে ঠায়ে প্ৰতিবাদ চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ