--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি এতিয়ালৈকে বাইক বা গাড়ী চালকৰ পৰা কৰ বা টেক্স সংগ্ৰহ কৰাৰ কথা শুনিছে কিন্তু কেতিয়াবা চাইকেল চলোৱা মানুহৰ পৰাও কৰ সংগ্ৰহ কৰাৰ কথা শুনিছেনে। উত্তৰ প্ৰদেশৰ ঔৰিয়া জিলাত সংঘটিত হৈছে এক আজৱ ঘটনা। উত্তৰ প্ৰদেশৰ Regional Transport Office-এ এজন চাইকেল আৰোহীক ১.৫১ লাখ টকা পথ কৰ পৰিশোধ কৰিবলৈ জাননী প্ৰেৰণ কৰিছে।

এজন ১৭ বছৰীয়া ল'ৰালৈ আহিছে এই জাননী। ল'ৰাজনৰ নাম সুধীৰ চন্দ্ৰ। সুধীৰৰ পিতৃ সুৰেশ চন্দ্ৰই এখন ধৰ্মশালাত চকীদাৰৰ কাম কৰে। তেওঁলোকৰ ঘৰখনত বাইক নাই, গাড়ী নাই। দুই পিতা-পু্ত্ৰই কেৱল চাইকেল চলায়। ইয়াৰ পাছতো তেওঁলোকৰ ঘৰলৈ ১,৫১,১৪০ লাখ টকাৰ পথ কৰ পৰিশোধ কৰিবলৈ জাননী প্ৰেৰণ কৰাত পৰিয়ালটোত হাহাকাৰৰ সৃষ্টি হয়।

সুৰেশ চন্দ্ৰই দুদিন আগতে ডাকযোগে জাননীখন পাইছিল। জাননীখন ইংৰাজীত লিখা বাবে চুবুৰীয়াক জাননীখন পঢ়ি শুনাই বুজাই দিবলৈ কয় সুৰেশ চন্দ্ৰই। চুবুৰীয়াই জাননীখন পঢ়ি বুজাই দিয়ে যে তেওঁৰ ১৭ বছৰীয়া পুত্ৰ সুধীৰক গাড়ী কৰ নিদিয়া বাবে জৰিমনা বিহা হৈছে। জাননীখনে ২০১৪ জুনৰ পৰা ছেপ্টেম্বৰ ২০২১ লৈ মটৰ বাহন কৰ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।

সুৰেশে কৈছিল যে তেওঁৰ ওচৰত কেৱল এখন চাইকেল আছে। পুত্ৰৰ চাইকেলো নাই। প্ৰয়োজন পৰিলে তেওঁৰ চাইকেলখনকে পুত্ৰই চলায়, তেনেস্থলত এনে এখন জাননী তেওঁৰ ঘৰলৈ কিয় আহিল? বিষয়টোৰ সন্দৰ্ভত Regional Transport Officeৰ প্ৰশাসক অশোক কুমাৰক অৱগত কৰোৱা হয়। অশোক কুমাৰে কয় যে এনে হোৱা উচিত নহয়। গোটেই বিষয়টো বিবেচনা কৰা হ'ব আৰু সঠিকভাৱে তদন্ত আগবঢ়াই নিয়া হব। যিয়ে এই ভুল কৰিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।

আৰু পঢ়কঃ আজৱ খবৰ! অসমৰ এখন গাঁৱত ছাগলীয়ে জন্ম দিলে মানুহ আকৃতিৰ পোৱালি


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি