--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: চুবুৰীয়া দেশ পাকিস্তানত এতিয়া বানে তাণ্ডৱৰ সৃষ্টি কৰিছে। দেশখনত বৰ্তমানলৈকে ১১৩৬জন বানাক্ৰান্তৰ মৃত্যু হৈছে। বহুলোক এতিয়াও আছে আশ্ৰয় শিবিৰত। আৰ্থিক সংকটে দেখা দিয়া দেশখনৰ প্ৰধানমন্ত্ৰীয়ে বিচাৰিছে সকলোৰে পৰা সহায়ৰ হাত। তেনে সময়ছোৱাত চৰ্চা লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক বিশেষ টুইটে।

 

চুবুৰীয়া ৰাষ্ট্ৰখনৰ শেহতীয়া পৰিস্থিতিক লৈ মোডীয়ে টুইটটোত লিখে,  “পাকিস্তানত শেহতীয়াভাৱে বানে যি তাণ্ডৱৰ সৃষ্টি কৰিছে তাক লৈ মই যথেষ্ট দুখ পাইছো। মই বানাক্ৰান্ত, আঘাটপ্ৰাপ্ত আৰু প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো আৰু শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ কামনা কৰিছো।”

 

একে সময়তে অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ চৰকাৰৰ আবেদনৰ পিছত আন্তঃৰাষ্ট্ৰীয় সাহায্য লাভ কৰিবলৈ আৰম্ভ কৰিছে। সম্প্ৰতি পাকিস্তানৰ বান পৰিস্থিতি অধিক বেয়াৰ দিশে গতি কৰিছে। ৩.৩ কোটি জনসংখ্যা থকা দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় এক সপ্তমাংশই নিজৰ ঘৰ এৰি যাব লগা হৈছে। বানে পাকিস্তানত কিমান ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেইয়া এই পৰিসংখ্যাই স্পষ্ট কৰিছে।

 

ইফালে দেশখনৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰা মূল ৰাষ্ট্ৰীয় সংস্থা ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সোমবাৰে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বানপানীৰ ফলত বৰ্তমানলৈকে আহত হৈছে ১৬৩৪ জন লোক। আনহাতে প্ৰায় ৯,৯২,৮৭১ টা ঘৰ সম্পূৰ্ণ বা আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত লাখ লাখ লোক খাদ্য আৰু বিশুদ্ধ খোৱাপানী আদিৰ পৰা বঞ্চিত হৈছে। ইয়াৰ লগতে প্ৰায় ৭ লাখ ৩৫ হাজাৰ ৩৭৫ লাখ জীৱ-জন্তুও নিৰুদ্দেশ হৈ আছে আৰু অবিৰত বৰষুণৰ ফলত লাখ লাখ একৰ উৰ্বৰ ভূমি পানীত ডুব গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু