--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ অমৰনাথস্থিত পবিত্ৰ গুহা মন্দিৰৰ ওচৰত আজি সন্ধিয়া সংঘটিত হোৱা ভয়াৱহ ডাৱৰ বিস্ফোৰণৰ ফলত ১৫ জন লোক নিহত হয়। তদুপৰি এই দুৰ্যোগৰ ফলত ৪০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি খবৰ পোৱা গৈছে। প্ৰকাশিত খবৰ অনুসৰি সন্ধিয়া প্ৰায় ৫.৩০ বজাত এই ডাৱৰ বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলত গুহা মন্দিৰৰ কাষতে থকা সামূহিক পাকঘৰ আৰু তম্বুবোৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হয়।

এই ভয়াৱহ দুৰ্যোগৰ বিষয়ে জানিব পৰাৰ লগে লগে নিৰাপত্তা বাহিনীৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই উদ্ধাৰ অভিযান আৰম্ভ কৰে। কিন্তু দুৰ্গম ভূখণ্ড তথা বেয়া বতৰৰ বাবে নিশা উদ্ধাৰ প্ৰচেষ্টাত যথেষ্ট বাধাৰ সম্মুখীন হৈছে।

ইফালে জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই এই ঘটনাৰ পাছতে তাৎক্ষণিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। সিনহাৰ জৰিয়তে এই আতংকময় পৰিস্থিতিৰ খবৰ পোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে। ঘটনাসন্দৰ্ভত তেওঁ দুখ প্ৰকাশ কৰি নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় বাহিনী আৰু জম্মু-কাশ্মীৰ প্ৰশাসনক ডাৱৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰৰ বাবে দ্ৰুত অভিযান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী, চমুকৈ আইটিবিপিৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে বৰষুণৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণত বৰ্তমান আছে। বিপদৰ সম্ভাৱনীয়তালৈ লক্ষ্য কৰি অমৰনাথ যাত্ৰা অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে বুলি তেওঁ সদৰি কৰে। অৱশ্যে যদি বতৰ স্বাভাৱিক হহৈপৰে, তেতিয়া শনিবাৰে যাত্ৰা পুনৰ আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ লগতে কয়।

আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে সেনাৰ হেলিকপ্টাৰ সমূহ ব্যৱহাৰ কৰা হৈছে আৰু ইতিমধ্যে উদ্ধাৰ কৰা সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি উদ্ধাৰ অভিযানৰ তদাৰক কৰি থকা আইটিবিপি- ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

উল্লেখ্য যে বেয়া বতৰৰ বাবে এই সপ্তাহৰ আৰম্ভণিতে অমৰনাথ যাত্ৰা কিছুদিনৰ বাবে স্থগিত ৰখা হৈছিল। ক'ভিদৰ বাবে ২ বছৰ অমৰনাথ যাত্ৰা বাতিল হোৱাৰ পিছত যোৱা ৩০ জুনত পুনৰ তীৰ্থযাত্ৰা আৰম্ভ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে