--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা  নহয় এইবাৰ পৰিচালক হিচাপে কাম কৰিবলৈ ওলাইছে আৰ মাধৱনে। ইছৰোৰ বিজ্ঞানী তথা এৰোস্পেছ অভিযন্তা নম্বী নাৰায়ণৰ জীৱনৰ সংগ্ৰাম-সফলতাৰ আধাৰত জীৱনীমূলক ছবি নিৰ্মাণ কৰা বুলি জানিবলৈ পোৱা গৈছে। ছবিখনৰ নাম ‘ৰকেট্ৰী: দ্য নাম্বি ইফেক্ট’। ১ জুলাইত মুক্তি পাব ছবিখন। পিছে ছবিখনৰ মুক্তিৰ পূৰ্বে এটা ধৰ্মীয় মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কত লিপ্ত হৈ পৰিছে মাধৱনে।

আচলতে কি কৈছিল মাধৱনে? শেহতীয়াকৈ মাধৱনে ‘ৰকেট্ৰী: দ্য নাম্বি ইফেক্ট’ক লৈ সাংবাদিকৰ মুখামুখি হৈছিল। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মাধৱনে কয়, ‘ইছৰোই হিন্দু কেলেণ্ডাৰ পাঞ্চাঙৰ সহায়ত মংগল গ্ৰহলৈ মহাকাশযান পঠাইছিল।’ মাধৱনৰ এইষাৰ বাক্যক লৈয়ে আৰম্ভ হ’ল তুমুল বিতৰ্কৰ। পলকতে মাধৱনৰ এই মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। লগে লগে মাধৱনক উদ্দেশ্যি ট্ৰ’ল কৰিবলৈ লয় নেটিজেনে।

মাধৱনৰ এই মন্তব্য সন্দৰ্ভত এজন নেটিজেনে লিখিছে, ‘বিজ্ঞানৰ কথা কোৱাটো সহজ নহয়। আপুনি হয়তো নাজানে, কিন্তু আপুনি নজনা কথাবোৰ নোকোৱাই ভাল।’ কোনোবাই আকৌ লিখিছে,  ‘ইছৰোৰ মংগল অভিযানৰ বিষয়ে মাধৱনে কেইমিনিটমান যি কথা ক’লে, তাক অপ্ৰাসংগিক বুলি কোৱাটো ভুল নহ’ব৷ বিজ্ঞানীসকলৰ বিষয়ে এইবোৰ কথা নক’লেই ভাল।’ একাংশই আকৌ, ‘মাধৱনক তেতিঞয়ালৈকেহে ভাল লাগে যেতিয়ালৈকে তেওঁ মুখ নোখোলে।’ স্বাভাৱিকতে, সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাহি আহিছে  এনে কেতবোৰ মন্তব্য।

ইফালে, উল্লেখ্য যে, ‘ৰকেট্ৰী: দ্য নাম্বি ইফেক্ট’ত বিজ্ঞানী নম্বী নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিছে আৰ মাধৱনে । ১ জুলাইত তামিল, তেলেগু, মালয়ালম, কানাড়া আৰু ইংৰাজী ভাষাত মুক্তি পাব ছবিখন। কিন্তু মুক্তিৰ পূৰ্বে ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কই ছবিখনৰ মান নিৰূপণৰ ক্ষেত্ৰত কিদৰে ভূমিকা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ