--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিক শেষ হ’লেও এতিয়া ঘৰলৈ উভতি অহা নাই নীৰজ চোপ্ৰা। তেওঁৰ অবিহনে মঙলবাৰে ঘৰলৈ উভতি আহিব ভাৰতীয় দলটো। একেৰাহে দুখন অলিম্পিকত পদক লাভ কৰা খেলুৱৈগৰাকী পেৰিছৰ পৰা জাৰ্মানীলৈ গৈছে। গ্ৰাইণ্ডৰ আঘাত ভাল হ’বলৈ নীৰজে চিকিৎসকৰ পৰামৰ্শ ল’ব।

পৰিয়ালৰ সূত্ৰ অনুসৰি নীৰজ জাৰ্মানীলৈ গৈ আছে। চিকিৎসাৰ বাবে এমাহ তাতেই থাকিব লাগিব পাৰে। পৰৱৰ্তী ডাইমণ্ড লীগত নীৰজক দেখা যাব নে নাই সেয়া চিকিৎসকৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰিব। নীৰজে আঘাত মেৰামতিৰ বাবেও অস্ত্ৰোপচাৰ কৰিব লাগিব। ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ (আই অ’ এ) এজন বিষয়াইও নীৰজৰ পেৰিছৰ পৰা জাৰ্মানীলৈ যোৱাত সমৰ্থন আগবঢ়ায়। নীৰজৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তি এজনে ক'লে, "পেৰিছৰ পৰা নীৰজ জাৰ্মানীলৈ যাব।"

জুন মাহত ফিনলেণ্ডত অনুষ্ঠিত হোৱা পাভু নুৰমি গেমছত খেলাৰ পিছত নীৰজে গ্ৰ’ইনৰ আঘাতৰ কথা প্ৰকাশ কৰিছিল। পেৰিছ অলিম্পিকৰ পূৰ্বে নীৰজ আঘাতৰ বাবে চিন্তিত হৈ পৰিছিল। ২০২৩ চনতো নীৰজে আঘাতপ্ৰাপ্ত হৈছিল। যোৱা বছৰ তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিকৰ কথা মনত ৰাখি অস্ত্ৰোপচাৰ কৰা নাছিল।

এথলীটগৰাকীৰ পৰিয়ালৰ সূত্ৰ অনুসৰি চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁৰ প্ৰশিক্ষক আৰু ফিজিঅ’ই পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব। নীৰজক পুনৰ কেতিয়া খেলপথাৰত দেখা যাব সেইটো তেওঁলোকে সিদ্ধান্ত ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু