--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: চুবুৰীয়া দেশ পাকিস্তানত এতিয়া বানে তাণ্ডৱৰ সৃষ্টি কৰিছে। দেশখনত বৰ্তমানলৈকে ১১৩৬জন বানাক্ৰান্তৰ মৃত্যু হৈছে। বহুলোক এতিয়াও আছে আশ্ৰয় শিবিৰত। আৰ্থিক সংকটে দেখা দিয়া দেশখনৰ প্ৰধানমন্ত্ৰীয়ে বিচাৰিছে সকলোৰে পৰা সহায়ৰ হাত। তেনে সময়ছোৱাত চৰ্চা লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক বিশেষ টুইটে।

 

চুবুৰীয়া ৰাষ্ট্ৰখনৰ শেহতীয়া পৰিস্থিতিক লৈ মোডীয়ে টুইটটোত লিখে,  “পাকিস্তানত শেহতীয়াভাৱে বানে যি তাণ্ডৱৰ সৃষ্টি কৰিছে তাক লৈ মই যথেষ্ট দুখ পাইছো। মই বানাক্ৰান্ত, আঘাটপ্ৰাপ্ত আৰু প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো আৰু শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ কামনা কৰিছো।”

 

একে সময়তে অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ চৰকাৰৰ আবেদনৰ পিছত আন্তঃৰাষ্ট্ৰীয় সাহায্য লাভ কৰিবলৈ আৰম্ভ কৰিছে। সম্প্ৰতি পাকিস্তানৰ বান পৰিস্থিতি অধিক বেয়াৰ দিশে গতি কৰিছে। ৩.৩ কোটি জনসংখ্যা থকা দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় এক সপ্তমাংশই নিজৰ ঘৰ এৰি যাব লগা হৈছে। বানে পাকিস্তানত কিমান ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেইয়া এই পৰিসংখ্যাই স্পষ্ট কৰিছে।

 

ইফালে দেশখনৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰা মূল ৰাষ্ট্ৰীয় সংস্থা ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সোমবাৰে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বানপানীৰ ফলত বৰ্তমানলৈকে আহত হৈছে ১৬৩৪ জন লোক। আনহাতে প্ৰায় ৯,৯২,৮৭১ টা ঘৰ সম্পূৰ্ণ বা আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত লাখ লাখ লোক খাদ্য আৰু বিশুদ্ধ খোৱাপানী আদিৰ পৰা বঞ্চিত হৈছে। ইয়াৰ লগতে প্ৰায় ৭ লাখ ৩৫ হাজাৰ ৩৭৫ লাখ জীৱ-জন্তুও নিৰুদ্দেশ হৈ আছে আৰু অবিৰত বৰষুণৰ ফলত লাখ লাখ একৰ উৰ্বৰ ভূমি পানীত ডুব গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে