--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ৰাহুল নাম তো শুনা হি হোগা’, তেওঁৰ এই সংলাপ আজিও সমানেই জনপ্ৰিয়। বলীউডক ৰোমাণ্টিক নায়কৰ নতুন সংজ্ঞা দিছিল কিং খানে। অতিবাস্তৱ তেওঁৰ জীৱন কাহিনী। নব্বৈৰ দশকৰ নতুন যুগত দৰ্শকে ভাৰতীয় পুৰুষত্বৰ ধাৰণাটোক এক নতুন ৰূপত চাব বিচাৰিছিল। তেওঁ কোনো ব্যৰ্থ ৰোমান্টিক অভিনেতা দিলীপ কুমাৰ নহয় অথবা এংগ্ৰি ইয়ং মেন খ্যাত অমিতাভো নহয়। তেন্তে কোন তেওঁ যিিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক দিব নতুন জ্যেতি? লাহে লাহে এটা ধাৰণা সৃষ্টি হ’ল, যাৰ নাম- শ্বাহৰূখ খান। যাৰ আৱৰণ নিৰ্ধাৰণ কৰিছে গোলকীকৰণে, ভাৰতীয় পৰম্পৰাগত সংস্কৃতিৰ সাৰমৰ্ম। নব্বৈৰ দশকৰ ভাৰতে চাব বিচৰা সুখময় সপোনৰ নাম আছিল শ্বাহৰূখ খান। কিন্তু ৰোমাঞ্চৰ ৰজাই নিজেই এতিয়া সেই খোলাৰ পৰা ওলাই আহিব বিচাৰিছে। কিন্তু কিয়?

শনিবাৰে ভাৰতীয় চিনেমাত শ্বাহৰূখ খানে ৩০টা বসন্ত অতিক্ৰম কৰিলে। তেওঁৰ প্ৰথম ছবি আছিল ‘দীৱানা’। কিন্তু প্ৰথমে তেওঁ ‘দিল আস্না হায়’ ছবিখনৰহে শ্বুটিং কৰিছিল। সেই দিনটোৰ স্মৃতিয়ে আজিও আমনি কৰে শ্বাহৰূখ খানক। প্ৰথম দিনাই হেমা মালিনীয়ে শ্বট এটা কেনেকৈ দিব লাগে দেখুৱাই দিছিল। তেওঁ প্ৰথমবাৰৰ বাবে ইনষ্টা লাইভলৈ আহি এই বিষয়ে সকলোকে অৱগত কৰাৰ লগতে তেওঁৰ অনুৰাগীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়া দেখিবলৈ পোৱা যায়।  

ৰোমাণ্টিক নায়ক হিচাপে ৰূপালী পৰ্দাত তেওঁক বহুদিন ধৰি দেখিবলৈ পোৱা নাই অনুৰাগীয়ে। অনুৰাগীৰ প্ৰশ্ন, ‘ৰাহুলক মিছ কৰে নে?’ অভিনেতাৰ  স্পষ্ট উত্তৰ, ‘মই শেষবাৰৰ বাবে ৰাহুল হোৱাৰ কথাও মনত নাই। মই মিছ নকৰো। ৰোমান্টিক ছবি কৰিব পৰাকৈ মোৰ এতিয়া বহুত বয়স হৈছে। এগৰাকী যুৱতী নায়িকাৰ সৈতে এতিয়া নায়কৰ চৰিত্ৰত অভিনয় কৰাটো মোৰ বাবে অলপ আচহুৱা কথা। মই সুখী যে আদিত্য চোপ্ৰা আৰু কৰণ জোহৰে মোক এনে এটা চৰিত্ৰ দিছে। ৰাজ আৰু ৰাহুলৰ চৰিত্ৰত অভিনয় কৰি বৰ আনন্দিত হৈছিলো। মানুহে মোক সেই নামেৰে আজিও মাতে। সেই চৰিত্ৰটোত মোৰ নিশ্চয় কিছু অংশ আছে আৰু থাকিব।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ