--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি এতিয়ালৈকে বাইক বা গাড়ী চালকৰ পৰা কৰ বা টেক্স সংগ্ৰহ কৰাৰ কথা শুনিছে কিন্তু কেতিয়াবা চাইকেল চলোৱা মানুহৰ পৰাও কৰ সংগ্ৰহ কৰাৰ কথা শুনিছেনে। উত্তৰ প্ৰদেশৰ ঔৰিয়া জিলাত সংঘটিত হৈছে এক আজৱ ঘটনা। উত্তৰ প্ৰদেশৰ Regional Transport Office-এ এজন চাইকেল আৰোহীক ১.৫১ লাখ টকা পথ কৰ পৰিশোধ কৰিবলৈ জাননী প্ৰেৰণ কৰিছে।

এজন ১৭ বছৰীয়া ল'ৰালৈ আহিছে এই জাননী। ল'ৰাজনৰ নাম সুধীৰ চন্দ্ৰ। সুধীৰৰ পিতৃ সুৰেশ চন্দ্ৰই এখন ধৰ্মশালাত চকীদাৰৰ কাম কৰে। তেওঁলোকৰ ঘৰখনত বাইক নাই, গাড়ী নাই। দুই পিতা-পু্ত্ৰই কেৱল চাইকেল চলায়। ইয়াৰ পাছতো তেওঁলোকৰ ঘৰলৈ ১,৫১,১৪০ লাখ টকাৰ পথ কৰ পৰিশোধ কৰিবলৈ জাননী প্ৰেৰণ কৰাত পৰিয়ালটোত হাহাকাৰৰ সৃষ্টি হয়।

সুৰেশ চন্দ্ৰই দুদিন আগতে ডাকযোগে জাননীখন পাইছিল। জাননীখন ইংৰাজীত লিখা বাবে চুবুৰীয়াক জাননীখন পঢ়ি শুনাই বুজাই দিবলৈ কয় সুৰেশ চন্দ্ৰই। চুবুৰীয়াই জাননীখন পঢ়ি বুজাই দিয়ে যে তেওঁৰ ১৭ বছৰীয়া পুত্ৰ সুধীৰক গাড়ী কৰ নিদিয়া বাবে জৰিমনা বিহা হৈছে। জাননীখনে ২০১৪ জুনৰ পৰা ছেপ্টেম্বৰ ২০২১ লৈ মটৰ বাহন কৰ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।

সুৰেশে কৈছিল যে তেওঁৰ ওচৰত কেৱল এখন চাইকেল আছে। পুত্ৰৰ চাইকেলো নাই। প্ৰয়োজন পৰিলে তেওঁৰ চাইকেলখনকে পুত্ৰই চলায়, তেনেস্থলত এনে এখন জাননী তেওঁৰ ঘৰলৈ কিয় আহিল? বিষয়টোৰ সন্দৰ্ভত Regional Transport Officeৰ প্ৰশাসক অশোক কুমাৰক অৱগত কৰোৱা হয়। অশোক কুমাৰে কয় যে এনে হোৱা উচিত নহয়। গোটেই বিষয়টো বিবেচনা কৰা হ'ব আৰু সঠিকভাৱে তদন্ত আগবঢ়াই নিয়া হব। যিয়ে এই ভুল কৰিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।

আৰু পঢ়কঃ আজৱ খবৰ! অসমৰ এখন গাঁৱত ছাগলীয়ে জন্ম দিলে মানুহ আকৃতিৰ পোৱালি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক