--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা  নহয় এইবাৰ পৰিচালক হিচাপে কাম কৰিবলৈ ওলাইছে আৰ মাধৱনে। ইছৰোৰ বিজ্ঞানী তথা এৰোস্পেছ অভিযন্তা নম্বী নাৰায়ণৰ জীৱনৰ সংগ্ৰাম-সফলতাৰ আধাৰত জীৱনীমূলক ছবি নিৰ্মাণ কৰা বুলি জানিবলৈ পোৱা গৈছে। ছবিখনৰ নাম ‘ৰকেট্ৰী: দ্য নাম্বি ইফেক্ট’। ১ জুলাইত মুক্তি পাব ছবিখন। পিছে ছবিখনৰ মুক্তিৰ পূৰ্বে এটা ধৰ্মীয় মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কত লিপ্ত হৈ পৰিছে মাধৱনে।

আচলতে কি কৈছিল মাধৱনে? শেহতীয়াকৈ মাধৱনে ‘ৰকেট্ৰী: দ্য নাম্বি ইফেক্ট’ক লৈ সাংবাদিকৰ মুখামুখি হৈছিল। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মাধৱনে কয়, ‘ইছৰোই হিন্দু কেলেণ্ডাৰ পাঞ্চাঙৰ সহায়ত মংগল গ্ৰহলৈ মহাকাশযান পঠাইছিল।’ মাধৱনৰ এইষাৰ বাক্যক লৈয়ে আৰম্ভ হ’ল তুমুল বিতৰ্কৰ। পলকতে মাধৱনৰ এই মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। লগে লগে মাধৱনক উদ্দেশ্যি ট্ৰ’ল কৰিবলৈ লয় নেটিজেনে।

মাধৱনৰ এই মন্তব্য সন্দৰ্ভত এজন নেটিজেনে লিখিছে, ‘বিজ্ঞানৰ কথা কোৱাটো সহজ নহয়। আপুনি হয়তো নাজানে, কিন্তু আপুনি নজনা কথাবোৰ নোকোৱাই ভাল।’ কোনোবাই আকৌ লিখিছে,  ‘ইছৰোৰ মংগল অভিযানৰ বিষয়ে মাধৱনে কেইমিনিটমান যি কথা ক’লে, তাক অপ্ৰাসংগিক বুলি কোৱাটো ভুল নহ’ব৷ বিজ্ঞানীসকলৰ বিষয়ে এইবোৰ কথা নক’লেই ভাল।’ একাংশই আকৌ, ‘মাধৱনক তেতিঞয়ালৈকেহে ভাল লাগে যেতিয়ালৈকে তেওঁ মুখ নোখোলে।’ স্বাভাৱিকতে, সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাহি আহিছে  এনে কেতবোৰ মন্তব্য।

ইফালে, উল্লেখ্য যে, ‘ৰকেট্ৰী: দ্য নাম্বি ইফেক্ট’ত বিজ্ঞানী নম্বী নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিছে আৰ মাধৱনে । ১ জুলাইত তামিল, তেলেগু, মালয়ালম, কানাড়া আৰু ইংৰাজী ভাষাত মুক্তি পাব ছবিখন। কিন্তু মুক্তিৰ পূৰ্বে ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কই ছবিখনৰ মান নিৰূপণৰ ক্ষেত্ৰত কিদৰে ভূমিকা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু