--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত পদক লাভ কৰিও বহু খেলুৱৈ সুখী নহয়। তেওঁলোকৰ অভিযোগ পদকসমূহৰ মানদণ্ডক লৈ। অলিম্পিক শেষ হোৱাৰ আগতেই আৰম্ভ হৈছিল বিতৰ্ক। স্বৰ্ণ পদক বিজয়ী ভিক্টৰ এক্সেলছেনে অভিযোগ কৰে যে পদকত সোণৰ পৰিমাণ কম। আনহাতে পদকটোৰ ৰং ম্লান হৈ যোৱাৰ অভিযোগো উত্থাপন হৈছে।

২০২১ চনৰ টকিঅ’ অলিম্পিকত পুৰুষৰ একক বেডমিণ্টনত সোণৰ পদক লাভ কৰিছিল ডেনমাৰ্কৰ এক্সেলছেনে। এইবাৰো তেওঁ জয়ী হৈছিল। তেওঁ এটা ভিডিঅ’ মুকলি কৰে। তাত লাভ কৰা স্বৰ্ণ পদক দুটা তেওঁ কাষে কাষে ৰাখিছিল। এক্সেলছনৰ মতে, টকিঅ’ত পোৱা পদকটোত সোণৰ পৰিমাণ আছিল ৯ শতাংশ। পেৰিছত ই ১ শতাংশলৈ হ্ৰাস পায়।

১৯১২ চনৰ আগতে অলিম্পিকত সোণৰ পদক আছিল বিশুদ্ধ সোণ। কিন্তু পিছত বন্ধ হৈ গ’ল। তীখাত সোণৰ প্লেটিং লগোৱা হয়। কিন্তু সোণৰ নাটনিও হৈছে বুলি অভিযোগ কৰে এক্সেলছেনে।

আমেৰিকাৰ নিজা হাষ্টনে এইবাৰ পুৰুষৰ ষ্ট্ৰীট স্কেটবৰ্ডত ব্ৰঞ্জৰ পদক লাভ কৰে। ৯ আগষ্টত তেওঁ সেই পদক লাভ কৰিছিল। হাষ্টনে ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে এখন ফটো। তেওঁৰ পদক দুখন ছবি। জয়ৰ পিছত তুলি লোৱা হৈছে। আনটো তিনিদিন পিছত লোৱা হৈছিল। এইটো স্পষ্ট যে পদকৰ ৰং ম্লান হৈ পৰিছে।

এই প্ৰসংগত হাষ্টনে কয় যে পেৰিছ অলিম্পিকৰ পদক নতুন হ’লে দেখা পাই ভাল লাগে। কিন্তু ঘামচি ওলাই বন্ধু-বান্ধৱীক পদক পিন্ধিবলৈ দিয়াৰ পিছত ইয়াৰ ৰং সলনি হ’ল। বহুত ম্লান হৈ গৈছে। মই ভাবো অলিম্পিক কমিটীয়ে এই বিষয়টো চাব লাগে।’ অৱশ্যে এই অভিযোগ সন্দৰ্ভত অলিম্পিক কমিটীয়ে এতিয়াও কোনো মন্তব্য কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ