--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ অমৰনাথস্থিত পবিত্ৰ গুহা মন্দিৰৰ ওচৰত আজি সন্ধিয়া সংঘটিত হোৱা ভয়াৱহ ডাৱৰ বিস্ফোৰণৰ ফলত ১৫ জন লোক নিহত হয়। তদুপৰি এই দুৰ্যোগৰ ফলত ৪০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি খবৰ পোৱা গৈছে। প্ৰকাশিত খবৰ অনুসৰি সন্ধিয়া প্ৰায় ৫.৩০ বজাত এই ডাৱৰ বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলত গুহা মন্দিৰৰ কাষতে থকা সামূহিক পাকঘৰ আৰু তম্বুবোৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হয়।

এই ভয়াৱহ দুৰ্যোগৰ বিষয়ে জানিব পৰাৰ লগে লগে নিৰাপত্তা বাহিনীৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই উদ্ধাৰ অভিযান আৰম্ভ কৰে। কিন্তু দুৰ্গম ভূখণ্ড তথা বেয়া বতৰৰ বাবে নিশা উদ্ধাৰ প্ৰচেষ্টাত যথেষ্ট বাধাৰ সম্মুখীন হৈছে।

ইফালে জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই এই ঘটনাৰ পাছতে তাৎক্ষণিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। সিনহাৰ জৰিয়তে এই আতংকময় পৰিস্থিতিৰ খবৰ পোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে। ঘটনাসন্দৰ্ভত তেওঁ দুখ প্ৰকাশ কৰি নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় বাহিনী আৰু জম্মু-কাশ্মীৰ প্ৰশাসনক ডাৱৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰৰ বাবে দ্ৰুত অভিযান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী, চমুকৈ আইটিবিপিৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে বৰষুণৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণত বৰ্তমান আছে। বিপদৰ সম্ভাৱনীয়তালৈ লক্ষ্য কৰি অমৰনাথ যাত্ৰা অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে বুলি তেওঁ সদৰি কৰে। অৱশ্যে যদি বতৰ স্বাভাৱিক হহৈপৰে, তেতিয়া শনিবাৰে যাত্ৰা পুনৰ আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ লগতে কয়।

আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে সেনাৰ হেলিকপ্টাৰ সমূহ ব্যৱহাৰ কৰা হৈছে আৰু ইতিমধ্যে উদ্ধাৰ কৰা সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি উদ্ধাৰ অভিযানৰ তদাৰক কৰি থকা আইটিবিপি- ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

উল্লেখ্য যে বেয়া বতৰৰ বাবে এই সপ্তাহৰ আৰম্ভণিতে অমৰনাথ যাত্ৰা কিছুদিনৰ বাবে স্থগিত ৰখা হৈছিল। ক'ভিদৰ বাবে ২ বছৰ অমৰনাথ যাত্ৰা বাতিল হোৱাৰ পিছত যোৱা ৩০ জুনত পুনৰ তীৰ্থযাত্ৰা আৰম্ভ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ