--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিক শেষ হ’লেও এতিয়া ঘৰলৈ উভতি অহা নাই নীৰজ চোপ্ৰা। তেওঁৰ অবিহনে মঙলবাৰে ঘৰলৈ উভতি আহিব ভাৰতীয় দলটো। একেৰাহে দুখন অলিম্পিকত পদক লাভ কৰা খেলুৱৈগৰাকী পেৰিছৰ পৰা জাৰ্মানীলৈ গৈছে। গ্ৰাইণ্ডৰ আঘাত ভাল হ’বলৈ নীৰজে চিকিৎসকৰ পৰামৰ্শ ল’ব।

পৰিয়ালৰ সূত্ৰ অনুসৰি নীৰজ জাৰ্মানীলৈ গৈ আছে। চিকিৎসাৰ বাবে এমাহ তাতেই থাকিব লাগিব পাৰে। পৰৱৰ্তী ডাইমণ্ড লীগত নীৰজক দেখা যাব নে নাই সেয়া চিকিৎসকৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰিব। নীৰজে আঘাত মেৰামতিৰ বাবেও অস্ত্ৰোপচাৰ কৰিব লাগিব। ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ (আই অ’ এ) এজন বিষয়াইও নীৰজৰ পেৰিছৰ পৰা জাৰ্মানীলৈ যোৱাত সমৰ্থন আগবঢ়ায়। নীৰজৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তি এজনে ক'লে, "পেৰিছৰ পৰা নীৰজ জাৰ্মানীলৈ যাব।"

জুন মাহত ফিনলেণ্ডত অনুষ্ঠিত হোৱা পাভু নুৰমি গেমছত খেলাৰ পিছত নীৰজে গ্ৰ’ইনৰ আঘাতৰ কথা প্ৰকাশ কৰিছিল। পেৰিছ অলিম্পিকৰ পূৰ্বে নীৰজ আঘাতৰ বাবে চিন্তিত হৈ পৰিছিল। ২০২৩ চনতো নীৰজে আঘাতপ্ৰাপ্ত হৈছিল। যোৱা বছৰ তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিকৰ কথা মনত ৰাখি অস্ত্ৰোপচাৰ কৰা নাছিল।

এথলীটগৰাকীৰ পৰিয়ালৰ সূত্ৰ অনুসৰি চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁৰ প্ৰশিক্ষক আৰু ফিজিঅ’ই পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব। নীৰজক পুনৰ কেতিয়া খেলপথাৰত দেখা যাব সেইটো তেওঁলোকে সিদ্ধান্ত ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ