--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ৰাহুল নাম তো শুনা হি হোগা’, তেওঁৰ এই সংলাপ আজিও সমানেই জনপ্ৰিয়। বলীউডক ৰোমাণ্টিক নায়কৰ নতুন সংজ্ঞা দিছিল কিং খানে। অতিবাস্তৱ তেওঁৰ জীৱন কাহিনী। নব্বৈৰ দশকৰ নতুন যুগত দৰ্শকে ভাৰতীয় পুৰুষত্বৰ ধাৰণাটোক এক নতুন ৰূপত চাব বিচাৰিছিল। তেওঁ কোনো ব্যৰ্থ ৰোমান্টিক অভিনেতা দিলীপ কুমাৰ নহয় অথবা এংগ্ৰি ইয়ং মেন খ্যাত অমিতাভো নহয়। তেন্তে কোন তেওঁ যিিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক দিব নতুন জ্যেতি? লাহে লাহে এটা ধাৰণা সৃষ্টি হ’ল, যাৰ নাম- শ্বাহৰূখ খান। যাৰ আৱৰণ নিৰ্ধাৰণ কৰিছে গোলকীকৰণে, ভাৰতীয় পৰম্পৰাগত সংস্কৃতিৰ সাৰমৰ্ম। নব্বৈৰ দশকৰ ভাৰতে চাব বিচৰা সুখময় সপোনৰ নাম আছিল শ্বাহৰূখ খান। কিন্তু ৰোমাঞ্চৰ ৰজাই নিজেই এতিয়া সেই খোলাৰ পৰা ওলাই আহিব বিচাৰিছে। কিন্তু কিয়?

শনিবাৰে ভাৰতীয় চিনেমাত শ্বাহৰূখ খানে ৩০টা বসন্ত অতিক্ৰম কৰিলে। তেওঁৰ প্ৰথম ছবি আছিল ‘দীৱানা’। কিন্তু প্ৰথমে তেওঁ ‘দিল আস্না হায়’ ছবিখনৰহে শ্বুটিং কৰিছিল। সেই দিনটোৰ স্মৃতিয়ে আজিও আমনি কৰে শ্বাহৰূখ খানক। প্ৰথম দিনাই হেমা মালিনীয়ে শ্বট এটা কেনেকৈ দিব লাগে দেখুৱাই দিছিল। তেওঁ প্ৰথমবাৰৰ বাবে ইনষ্টা লাইভলৈ আহি এই বিষয়ে সকলোকে অৱগত কৰাৰ লগতে তেওঁৰ অনুৰাগীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়া দেখিবলৈ পোৱা যায়।  

ৰোমাণ্টিক নায়ক হিচাপে ৰূপালী পৰ্দাত তেওঁক বহুদিন ধৰি দেখিবলৈ পোৱা নাই অনুৰাগীয়ে। অনুৰাগীৰ প্ৰশ্ন, ‘ৰাহুলক মিছ কৰে নে?’ অভিনেতাৰ  স্পষ্ট উত্তৰ, ‘মই শেষবাৰৰ বাবে ৰাহুল হোৱাৰ কথাও মনত নাই। মই মিছ নকৰো। ৰোমান্টিক ছবি কৰিব পৰাকৈ মোৰ এতিয়া বহুত বয়স হৈছে। এগৰাকী যুৱতী নায়িকাৰ সৈতে এতিয়া নায়কৰ চৰিত্ৰত অভিনয় কৰাটো মোৰ বাবে অলপ আচহুৱা কথা। মই সুখী যে আদিত্য চোপ্ৰা আৰু কৰণ জোহৰে মোক এনে এটা চৰিত্ৰ দিছে। ৰাজ আৰু ৰাহুলৰ চৰিত্ৰত অভিনয় কৰি বৰ আনন্দিত হৈছিলো। মানুহে মোক সেই নামেৰে আজিও মাতে। সেই চৰিত্ৰটোত মোৰ নিশ্চয় কিছু অংশ আছে আৰু থাকিব।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?